ETV Bharat / state

লোকপিয়ল ২০২৭: মাষ্টাৰ প্ৰশিক্ষকৰ প্ৰশিক্ষণ সম্পূৰ্ণ, ক্ষেত্ৰ প্ৰশিক্ষকক দিব প্ৰশিক্ষণ

লোকপিয়লত অসমত ৮০ হাজাৰৰো অধিক গণনাকাৰী বিষয়াক নিযুক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে । ইতিমধ্যে এই বিষয়াসকলক প্ৰশিক্ষণ দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে ।

CENSUS 2027
আগষ্টৰ পৰা ৰাজ্যজুৰি লোকপিয়লৰ প্ৰাথমিক কাম-কাজ আৰম্ভ হ’ব (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 12, 2026 at 8:23 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী: সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ হৈছে লোকপিয়লৰ কাম-কাজৰ প্ৰক্ৰিয়া । আগষ্টৰ পৰা ৰাজ্যজুৰি লোকপিয়লৰ প্ৰাথমিক কাম-কাজ আৰম্ভ হ’ব । ৰাজ্যিক লোকপিয়ল সঞ্চালকালয়ে অসমতো লোকপিয়ল আৰম্ভ কৰিবলৈ সাজু হৈছে । এইবাৰৰ লোকপিয়লত অসমত ৮০ হাজাৰৰো অধিক গণনাকাৰী বিষয়াক নিযুক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে । ইতিমধ্যে এই বিষয়াসকলক প্ৰশিক্ষণ দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে ।

আগষ্টৰ পৰা লোকপিয়লৰ কাম আৰম্ভ হ'ব আৰু গণনাকাৰী বিষয়াসকল ঘৰে ঘৰে যাব । ইয়াৰ বাবে গুৱাহাটীৰ লালমাটিস্থিত ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানত প্ৰথম পৰ্যায়ৰ লোকপিয়ল ২০২৭ হাউছলিষ্টিং অপাৰেশ্যনৰ(এইচএলঅ’) বাবে চাৰিদিনীয়াকৈ আয়োজন কৰা আৱাসিক মাষ্টাৰ ট্ৰেইনাৰ্ছ প্ৰশিক্ষণ কাৰ্যসূচীৰ শুকুৰবাৰে সামৰণি পৰে ।

CENSUS 2027
বিষয়াসকলক প্ৰশিক্ষণ দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে (ETV Bharat Assam)

৯-১২ জুনলৈ অসমৰ লোকপিয়ল পৰিচালনা সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত বিভিন্ন জিলাৰ ৪৪ জন বিষয়া আৰু লোকপিয়ল পৰিচালনা সঞ্চালকলয় অসমৰ ১৫ জন বিষয়াকে ধৰি মুঠ ৫৯ জন মাষ্টাৰ ট্ৰেইনাৰক প্ৰশিক্ষণ প্ৰদান কৰা হয় । এই প্ৰশিক্ষকসকলে পৰৱৰ্তী সময়ত ১,১০৯ জন সংশ্লিষ্ট জিলাৰ ক্ষেত্ৰ প্ৰশিক্ষকক প্ৰশিক্ষণ প্ৰদান কৰিব ।

অসমত ২০২৭ চনৰ লোকপিয়লৰ ফলপ্ৰসূ পৰিচালনাৰ বাবে সমগ্ৰ ৰাজ্যজুৰি ৮৩,৫৩৫ জন গণনাকাৰী আৰু তত্বাৱধায়কক অধিক প্ৰশিক্ষণ প্ৰদান কৰিব । এই প্ৰশিক্ষণ কাৰ্যসূচীত লোকপিয়লৰ ধাৰণা আৰু সংজ্ঞা, ক্ষেত্ৰ পদ্ধতি, তত্বাৱধান ব্যৱস্থাকে ধৰি হাউছলিষ্টিং আৰু হাউছিং লোকপিয়লৰ কাৰ্য-কলাপৰ মূল দিশসমূহ সামৰি লোৱা হৈছিল । ক্ষেত্ৰ ভ্ৰমণ, প্ৰদৰ্শন, গোট আলোচনা আৰু মক প্ৰশিক্ষণ ছেছনৰ জৰিয়তে ব্যৱহাৰিক অনুশীলনো অনুষ্ঠিত কৰা হৈছিল । যাতে অংশগ্ৰহণকাৰীসকলৰ কেছকেডিং প্ৰশিক্ষণ কাৰ্যসূচী প্ৰদান কৰাৰ ক্ষমতা শক্তিশালী হয় ।

CENSUS 2027
অসমতো আৰম্ভ হৈছে লোকপিয়লৰ কাম-কাজৰ প্ৰক্ৰিয়া (ETV Bharat Assam)

এই প্ৰশিক্ষণ কাৰ্যসূচীৰ বিভিন্ন ছেছনৰ নেতৃত্বত চাৰিজন ৰাষ্ট্ৰীয় প্ৰশিক্ষক ক্ৰমে লোকপিয়ল পৰিচালনা সঞ্চালকালয়, অসমৰ যুটীয়া সঞ্চালক বিকাশ নাথ আৰু সহকাৰী সঞ্চালক নয়নমণি গগৈয়ে অংশগ্ৰহণ কৰাৰ লগতে অৰুণাচল প্ৰদেশৰ লোকপিয়ল পৰিচালনা সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক উৎপল শৰ্মা আৰু অৰুণাচল প্ৰদেশৰ লোকপিয়ল পৰিচালনা সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক চফিখুৰ ৰহমানে অংশগ্ৰহণ কৰে ।

এই প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি অসমৰ লোকপিয়ল পৰিচালনা সঞ্চালক তথা মুখ্য প্ৰধান লোকপিয়ল বিষয়া বিশ্বজিৎ পেগুৱে অংশগ্ৰহণকাৰী প্ৰশিক্ষকসকলক অভিনন্দন জনাই সমগ্ৰ ৰাজ্যতে উচ্চমানৰ আৰু একেধৰণৰ প্ৰশিক্ষণ নিশ্চিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব বুলি অৱগত কৰে । তেওঁ লগতে লোকপিয়লৰ গুৰুত্ব আৰোপ কৰি শুদ্ধতা আৰু পেছাদাৰিতাৰ উচ্চতম মানদণ্ড বজাই ৰাখি ক্ষেত্ৰ পৰ্যায়ৰ প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰিবলৈ আহ্বান জনায় ।

CENSUS 2027
মাষ্টাৰ প্ৰশিক্ষকৰ প্ৰশিক্ষণ সম্পূৰ্ণ (ETV Bharat Assam)

আনহাতে, ৰাজ্য চৰকাৰৰ লোকপিয়ল ২০২৭ ৰ ন’ডেল বিষয়া তথা অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ অতিৰিক্ত সচিব পাৰ্থ পেগুৱে অংশগ্ৰহণকাৰীসকলক নিষ্ঠা আৰু অধ্যৱসায়েৰে নিজৰ দায়িত্ব পালন কৰিবলৈ উৎসাহিত কৰে । ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ ফেকাল্টি মেম্বাৰ এএছএছ দেৱানেও অংশগ্ৰহণকাৰীসকলক লোকপিয়লৰ সফল পৰিচালনাৰ বাবে সমন্বয় আৰু দলীয় কামৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি ভাষণ প্ৰদান কৰে । তেওঁলোকৰ দিহা-পৰামৰ্শ আৰু উৎসাহে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ তাৎপৰ্য বৃদ্ধি কৰাৰ লগতে অংশগ্ৰহণকাৰীসকলক আগন্তুক কামৰ বাবে প্ৰেৰণা যোগাব বুলি তেওঁ আশা প্ৰকাশ কৰে । লোকপিয়ল সঞ্চালকালয় অসমৰ উপ-মহাপঞ্জীয়ক ভাৰতী চন্দা আৰু যুটীয়া সঞ্চালক ড৹ নিজৰা শৰ্মা সামৰণি অনুষ্ঠানত উপস্থিত আছিল । সামৰণি অনুষ্ঠানৰ সময়ত সকলো অংশগ্ৰহণকাৰীকে সফলতাৰে সম্পূৰ্ণ কৰাৰ প্ৰমাণপত্ৰ বিতৰণ কৰা হয় ৷

অংশগ্ৰহণকাৰীসকলে প্ৰশিক্ষণ কাৰ্যসূচীৰ ব্যাপক আৰু পাৰস্পৰিক প্ৰকৃতিৰ বাবে প্ৰশংসা প্ৰকাশ কৰাৰ লগতে বিশেষকৈ ব্যৱহাৰিক অধিবেশন আৰু ডিজিটেল প্ৰয়োগৰ সৈতে হাতে-কামে পৰিচিত হোৱাৰ বাবে আগন্তুক দিনত ক্ষেত্ৰ পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰশিক্ষণ প্ৰদান কৰাত যথেষ্ট সহায়ক হ’ব বুলি মতপ্ৰকাশ কৰে ।

উল্লেখ্য যে, ঘৰে ঘৰে গৈ বিষয়াসকলে গৃহ গণনাৰ কাম প্ৰথম পৰ্যায়ত ছেপ্টেম্বৰত সম্পন্ন কৰিব । গণনাকাৰী বিষয়াৰ দলসমূহে ঘৰে ঘৰে গৈ নাগৰিকসকলৰ তথ্য সংগ্ৰহ কৰিব । ইয়াৰ পাছত ফেব্ৰুৱাৰী মাহৰ পৰা হ’ব জাতি গণনাৰ কাম । দেশৰ অন্যান্য প্রান্তত ইতিমধ্যে পহিলা এপ্ৰিলৰ পৰা লোকপিয়ল আৰম্ভ হৈছে যদিও বিধানসভা নির্বাচনৰ পৰিপ্ৰেক্ষিতত অসমত এই প্ৰক্ৰিয়া পলমকৈ আৰম্ভ হৈছে । এইবাৰ জনগণনাৰ উপৰি সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি গৃহ পিয়লো অন্তৰ্ভুক্ত কৰা হৈছে । প্ৰথমবাৰৰ বাবে লোকপিয়লৰ কাম ডিজিটেল প্রক্রিয়াতো হ’ব । সেই অনুসৰি, দুই আগষ্টত ম’বাইল প’ৰ্টেল মুকলি হোৱাৰ পাছত জনতাই নিজেই প’ৰ্টেলত লগ ইন কৰি পৰিয়ালৰ সদস্য, ঘৰ, শিক্ষা, জীৱিকা আদি তথ্য নিজেই দাখিল কৰিব পাৰিব । এই প্ৰক্ৰিয়া পোন্ধৰ দিন ধৰি চলাৰ পাছত অর্থাৎ আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ উক্ত তথ্যসমূহ পৰীক্ষা কৰিব ৷

২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা প্ৰায় ৩.২৯ কোটি আছিল । সেই সময়ছোৱাত ৰাজ্যখনত মুছলমান জনসংখ্যাৰ হাৰ আছিল প্ৰায় ৩৪ শতাংশ । ২০১১ চনৰ পাছত এয়াই হৈছে দেশৰ আটাইতকৈ ডাঙৰ জনসংখ্যা গণনা প্ৰক্ৰিয়া ।

লগতে পঢ়ক: ৬ জুলাইৰ পৰা ষষ্ঠদশ অসম বিধানসভাৰ বাজেট অধিৱেশন: শনিবাৰে তৃতীয়খন কেবিনেট বৈঠক