ETV Bharat / state

লুটুমাৰীৰ ছয় হাজাৰ বিঘা ভূমি পুনৰ সেউজ হ'ব, পুৱাৰে পৰাই চলিছে বুলড'জাৰ

বৃহৎ ভূমিয়ে পুনৰ লাভ কৰিব অৰণ্যৰ মৰ্যাদা । বেদখলমুক্ত কৰি বৃক্ষ ৰোপণৰ পৰিকল্পনা বন বিভাগৰ ।

Forest Department plans to clear the Lutumari forest area of encroachments and plant trees
নগাঁৱৰ ৬ হাজাৰ বিঘা ভূমিত আৰম্ভ উচ্ছেদ অভিযান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 29, 2025 at 1:12 PM IST

4 Min Read
Choose ETV Bharat

নগাঁও: বছৰ বছৰ ধৰি জনাঞ্চললৈ পৰিণত হোৱা বিশাল বনাঞ্চলৰ ভূমিয়ে পুনৰ লাভ কৰিব অৰণ্যৰ মৰ্যাদা । নগাঁৱৰ কামপুৰৰ লুটুমাৰী বনাঞ্চলৰ বিশাল ভূমিত অৱশেষত চলিল প্ৰশাসনৰ এক্সকেভেটৰ । লুটুমাৰী বনাঞ্চলৰ প্ৰায় ৬ হাজাৰ বিঘা ভূমি বেদখলমুক্ত কৰি পুনৰ অৰণ্যৰ মৰ্যাদা দিবলৈ পৰিকল্পনা হাতত লৈছে ৰাজ্যৰ বন বিভাগে ।

১৯১৯ চনতে সংৰক্ষিত বনাঞ্চলৰ স্বীকৃতি লাভ কৰা লুটুমাৰী বনাঞ্চলত একাংশ লোকে পৰৱৰ্তী সময়ত বেদখল কৰি বনাঞ্চলক পৰিণত কৰিছিল জনাঞ্চললৈ । কিন্তু বেদখল কৰা ভূমি বেদখলমুক্ত কৰিবলৈ তৎপৰ হোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ নিৰ্দেশ অনুসৰিয়েই ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱৰ কামপুৰৰ লুটুমাৰী বনাঞ্চলৰ ৬ হাজাৰ বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ তিনিমাহ পূৰ্বেই জাননী জাৰি কৰাৰ পাছত নগাঁও জিলা প্ৰশাসনে শনিবাৰৰ পৰা আৰম্ভ কৰিছে উচ্ছেদ অভিযান ।

নগাঁৱৰ ৬ হাজাৰ বিঘা ভূমিত আৰম্ভ উচ্ছেদ অভিযান (ETV Bharat Assam)

উচ্ছেদ অভিযান আৰম্ভ কৰাৰ পূৰ্বেই নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই লুটুমাৰীত উপস্থিত হৈ সকলোকে স্বেচ্ছাই চৰকাৰী ভূমি এৰিবলৈ আহ্বান জনোৱাৰ পাছত প্ৰায় ৭০ শতাংশ পৰিয়াল স্বেচ্ছাই বেদখল কৰা ভূমি ত্যাগ কৰি অন্য স্থানলৈ আঁতৰি গৈছে । বাকী থকা ৩০ শতাংশ পৰিয়ালক উচ্ছেদৰ বাবে জিলা প্ৰশাসনে এক্সকেভেটৰ ব্যৱহাৰ কৰিবলগীয়া হৈছে ।

কিদৰে চলিছে উচ্ছেদ প্ৰক্ৰিয়া:

লুটুমাৰী বনাঞ্চলৰ প্ৰায় ৬ হাজাৰ বিঘা ভূমিত ঘৰ, তামোল বাৰী সাজি বসবাস কৰি থকা প্ৰায় ১৫ শ পৰিয়ালক বনাঞ্চলৰ ভূমিৰ পৰা আঁতৰাই পঠিওৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে বন বিভাগৰ লগতে জিলা প্ৰশাসনে । বনাঞ্চলৰ ভূমি বেদখল কৰা প্ৰায় ১৫ শ পৰিয়ালৰ ৭০ শতাংশ পৰিয়ালেই জিলা আয়ুক্তৰ আহ্বান ৰক্ষা কৰি স্বেচ্ছাই বেদখলমুক্ত কৰি দিয়া বুলি উল্লেখ কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই । বাকী থকা ৩০ শতাংশ পৰিয়ালৰ বাবে এক্সকেভেটৰ ব্যৱহাৰ কৰাৰ লগতে যাবতীয় ব্যৱস্থা কৰা বুলিও জনাই জিলা আয়ুক্তগৰাকীয়ে ।

উচ্ছেদ সন্দৰ্ভত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ই টিভি ভাৰতক কয়, "লুটুমাৰী বনাঞ্চলৰ প্ৰায় ৬ হাজাৰ বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ আমি উচ্ছেদ অভিযান আৰম্ভ কৰিছোঁ । আজি পুৱাৰ পৰা উচ্ছেদ অভিযান আৰম্ভ কৰিছোঁ যদিও কাইলৈৰ ভিতৰত ৬ হাজাৰ বিঘা ভূমি সম্পূৰ্ণ বেদখলমুক্ত কৰিবলৈ সক্ষম হ'ম ।"

তেওঁ আৰু কয়, "এইসকল লোকেও যথেষ্ট সঁহাৰি জনাইছে আৰু শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান চলি আছে । অৱশ্যে এটা দুষ্ট চক্ৰই উচ্চ ন্যায়ালয়ৰ নামত ভুৱা কিছু নথি দেখুৱাই একাংশ লোকৰ পৰা প্ৰৱঞ্চনাৰে ধন সংগ্ৰহ কৰি আছে । ইয়াৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।"

কোনে সংগ্ৰহ কৰিছে ধন:

নগাঁৱৰ লুটুমাৰী বনাঞ্চলৰ ভূমিত বেদখল কৰি থকা একাংশ পৰিয়ালৰ পৰা ভুৱা নথি দেখুৱাই ধন সংগ্ৰহ কৰাৰ অভিযোগত আৰক্ষীৰ জালত পৰিছে দুজনকৈ লোক । এই সন্দৰ্ভত নগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই কয়, "লুটুমাৰী বনাঞ্চলৰ ভূমি বেদখল কৰা একাংশ পৰিয়ালৰ পৰা উৰিয়ামঘাটৰ কিছু নথি এগৰাকী অধিবক্তাৰ জৰিয়তে দেখুৱাই ধন সংগ্ৰহ কৰাৰ অভিযোগত ইতিমধ্যেই দুজনকৈ লোকক আটক কৰা হৈছে ।"

ডেকাই কয়, "এই অঞ্চলৰে আব্দুল আৱাল আৰু ইউজুছ আলী নামৰ লোক দুজনে কলিতা উপাধিৰ এগৰাকী অধিবক্তাৰ জৰিয়তে নথি দেখুৱাই ধন সংগ্ৰহ কৰাৰ অভিযোগত দুয়োজনকে ইতিমধ্যে আটক কৰি জেৰা চলাই থকা হৈছে । দুয়োজনকে গ্ৰেপ্তাৰ কৰা হ’ব । উচ্ছেদ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱেই চলি আছে যদিও উচ্ছেদ অভিযানত এহেজাৰৰো অধিক নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে ।

Forest Department plans to clear the Lutumari forest area of encroachments and plant trees
লুটুমাৰী বনাঞ্চল বেদখলমুক্ত কৰাৰ উদ্দেশ্যৰে উচ্ছেদ অভিযান (ETV Bharat Assam)

লুটুমাৰীয়ে পুনৰ লাভ কৰিব অৰণ্যৰ মৰ্যাদা:

লুটুমাৰী বনাঞ্চলৰ ৬ হাজাৰ বিঘা ভূমিত উচ্ছেদ চলোৱা সন্দৰ্ভত বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱে কয়, "লুটুমাৰীৰ বৃহৎ বনভূমি বেদখলমুক্ত হোৱাৰ পাছতেই নগাঁৱত হোৱা হাতী-মানুহৰ সংঘাত বহু পৰিমাণে ৰোধ হ’ব । লুটুমাৰীত পুনৰ বৃক্ষ ৰোপণ কৰি অৰণ্যলৈ ৰূপান্তৰিত কৰা হ’ব ।”

উল্লেখযোগ্য যে, নগাঁৱৰ কামপুৰৰ লুটুমাৰীত বনভূমি বেদখল কৰি থকা প্ৰায় ডেৰ হাজাৰ পৰিয়ালৰ ৭০ শতাংশই স্বেচ্ছাই স্থান ত্যাগ কৰাৰ পাছত বাকী ৩০ শতাংশ পৰিয়ালৰ লগতে বিশাল তামোলবাৰী উচ্ছেদ কৰাৰ বাবে শনিবাৰৰ দিনটোৰ উপৰিও আৰু এটা দিনৰ প্ৰয়োজন হ’ব । উচ্ছেদৰ বাবে প্ৰায় ৫০ খন এক্সেভেটৰ ব্যৱহাৰ কৰা বুলিও জনাই জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ।

লগতে পঢ়ক: গৈছিল সুস্থ হোৱাৰ আশাৰে, ঘূৰি আহিল প্ৰদীপৰ নিথৰ দেহাটোহে

মুখ্যমন্ত্ৰীক ১০০ বছৰ কাৰাবন্দী কৰি ৰাখিব লাগে: কাৰামুক্ত হৈয়েই আমিনুল ইছলামৰ বিস্ফোৰণ