ডিমৰীয়া আপৰিকুলা বনাঞ্চলত ৰাজ্যৰ প্ৰথমখন জন্মদিন সেউজ শপত উদ্যান মুকলি
প্ৰতিটো সমষ্টিতেই স্থাপন কৰা হ'ব জন্মদিন সেউজ শপত উদ্যান ।

Published : July 8, 2026 at 12:04 PM IST
সোণাপুৰ : ডিমৰীয়াৰ আপৰিকুলা বনাঞ্চলত ৰাজ্যৰ প্ৰথম "জন্মদিন সেউজ শপত উদ্যান " মুকলি কৰা হয় । ডিমৰীয়াৰ বিধায়কৰ উপস্থিতিত বিত্ত তথা বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই উদ্যানখনৰ শুভাৰম্ভ কৰিলে।
ধৰিত্ৰী আৰু মাতৃভূমিক সেউজীয়া কৰাৰ এক ব্যতিক্ৰমী তথা ঐতিহাসিক সংকল্পৰে ডিমৰীয়াৰ অসম-মেঘালয় সীমান্তৱৰ্তী টোপাতলীৰ আপৰিকুলা সংৰক্ষিত বনাঞ্চলত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় জন্মদিন সেউজ শপত উদ্যান । মঙলবাৰে বিয়লি এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই উদ্যানখনৰ দ্বাৰ মুকলি কৰে । মন্ত্ৰীগৰাকীয়ে লগতে এটা গছপুলি ৰোপণ কৰি শপত বাক্য পাঠ কৰে ।
"আজি 'সেউজ শপত উদ্যান'ত এই গছপুলিটো ৰুই মই মাতৃভূমি আৰু ধৰিত্ৰীক সেউজ কৰাৰ শপত লৈছোঁ। আমি গছ ৰুই যাম,গছক প্ৰতিপালন কৰিম আৰু এনেদৰে ভৱিষ্যত প্ৰজন্মৰ বাবে এখন সেউজ ধৰণী সজাই তুলিম ।" মন্ত্ৰীগৰাকীয়ে এইদৰে শপত বাক্য় পাঠ কৰোৱায় ।
প্ৰতিখন বিধানসভা সমষ্টিতে গঢ়ি উঠিব এনে উদ্যান:
বনমন্ত্ৰীগৰাকীয়ে এই আঁচনিৰ মূল উদ্দেশ্য ব্য়াখ্যা কৰি কয়,"গছ-বন ৰক্ষা কৰাৰ ক্ষেত্ৰত সাধাৰণ মানুহৰ আৱেগক আত্মিকভাৱে জড়িত কৰাৰ বাবেই এই নতুন চিন্তা কৰা হৈছে । কেৱল ডিমৰীয়াতে নহয়, ৰাজ্যৰ প্ৰতিখন বিধানসভা সমষ্টিতে একোখনকৈ "জন্মদিন সেউজ শপত উদ্যান" গঢ়ি তোলা হ’ব ।"
মন্ত্ৰীগৰাকীয়ে পুনৰ কয়, "অহা কাইলৈ মই বিধানসভাৰ সকলো সন্মানীয় বিধায়কলৈ পত্ৰ প্ৰেৰণ কৰিম । তেওঁলোকে নিজ নিজ সমষ্টিত এনে উদ্যানৰ বাবে উপযুক্ত স্থান নিৰ্বাচন কৰিব । জন্মদিনটো সকলোৰে বাবে এটা স্মৰণীয় দিন । এই বিশেষ দিনটোত যদি কোনোবাই এটা গছপুলি ৰোপণ কৰে, তেন্তে তাৰ প্ৰতি এটা সুকীয়া মৰম থাকে আৰু সময়ে সময়ে তেওঁ গছপুলিটোৰ খবৰ ল'ব পাৰিব । এই উদ্যানসমূহ বন বিভাগে সম্পূৰ্ণ প্ৰতিপালন কৰিব; কিন্তু ইয়াৰ সৈতে গছপুলি ৰোপণ কৰাজনৰ আৱেগ আৰু আত্মিক সম্পৰ্ক সদায় জড়িত হৈ থাকিব ।"

এই শুভাৰম্ভণি অনুষ্ঠানত এটি ২ বছৰীয়া শিশুয়েও মন্ত্ৰীগৰাকীৰ সৈতে গছপুলি ৰোপণ কৰে । বিশিষ্ট ব্যক্তিসকলৰ অংশগ্ৰহণ আৰু সেউজ সংকল্প পৰিৱেশ সংৰক্ষণৰ এই উদ্দেশ্যক সাকাৰ ৰূপ দিবলৈ ৰাজ্যৰ কেইবাগৰাকীও জনপ্ৰতিনিধি আৰু বন বিভাগৰ বিষয়া উপস্থিত থাকে। সকলোৱে একোডালকৈ মূল্যৱান গছৰ পুলি ৰোপণ কৰি এই সেউজ যাত্ৰাৰ অংশীদাৰ হয় । অনুষ্ঠানটোত সমষ্টিৰ বিধায়ক ড৹ তপন দাস, এমকে যাদৱো উপস্থিত থাকে ।
কিয় ব্যতিক্ৰমী এই "জন্মদিন সেউজ শপত উদ্যান"প্ৰকৃতি সুৰক্ষা আৰু বৃক্ষৰোপণক কেৱল চৰকাৰী কাৰ্যসূচী কৰি নাৰাখি ইয়াক সাধাৰণ জনতাৰ উৎসৱ বা আৱেগৰ সৈতে সাঙুৰি লোৱাটোৱেই হৈছে এই আঁচনিৰ মূল সৌন্দৰ্য । ইয়াৰ জৰিয়তে স্থানীয় ৰাইজ তথা প্ৰকৃতিপ্ৰেমীসকলক নিজৰ বা আপোনজনৰ জন্মদিনৰ দৰে পবিত্ৰ ক্ষণত বন বিভাগৰ এই উদ্যানলৈ আহি একোডালকৈ গছপুলি ৰোপণ কৰিবলৈ উৎসাহিত কৰা হ'ব ।
ডিমৰীয়াৰ অসম-মেঘালয় সীমান্তৱৰ্তী টোপাতলীৰ আপৰিকুলা সংৰক্ষিত বনাঞ্চলত আৰম্ভ কৰা এই প্ৰকল্পই অনাগত দিনত অঞ্চলটোৰ জৈৱ-বৈচিত্ৰ্য ৰক্ষা কৰাৰ লগতে গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে ভয়াৱহ গোলকীয় সমস্যাৰ বিৰুদ্ধে স্থানীয়ভাৱে যুঁজ দিয়াত এক বৈপ্লৱিক ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে ।
লগতে পঢ়ক:এইবাৰৰ পূৰ্ণাংগ বাজেট কেনে হ'ব? কি ক'লে জয়ন্ত মল্লবৰুৱাই
সংকটত বিহালী অভয়াৰণ্য: অৰুণাচলীৰ আগ্ৰাসন, বনৰক্ষীলৈ গুলীচালনাৰ অভিযোগ

