ETV Bharat / state

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গুলীবিদ্ধ বনকৰ্মী

সতীৰ্থৰ সৈতে কৰ্তব্যৰত অৱস্থাত থকা সময়তে গুলীবিদ্ধ হয় বনকৰ্মী লাহন কাৰ্দং ৷

Forest Guard Injured
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গুলীবিদ্ধ বনকৰ্মী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 26, 2026 at 12:24 PM IST

|

Updated : March 26, 2026 at 2:57 PM IST

2 Min Read
Choose ETV Bharat

কাজিৰঙা (বোকাখাত) : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাজিৰঙা (কহঁৰা) বনাঞ্চলত বৃহস্পতিবাৰে এজন বনকৰ্মী গুলীবিদ্ধ হয় ৷ আহত বনকৰ্মীজন লাহন কাৰ্দং বুলি জানিব পৰা হৈছে ৷ আনদিনাৰ দৰেই সতীৰ্থসকলৰ সৈতে বনকৰ্মী লাহন কাৰ্দং কৰ্তব্যৰত অৱস্থাত থকা সময়তে সংঘটিত হয় এই শোকাবহ ঘটনাটো ৷ গৰৈমাৰী বনশিবিৰত ‘পেট্ৰলিঙ’ কৰি বেঙা বনশিবিৰৰ পিনে আহি থকা সময়তে পিচল পৰি দুৰ্ঘটনাবশত বনকৰ্মী লাহন কাৰ্দং গুলীবিদ্ধ হয় ৷

কাজিৰঙা (কহঁৰা) বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিভূতি ৰঞ্জন গগৈয়ে কয়, “কাজিৰঙা বনাঞ্চলৰ অন্তৰ্গত গৰৈমাৰী বনশিবিৰত কৰ্মৰত লাহন কাৰ্দং নামৰ এজন দ্বিতীয় এ এফ পি এফৰ কনিষ্টবলৰ আজি ‘এক্সিডেণ্টেলি’ এটা ফায়াৰিং হোৱাত তেওঁৰ ভৰিত আঘাতপ্ৰাপ্ত হৈছে ৷ তেওঁৰ নিজৰ যিটো ছাৰ্ভিছ ৰাইফল আছিল তাৰপৰা গুলী গৈ তেওঁৰ সোঁ ভৰিত আঘাত কৰিছে ৷”

কাজিৰঙা (কহঁৰা) বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিভূতি ৰঞ্জন গগৈ (ETV Bharat Assam)

বনবিষয়া গগৈয়ে পুনৰ কয়, "কাজিৰঙা বনাঞ্চলৰ গৰৈমাৰী বনশিবিৰত আছিল আৰু তেওঁলোক ‘পেট্ৰলিঙ’ কৰি ওলাই আহি আছিল বেঙা বনশিবিৰৰ পিনে ৷ আহি থকা অৱস্থাতে পিচল খাই পৰাত এটা ‘এক্সিডেণ্টেল ফায়াৰিং’ হ’ল, য’ত তেওঁ ভৰিত আঘাত পায় ৷”

Forest Guard Injured
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গুলীবিদ্ধ বনকৰ্মী (ETV Bharat Assam)

আহত বনকৰ্মী লাহন কাৰ্দঙক বনবিভাগৰ লোকে ততাতৈয়াকৈ শ্বহীদ বেজা ৱৈষ্ণৱ আদৰ্শ কহঁৰা চিকিৎসালয়ত ভৰ্তি কৰে বুলি জানিব দি বনবিষয়া গগৈয়ে কয় যে, আহত লাহন কাৰ্দঙক চিকিৎসকে উন্নত চিকিৎসাৰ বাবে জে এম চি এইছলৈ প্ৰেৰণ কৰিছে ৷ বনকৰ্মীজন সম্প্ৰতি সুস্থিৰ অৱস্থাত আছে বুলিও জনাইছে কাজিৰঙা (কহঁৰা) বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিভূতি ৰঞ্জন গগৈয়ে ৷

লগতে পঢ়ক :

ডিব্ৰুগড়ত গৰজি উঠিল বনকৰ্মীৰ বন্দুক

Last Updated : March 26, 2026 at 2:57 PM IST