ETV Bharat / state

শৰ্মা ধৰা পৰিল ! তেজপুৰৰ পৰা পাকিস্তানলৈ হোৱাটছএপত কি পঠিয়াইছিল প্ৰাক্তন বায়ুসেনা বিষয়াই

ধৃত কুলেন্দ্ৰ শৰ্মা তেজপুৰ শালনিবাৰীস্থিত ভাৰতীয় বায়ুসেনাত ৱাৰেণ্ট বিষয়া হিচাবে কৰ্মৰত আছিল ।

IAF officer arrested on Pakistan link
গ্ৰেপ্তাৰ প্ৰাক্তন বায়ুসেনাৰ বিষয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 13, 2025 at 2:21 PM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ : তেজপুৰত গ্ৰেপ্তাৰ প্ৰাক্তন ভাৰতীয় বায়ুসেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়া । বায়ুসেনাৰ এগৰাকী ৱাৰেণ্ট বিষয়া হিচাবে অৱসৰ গ্ৰহণ কৰি শত্ৰু ৰাষ্ট্ৰক তেওঁ যোগান ধৰিছিল প্ৰতিৰক্ষা বিভাগৰ তথ্য । অৱশেষত আৰক্ষীৰ জালত পৰিল বিষয়াগৰাকী । এক নিৰ্ভৰযোগ্য তথ্য়ৰ ভিত্তিত ভাৰতীয় বায়ুসেনাৰ এজন অৱসৰপ্ৰাপ্ত জুনিয়ৰ ৱাৰেণ্ট বিষয়া তেজপুৰৰ কুলেন্দ্ৰ শৰ্মাক পাকিস্তানী চোৰাংচোৱা অভিযানকাৰীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ।

এই তথ্য় সদৰী কৰিছে শোণিতপুৰৰ উপ-আৰক্ষী অধীক্ষক হৰিচৰণ ভূমিজে ৷ উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে এই সন্দৰ্ভত কয়, "প্ৰাথমিক তদন্তৰ পৰা দেখা গৈছে যে অভিযুক্তই ছ’চিয়েল মিডিয়াৰ জৰিয়তে স্পৰ্শকাতৰ নথি-পত্ৰ আৰু তথ্য শ্বেয়াৰ কৰিছিল । তেওঁ মোবাইলৰ জৰিয়তে পাকিস্তানী চোৰাংচোৱাৰ লগত তথ্য আদান-প্ৰদান কৰিছিল । কিমান দিনৰ পৰা এই তথ্য আদান-প্ৰদান কৰিছিল সেই বিষয়ে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ।"

শৰ্মা জালত পৰিল ! (ETV Bharat Assam)

আৰক্ষীয়ে তেওঁৰ লেপটপ আৰু মোবাইল জব্দ কৰে য'ত এনে সম্পৰ্ক সংযোগ কৰা কিছুমান তথ্য লাভ কৰিছে আৰক্ষীয়ে ৷ শোণিতপুৰৰ উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে সামগ্ৰীসমূহ ফৰেনছিক পৰীক্ষালৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে । কিছুমান তথ্য ডিলিট কৰা হৈছে বুলিও আৰক্ষী বিষয়াগৰাকীয়ে কয় । শোণিতপুৰ আৰক্ষীয়ে এই সন্দৰ্ভত তেজপুৰ সদৰ থানাত ভাৰতীয় ন্যায় সংহিতাৰ 147, 148, 152, 238, 61(2) ধাৰাত ৭৮৫/২৫ নম্বৰত তেওঁৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি তেওঁক গ্ৰেপ্তাৰ কৰিছে বুলি স্পষ্ট কৰি দিয়ে ।

IAF officer arrested on Pakistan link
ধৃত বায়ুসেনাৰ প্ৰাক্তন বিষয়া কুলেন্দ্ৰ শৰ্মা (ETV Bharat Assam)

এই সন্দৰ্ভত অধিক তদন্ত চলি আছে আৰু শনিবাৰে তেওঁক আদালতত হাজিৰ কৰোৱা হ’ব ৷ ধৃত কুলেন্দ্ৰ শৰ্মা তেজপুৰ শালনিবাৰীস্থিত ভাৰতীয় বায়ুসেনাত ৱাৰেণ্ট বিষয়া হিচাবে কৰ্মৰত আছিল । তেওঁ বিগত ২০০২ চনত অৱসৰ গ্ৰহণ কৰে । পৰৱৰ্তী সময়ত তেওঁ পুনৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ ইলেকট্ৰ'নিক বিভাগত কৰ্মৰত হৈ অৱসৰ গ্ৰহণ কৰে বুলি উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে । তেওঁৰ ঘৰ তেজপুৰ পতিয়া চুবুৰীত । উপ-আৰক্ষী অধীক্ষক ভূমিজে লগতে কয় ,"পাকিস্তানৰ লগত পোনপটীয়া সংযোগ আছে বুলি কোৱা নাই; কিন্তু চোৰাংচোৱাৰ লগত মোবাইলৰ হোৱাটছএপৰ জৰিয়তে তথ্য প্ৰদান কৰাৰ সংযোগ লাভ কৰা হৈছে আৰু অধিক তথ্য পোহৰলৈ আহিব ।"

আনহাতে তিনিদিন পূৰ্ব তেজপুৰৰ এগৰাকী মহিলাক হাৱালাৰ জৰিয়তে পাকিস্তানৰ লগত সম্পৰ্কৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল । এই ঘটনাৰ লগত যোগসূত্ৰৰ বিষয়ে একো পোৱা নাই বুলি উল্লেখ কৰি উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে কয়,"মহিলাগৰাকীৰ লগত বৰ্তমান কোনো লিংক পোৱা নাই, সেই বিষয়েও অধিক তদন্ত কৰা হ'ব ।"

লগতে পঢ়ক:পাকিস্তানৰ সৈতে লিংক থকাৰ সন্দেহত কাৰাগাৰলৈ প্ৰেৰণ তেজপুৰৰ মহিলাক

চাৰ্জশ্বীট দাখিলৰ দিনাই সিদ্ধাৰ্থ-শ্যামকানু-শেখৰজ্যোতিক ফাঁচি !