কেমেৰাত নহয়, বিদেশী পৰ্যটকৰ তুলিকাত বন্দী মাজুলীৰ মুখা
চামগুৰি সত্ৰৰ শিল্পীৰ মুখা ভাওনা প্ৰদৰ্শনত মুগ্ধ বিদেশী পৰ্যটক ।

Published : December 5, 2025 at 1:42 PM IST
মাজুলী : যান্ত্ৰিকতাৰ যুগতো যেতিয়া কেমেৰাৰ লেন্সতকৈ শিল্পীৰ তুলিকাৰ আদৰ বেছি হয়, তেতিয়াই সৃষ্টি হয় এক অনবদ্য মুহূৰ্তৰ । মাজুলীৰ টুনি নৈৰ পাৰতো ঠিক তেনে এক দৃশ্যই আপ্লুত কৰিলে স্থানীয় ৰাইজৰ । এফালে চামগুৰি সত্ৰৰ শিল্পীৰ খোলৰ চেও আৰু মুখা ভাওনাৰ প্ৰদৰ্শন আৰু আনফালে দৰ্শকৰ শাৰীত বহি এগৰাকী বিদেশী পৰ্যটকে নীৰৱে অংকন কৰি গ’ল সেই মুখাসমূহৰ জীৱন্ত প্ৰতিচ্ছবি ।
টুনিৰ পাৰত কলাৰ দুখন ভিন ভিন জগত একাকাৰ হ’ল । বিদেশী পৰ্যটকৰ তুলিকাত বন্দী হোৱা মাজুলীৰ এই ছবিয়ে পুনৰবাৰ প্ৰমাণ কৰিলে যে মাজুলী কেৱল এটা দ্বীপ নহয়, ই এক অনুভৱ, যি বিশ্ববাসীক বাৰে বাৰে হাতবাউলি মাতে ।
কেমেৰাৰ ক্লিকতকৈ তেওঁৰ পেন্সিলৰ আঁচোৰত ফুটি উঠিল মাজুলীৰ সংস্কৃতিৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা । ইংলেণ্ডৰ পৰা অহা ২৩ জনীয়া এই পৰ্যটকৰ দলটোৱে টুনি নৈৰ পাৰৰ মুকলি পৰিৱেশত উপভোগ কৰিলে চামগুৰি সত্ৰৰ মুখা ভাওনা । সাত সাগৰৰ সিপাৰৰ পৰা আহি মাজুলীৰ মাটিত ভৰি দি তেওঁলোক যেন মন্ত্ৰমুগ্ধ । কেৱল প্ৰকৃতিয়েই নহয়, অসমীয়া মানুহৰ সৰলতা আৰু মৰমিয়াল ব্যৱহাৰে তেওঁলোকৰ মন জয় কৰিলে ।


এই সন্দৰ্ভত এগৰাকী বিদেশী প্ৰৰ্যটকে কয়, "অসম সঁচাকৈয়ে অপূৰ্ব । ইয়াত প্ৰথমবাৰ আহি মানুহৰ মৰমিয়াল ব্যৱহাৰ আৰু আতিথ্যত মই মুগ্ধ । আজিৰ দিনটো আমাৰ বাবে অতি বিশেষ ।" মাজুলীৰ এই চহকী কলা-সংস্কৃতিয়ে তেওঁলোকক মনত পেলাই দিলে সুদূৰ ইংলেণ্ডৰ ইতিহাস । এই দলটোৰ আন এজন সদস্যই টুনি নৈৰ পাৰৰ এই অভিজ্ঞতাক অবিশ্বাস্য বুলি অভিহিত কৰে । তেওঁ মাজুলীৰ মুখাশিল্পক ইংলেণ্ডৰ মধ্যযুগীয় কলাৰ সৈতে তুলনা কৰি ইয়াৰ ভূয়সী প্ৰশংসা কৰি কয়,"নদীৰ পাৰৰ এই পৰিৱেশ অবিশ্বাস্য । আমাৰ ইংলেণ্ডতো মধ্যযুগীয় কলা-সংস্কৃতিৰ ইতিহাস আছে; কিন্তু ইয়াত তাৰ এক বেলেগ ধৰণৰ ৰূপ দেখিবলৈ পোৱাটো আমাৰ বাবে এক বৰ্ণাব নোৱৰা অভিজ্ঞতা ।"

