ETV Bharat / state

মধ্যাহ্ন ভোজনৰ পাছতে অসুস্থ ৫০ৰো অধিক শিক্ষাৰ্থী, মঙলদৈত হুৱাদুৱা পৰিৱেশ

দৰঙৰ ২নং বাঘপৰি গান্ধী স্মৃতি প্ৰাথমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি ৷

FOOD POISONING IN MANGALDAI
মধ্যাহ্ন ভোজনৰ পাছতে অসুস্থ ৫০ৰো অধিক শিক্ষাৰ্থী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 11, 2026 at 5:30 PM IST

2 Min Read
Choose ETV Bharat

মঙলদৈ: সোমবাৰে দুপৰীয়াৰ ভাগত হঠাৎ হুৱাদুৱা লাগিল দৰঙৰ ২নং বাঘপৰি গান্ধী স্মৃতি প্ৰাথমিক বিদ্যালয়ত ৷ বিদ্যালয়খনৰ প্ৰায় ৫০ৰো অধিক শিক্ষাৰ্থী হঠাৎ অসুস্থ পৰে ৷ ঘটনাৰ বিবৰণি অনুসৰি, মধ্যাহ্ন ভোজনৰ পাছতে হঠাৎ পেটৰ বিষ, বমি আৰম্ভ হয় বিদ্যালয়খনৰ প্ৰায় ৫০ গৰাকীৰো অধিক শিক্ষাৰ্থীৰ ৷ লগে লগে এক হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয় বিদ্যালয়খনৰ চৌহদত ৷ ইফালে স্থানীয় ৰাইজৰ তৎপৰতাত অসুস্থ শিক্ষাৰ্থীসকলক ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

আনহাতে, বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ ভুলৰ বাবে খাদ্য বিষক্ৰিয়াৰ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজ, ভুক্তভোগী শিক্ষাৰ্থীৰ অভিভাৱকে ৷ যাৰ বাবে বিদ্যালয়খনত উত্তপ্ত পৰিস্থিতৰ সৃষ্টি হয় ৷ পৰৱৰ্তী সময়ত আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছতে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ৷

মধ্যাহ্ন ভোজনৰ পাছতে অসুস্থ ৫০ৰো অধিক শিক্ষাৰ্থী (ETV Bharat Assam)

ঘটনা সন্দৰ্ভত এগৰাকী অভিভাৱকে কয়, "বিদ্যালয়খনত প্ৰায় ১২ মান বজাত মধ্যাহ্ন ভোজন দিয়া হৈছিল শিক্ষাৰ্থীক ৷ মধ্যাহ্ন ভোজনত দাইল আৰু ভাত দিছিল বিদ্যালয় কৰ্তৃপক্ষই ৷ সেয়া খোৱাৰ পাছতে শিক্ষাৰ্থীসকলৰ পেটৰ বিষ আৰু বমি আৰম্ভ হয় ৷ তাৰ পিছতে হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয় । অভিভাৱকসকলে তৎক্ষণিকভাবে শিক্ষাৰ্থীসকলক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ নিয়ে ৷ বৰ্তমানলৈকে চিকিৎসা প্ৰদান কৰি থকা হৈছে অসুস্থ শিক্ষাৰ্থীসকল ।"

তেওঁ লগতে কয়,"বৰ্তমানলৈকে ৫০ গৰাকীৰো অধিক ছাত্ৰ-ছাত্ৰীক চিকিৎসালয়লৈ অনা হৈছে । ছাত্ৰ-ছাত্ৰীসকলে কৈছে মধ্যাহ্ন ভোজনত দিয়া দাইলত অস্বাভাৱিক তিতা পোৱা গৈছিল । সেই দাইল খোৱাৰ পাছতে পেটৰ বিষ, বমি আৰম্ভ হয় শিক্ষাৰ্থীৰ মাজত ৷"

ইফালে মঙলদৈ অসামৰিক চিকিৎসালয়ত উচিত চিকিৎসা নোপোৱাৰ অভিযোগ উত্থাপন কৰি অভিভাৱক এগৰাকীয়ে কয়, "মাত্ৰ দুজন চিকিৎসকে চিকিৎসা চলাই আছে ৷ ইয়াত উপযুক্ত চিকিৎসক নাই আৰু উপযুক্ত সুবিধা নাই ৰোগীৰ বাবে ।"

লগতে পঢ়ক:চিলা উৰুওৱা উৎসৱত ৰং-বিৰঙী চিলাৰে ভৰিছে নীলা আকাশ