ETV Bharat / state

বৰাকৰ আকাশত উৰিল সাৰংগ হেলিকপ্টাৰ

বৰাক উপত্যকাত প্ৰথমবাৰৰ বাবে এয়াৰ শ্ব' । সাৰংগ দলে কৰিলে দুঃসাহসিক প্ৰদৰ্শন ।

For the first time, the Sarang display team air show performed in Barak Valley
বৰাকৰ আকাশত উৰিল সাৰংগ হেলিকপ্টাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 16, 2025 at 1:52 PM IST

2 Min Read
Choose ETV Bharat

শিলচৰ : ভাৰতীয় বায়ুসেনাৰ বিশেষ প্ৰদৰ্শনীমূলক হেলিকপ্টাৰ দল 'সাৰংগ'-এ প্ৰথমবাৰৰ বাবে পূৰ্ণাংগ এয়াৰ শ্ব' প্ৰদৰ্শন কৰে বৰাক উপত্যকাত । বায়ুসেনাৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি আন্তঃজাতিক তথা আন্তঃৰাজ্যৰ সীমান্ত অঞ্চলত এনে প্ৰদৰ্শন কৌশলগতভাৱে অত্যন্ত গুৰুত্বপূৰ্ণ । ভাৰতীয় বায়ুসেনাৰ ৯৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা অনুষ্ঠানসমূহৰ ভিতৰত এই এয়াৰ শ্ব' এটা অংশ আছিল । যি ৯ নৱেম্বৰত গুৱাহাটীত আৰম্ভ হৈছিল ।

সাৰংগ বিশ্বৰ একমাত্ৰ পাঁচ সদস্যৰ সামৰিক হেলিকপ্টাৰ প্ৰদৰ্শনী দল । যি সম্পূৰ্ণৰূপে দেশীয় প্ৰযুক্তিৰে তৈয়াৰ কৰা অত্যাধুনিক পাতল হেলিকপ্টাৰ । শিলচৰত অনুষ্ঠিত হোৱা এয়াৰ শ্ব'ৰ নেতৃত্ব দিয়ে স্কোৱাডেন লিডাৰ নিশান্ত আওয়াস্থী, স্কোৱাডেন লিডাৰ গকুল তথা ফ্লাইট লেফ্টেনেণ্ট পল্লৱী সাংওৱানে । দলটোৱে তামিলনাডুৰ পৰা উৰা মাৰি এই অনুষ্ঠানত অংশগ্ৰহণ কৰে । সাৰংগ দলে এয়াৰ শ্ব' কৰাৰ উপৰিও দেশৰ বিভিন্ন সময়ত সংঘটিত হোৱা প্ৰাকৃতিক দুৰ্যোগৰো মোকাবিলা কৰাৰ লগতে উদ্ধাৰ কাৰ্যতো অংশগ্ৰহণ কৰে ।

বৰাকৰ আকাশত উৰিল সাৰংগ হেলিকপ্টাৰ (ETV Bharat Assam)

অসমত প্ৰতিবছৰে প্ৰবল বান তথা ভূমিস্খলনৰ ঘটনা সংঘটিত হয় । এজন পাইলটে কয়, "এনে প্ৰেক্ষাপটত বৰাক উপত্যকাত এনে প্ৰদৰ্শন বিশেষ তাৎপর্যপূর্ণ । কাৰণ বাৰিষা কালত এই অঞ্চলৰ প্ৰায়বোৰ পথ তথা ৰে'ল যোগাযোগ বিচ্ছিন্ন হৈ পৰে । আমাৰ দেশৰ বিভিন্ন প্ৰান্তত বহু উদ্ধাৰ অভিযানত অংশ লৈছো । এই অঞ্চলৰো যথেষ্ট তাৎপর্য আছে । কিয়নো বাৰিষা ইয়াতো প্ৰবল বান তথা ভূমিস্খলনৰ ঘটনা সংঘটিত হয় । কুম্ভীৰগ্ৰামত অৱস্থিত ভাৰতীয় বায়ুসেনাৰ ঘাটিত অনুষ্ঠিত এই প্ৰদৰ্শনীত পাঁচখন হেলিকপ্টাৰে দুঃসাহসিক এৰ'বেটিক কৌশল প্ৰদৰ্শন কৰে ।

ইণ্ডিয়া ফৰমেশ্যন, ডাইমণ্ড ফৰমেশ্যন, ডলফিন ড্ৰাইভ, হাৰ্ট ফৰমেশ্যন তথা দলৰ বিশেষ প্ৰদৰ্শন সাৰংগ স্প্লিট প্ৰদৰ্শন কৰে । ফ্লাইট লেফ্টেনেণ্ট পল্লৱী সাংওয়ানে কয়, "প্ৰতিটো প্ৰদৰ্শনৰে পৃথক পৃথক অৰ্থ আছে, যাৰ মাধ্যমৰে জাতিপ্ৰেম, ভাৰতপ্ৰেম, ভাৰতৰ আত্মনিৰ্ভৰতাৰ বাৰ্তা তথা ভাৰতীয় বায়ুসেনাৰ সাহস আৰু নিপুনতা প্ৰদৰ্শিত কৰা হয় ।"

কাছাৰ জিলাৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েও এই এয়াৰ শ্ব' উপভোগ কৰে । এয়াৰ শ্ব'ৰ পিছত তেওঁলোকে পাইলটসকলৰ সৈতে বাৰ্তালাপ কৰে । তেওঁলোক এই প্ৰদৰ্শনীৰ জৰিয়তে ভৱিষ্যতে সশস্ত্ৰ বাহিনীত যোগদান কৰাৰ অনুপ্ৰেৰণা লাভ কৰে বুলি মত প্ৰকাশ কৰে ।

লগতে পঢ়ক: বায়ুসেনাৰ বিশেষ এয়াৰ শ্ব', দৃষ্টিনন্দন পৰিৱেশৰ সাক্ষী হ'ল গুৱাহাটী