ৰে'ল বিভাগৰ হঠকাৰী কাৰ্য: পকিবলৈ ধৰা ধাননি পথাৰত এৰিলে পানী
কৃত্ৰিম বানত বুৰ গ’ল পকিবলৈ ধৰা ধানৰ পথাৰখন ৷ পানীত বুৰ গৈ থকা পথাৰখন দেখি হাহাকাৰ একাংশ খেতিয়কৰ ৷

Published : November 14, 2025 at 7:21 PM IST
জোনাই: এতিয়া ৰাজ্যৰ চৌদিশে ধাননি পথাৰবোৰে হালধীয়া বৰণ ধৰিবলৈ আৰম্ভ কৰিছে । কৃষকৰ সপোনৰ ফচলে সোণালী বৰণ ধৰাৰ সময় । সোণগুটি চপাবৰ বাবে হেঁপাহেৰে অপেক্ষা কৰি আছে কৃষকে । কিন্তু তাৰ মাজতে এইসকল কৃষকক মাধমাৰ শোধাইছে হঠাৎ অহা কৃত্ৰিম বানে । যাৰ বাবে এতিয়া পক ধৰা ধানবোৰ পথাৰত পানীৰ ওপৰত হালি-জালি পৰিছে ।
কৃত্ৰিম বানত বুৰ গ’ল পকিবলৈ ধৰা ধানৰ পথাৰখন ৷ পানীত বুৰ গৈ থকা ধাননি পথাৰখন দেখি এতিয়া হাহাকাৰ সৃষ্টি হৈছে একাংশ খেতিয়কৰ মাজত ৷ জোনাইৰ ১নং মূৰ্কংচেলেক পথাৰত এতিয়া এনেকুৱাই অৱস্থা ৷ ৰে’ল বিভাগে মূৰ্কংচেলেক ৰে’ল ষ্টেচনৰ পৰা পাচিঘাটলৈ ১নং মূৰ্কংচেলেক পথাৰৰ মাজেদি নিৰ্মাণ কৰি থকা ৰে’লপথটোৱে মাতিছে বিপদ ।
নিৰ্মাণকাৰী সংস্থাৰ কৰ্মচাৰী-অভিন্তাই মইমতালিৰে এখন পকী দলঙৰ নিৰ্মাণস্থলীত জমা হৈ থকা পানী খেতিয়কৰ অজ্ঞাতে পকিবলৈ ধৰা ধাননি পথাৰত মেচিনেৰে উলিয়াই দিয়াত হাউলি থকা ধানবোৰ পানীত বুৰ গৈছে । যাৰ ফলত পকিবলৈ ধৰা ধানবোৰ গেলি যোৱাৰ আশংকাত চিন্তিত হৈ পৰিছে খেতিয়কসকল ৷ সেয়ে ৰে’লপথ নিৰ্মাণকাৰী সংস্থাটোৱে ইয়াৰ সম্পূৰ্ণ ক্ষতিপূৰণ দিব লাগিব বুলি দাবী জনাইছে খেতিৰ গৰাকীসকলে ৷

এই সন্দৰ্ভত ভুক্তভোগী কৃষকে কয়, "...ইহঁতে আমাক নোসোধাকৈ পানী মাৰিলে । আগতে আমাক সুধি ল'ব লাগিছিল । কাৰ মাটি হয়, মাটিৰ মালিকক সুধি পানী মাৰিলে আমাৰ আজি ধানখিনি নষ্ট নহ'লহেতেন ৷ ধান পকো পকো অৱস্থা । এনেকুৱা সময়ত ৰে'ল বিভাগে অন্যায় কৰিছে, তাৰ কাৰণে মনটো ইমান দুখ লাগিছে ক'ব পৰা নাই । ইয়াৰ কাৰণে যিমান ধান লোকচান হ'ব তাৰ বিনিময় ৰে'ল বিভাগে আমাক দিব লাগিব ।"

