পুনৰ চলিব নেকি উচ্ছেদ, কিহৰ বাবে কৰিছে জৰীপ ?
আকৌ উচ্ছেদৰ আতংকই খেদিছে উৰিয়ামঘাটৰ কেইবাটাও অঞ্চলৰ ৰাইজক । চলিছে কেইবাখনো গাঁৱত জৰীপ ।

Published : November 26, 2025 at 8:31 PM IST
সৰুপথাৰ: অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত বন বিভাগে চলাইছে পুনৰ জৰীপ । উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ উচ্ছেদৰ পিছত পুনৰ জৰীপ চলাক লৈ বৃদ্ধি পাইছে উচ্ছেদৰ সম্ভাৱনা । বুধবাৰে উৰিয়ামঘাটৰ সোণালী নগৰত চলিল জৰীপ । ইয়াৰোপৰি সোনালী নগৰ, পানজান, চালুকপথাৰ আৰু দুৰ্গাপুৰত জৰীপ হোৱাৰ সম্ভাৱনা ।
এহেজাৰ বিঘা ভূমিকৈ অধিক ভূমি উচ্ছেদ হোৱাৰ সম্ভাৱনা । যদিও বৰ্তমানলৈ বন বিভাগৰ তৰফৰ পৰা কোনো উচ্ছেদৰ জাননী জাৰি কৰা নাই, তথাপি সোণালী নগৰ গাঁৱৰ ৰাইজ শংকিত পৰা পৰিলক্ষিত হৈছে । জৰীপ হোৱাৰ পিছতেই উচ্ছেদ হোৱাৰ সম্ভাৱনা কৰিছে স্থানীয় লোকসকলে । বুধবাৰৰ পৰা আৰম্ভ হোৱা জৰীপ কাৰ্যই তৃতীয় পৰ্যায়ৰ উচ্ছেদৰ ইংগিত বহন কৰিছে বুলি মত প্ৰকাশ কৰে একাংশ স্থানীয় লোকে ।
এই সন্দৰ্ভত এগৰাকী স্থানীয় লোকে কয়,"আমি ইয়াত ১৯৭৯ চনৰ পৰাই আছোঁ । সেই সময়তেই নগাৰ গণ্ডগোলত ৰিলিফ পাইছিলোঁ, ৰিলিফৰ প্ৰমাণ পত্ৰ আছে । মাজতে উচ্ছেদ চলিছিল, সেই সময়ছোৱাত সোণালীনগৰ গাঁৱৰ নাম ওলাইছিল যদিও পিছত একো নোহোৱাত আমি ভালকৈ আছিলোঁ । আজি হঠাৎ শুনিছো জৰীপ চলিছে । জৰীপৰ যোগেদি উচ্ছেদৰ আশংকা কৰিছোঁ । মোৰ জন্ম ইয়াত, কিন্তু দেউতাহঁত নগাঁৱৰ পৰা আহিছিল ।"

আন এগৰাকী স্থানীয় লোকে কয়,"১৯৭৭ চনৰ পৰা ইয়াত বসবাস কৰি আছোঁ । সেই সময়ৰ নগাৰ গণ্ডগোলত আমি ওলাই গৈছিলোঁ যদিও পিছত চৰকাৰে ৰিলিফ দিছিল তেতিয়াৰে পৰাই ইয়াতেই আছোঁ । এতিয়া জৰীপ চলাইছে, হঠাৎ যদি উচ্ছেদৰ জাননী দিয়া হ'ব তেতিয়া কি কৰিম ? আমি উচ্ছেদৰ আশংকা কৰিছোঁ । সেই সময়ৰ নগাৰ গণ্ডগোলৰ সময়ত পোৱা ৰিলিফৰ প্ৰমাণ পত্ৰ এইখন চাওঁক । লগতে চাওঁক আমি যে অসমৰ বাসিন্দা, গোলাঘাট জিলাৰ ভোটাৰ তালিকাৰ প্ৰমাণ পত্ৰ ।"

জৰীপ চলোৱা ঘৰৰ এগৰাকী মহিলাই কয়,"আজি জৰীপ চলাওঁতে সুধিছে যে আধাৰ কাৰ্ডখন দিয়ক । আমি সুধিছো কিবা উচ্ছেদ চলিব নেকি? তেওঁলোকে কৈছে আমি নাজানো । এতিয়া যদি উচ্ছেদ চলে আমি যাম ক'ত ? আমাৰ বয়স ৫৫ মানেই হ'ল । ল'ৰা-ছোৱালীয়ে বিয়া পাতিলে, নাতি-নাতিনী দেখিলোঁ । আমি মৰিলে ইয়াতেই মৰিম । আমাক মাৰিয়েই পেলাওক । আমাৰ যাবলৈ ক'তো ঠাই নাই ।"
অসম-নাগালেণ্ড সীমান্তৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ সমাপ্ত হোৱাৰ পিছতেই এতিয়া পুনৰ বন বিভাগে জৰীপ চলাইছে । পুনৰ উচ্ছেদ হোৱাৰ সম্ভাৱনা যদিও এতিয়ালৈকে কোনো ধৰণৰ জাননী জাৰি কৰা নাই ।

