চিলা উৰুওৱা উৎসৱত ৰং-বিৰঙী চিলাৰে ভৰিছে নীলা আকাশ
মৰিগাঁও হাবিবৰঙাবাৰীৰ আকাশত ৰঙীন মেলা ৷ ঐতিহাসিক গোসাঁই উলিওৱা উৎসৱৰ লগত সংগতি প্ৰথমবাৰলৈ চিলা উৰুওৱা উৎসৱৰ আয়োজন ৷

Published : May 11, 2026 at 4:03 PM IST
মৰিগাঁও: আকাশত উৰিছে ৰং-বিৰঙী চিলা, যেন আকাশত ৰঙীণ মেলাহে পতিছে ৷ কি ডেকা, কি বুঢ়া- সকলো আহিছে চিলা উৰুৱাবলৈ ৷ মনত অপাৰ আনন্দ ৷ কণমানি শিশুটোৰ পৰা আদি কৰি জ্যেষ্ঠজনলৈকে সকলোৰে হাতত আছে ৰঙীণ চিলা ৷
আচলতে, আধুনিক যান্ত্ৰিকতাৰ যুগত সৰু-বৰ ল’ৰা-ছোৱালীৰ পৰা আদি কৰি ডেকাজনলৈকে আজিকালি সকলো ব্যস্ত থাকে ম’বাইল অথবা অন্যান্য ইলেক্ট্ৰনিক সামগ্ৰীত ৷ খেলপথাৰত খেলা অতীতৰ খেলবোৰ যেন আজি পাহৰণিৰ গৰ্ভত পৰিছে ৷ বিলুপ্তিৰ পথত থকা শৈশৱৰ সেই বিশেষ আমেজক পুনৰুজ্জীৱিত কৰাৰ বাবে মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰীত এক অভিনৱ প্ৰয়াস দেখা যায় ৷
এখন বা দুখন নহয়, দেওবাৰে হাবিবৰঙাবাৰীৰ আকাশত একেলগে উৰিল শ শ ৰং-বিৰঙী চিলা । ঐতিহাসিক ‘গোসাঁই উলিওৱা উৎসৱ’ আৰু এই উৎসৱৰ লগতে সংগতি ৰাখি স্থানীয় ‘লুইতজ্যোতি যুৱক সংঘ’ই আয়োজন কৰে এক আকৰ্ষণীয় চিলা উৰুওৱা প্ৰতিযোগিতা । হাতত লেটাই আৰু চিলালৈ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ উবুৰি খাই পৰে অঞ্চলটোৰ ৰাইজ ।

এগাৰকী আয়োজকে এই চিলা উৰুওৱা উৎসৱ সন্দৰ্ভত কয়, ‘‘এইবাৰ প্ৰথমবাৰৰ বাবে হাবিবৰঙাবাৰীত আয়োজন কৰা হয় এই চিলা উৰুওৱা প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাত অঞ্চলটোৰ বহু ৰাইজে অংশগ্ৰহণ কৰিছে ৷ একেখন আকাশৰ তলত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে উৎসাহ যোগোৱা এই দৃশ্যই অঞ্চলটোত এক অনন্য একতা আৰু সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে ।’’
উল্লেখ্য যে, লুইতজ্যোতি যুৱক সংঘৰ উদ্যোগত অঞ্চলটোত প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই উৎসৱে আকাশখনক এক ৰঙীন কেনভাচলৈ ৰূপান্তৰিত কৰে । এই অনুষ্ঠানত সভাপতিত্ব কৰে হাবিবৰঙাবাৰী গাঁও পঞ্চায়তৰ সভাপতি দীপাংকৰ হাজৰিকাই ।

