যোৰহাটত বন সংমণ্ডলৰ ফৰেষ্টাৰ মণ্টু হাজৰিকাক তাৎক্ষণিকভাৱে নিলম্বন
অৱৈধভাবে বালি গাড়ী পাৰ ধন সংগ্ৰহৰ অভিযোগত যোৰহাট বনবিভাগৰ বনবিষয়া মন্টু হাজৰিকাক তৎক্ষণিকভাৱে নিলম্বন ৷

Published : July 5, 2026 at 4:10 PM IST
যোৰহাট /গুৱাহাটী : বনবিভাগৰ ফৰেষ্টাৰ মন্টু হাজৰিকাৰ ফোনক'ল ভাইৰেল হোৱাৰ পাছতে যোৰহাটৰ ফৰেষ্টাৰ মন্টু হাজৰিকাক তাৎক্ষণিকভাৱে নিলম্বন । বনমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি যোৰহাট বনবিভাগৰ বনবিষয়া মন্টু হাজৰিকাক তৎক্ষণিকভাৱে নিলম্বনৰ কৰা হৈছে ।
উল্লেখ্য যে সামাজিক মাধ্যমত যোৰহাট বন সংমণ্ডলৰ বনবিষয়া মন্টু হাজৰিকাই বালি ব্যৱসায়ী লগত মিতাৰালি কৰি অবৈধভাৱে বালি গাড়ী পাৰ ধন সংগ্ৰহৰ এক কথোপকথনৰ ভাইৰেল হৈছিল, তাৰ পাছতে বিভাগীয় মন্ত্ৰীয়ে তৎক্ষণিকভাবে কাৰ্যকৰী হোৱাকৈ বিভাগক ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে ৷

বনমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিয়েই অনিয়মৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰিছিল জয়ন্তমল্ল বৰুৱাই ৷ ইফালে ৰাজ্যত অবৈধ কাঠফলা মিল আৰু চোৰাং কাঠৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিছিল মন্ত্ৰীয়ে সেই সময়তে বনবিষয়া মন্টু হাজৰিকাৰ ধন সংগ্ৰহৰ অডিঅ' ভাইৰেল হৈ পৰিছিল ৷ ভাইৰেল অডিঅ’ ক্লিপটো মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে অভিযুক্ত বনকৰ্মীজনৰ বিৰুদ্ধে তৎকালীনভাৱে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগক নিৰ্দেশ প্ৰদান কৰে ।

উল্লেখ্য যে, প্ৰবীণ প্ৰাণ শইকীয়া নামৰ যুৱকজনৰ পৰা প্ৰতিখন গাড়ীৰ বিনিময়ত দুই হাজাৰ টকাকৈ দাবী কৰিছিল বন বিষয়াজনে । জব্দ কৰিছিল প্ৰবীণ প্ৰাণৰ দুখনকৈ গাড়ী আৰু বনবিষয়াগৰাকীয়ে ভয়-ভাবুকি দিছিল যুৱকজনক । বিষয়াজনে দৰ-দাম কৰিবলৈ যুৱকজনক কাৰ্যালয়লৈ মাতিছিল হাজৰিকাই ।
অডিঅ' ক্লিপৰ কথোপকথনত প্ৰকাশ পাইছিল প্ৰতিখন গাড়ীৰ বাবদ পূৰ্বৰে পৰা বনবিষয়াগৰাকীয়ে ধন লৈ থকাৰ কথা । এই ঘটনা পোহৰলৈ অহাৰ পাছতে বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই গ্ৰহণ কৰে এই কঠোৰ স্থিতি।
উল্লেখ্য যে বিগত সময়তো যোৰহাটৰ এগৰাকী ৰেঞ্জাৰে অবৈধ কাঠফলা মিলৰ ব্যৱসায়ী পৰা অবৈধভাৱে ধন লৈ থকা অৱস্থাতে মুখ্যমন্ত্ৰী দুৰ্নীতি নিৰ্বাৰক শাখাই গ্ৰেপ্তাৰ কৰিছিল ৰেঞ্জাৰক ৷
লগতে পঢ়ক: গাৰ্ড অৱ অনাৰেৰে বিদায় দিলে কাজিৰঙাৰ সাহসী 'জয়মালা'ক

