ETV Bharat / state

পৰম্পৰা ৰক্ষা কৰি মহোহো পালন কৰিলে নামনিৰ ৰাইজে

নলবাৰী, কামৰূপকে ধৰি কেইবাখনো জিলাত আঘোণৰ পূৰ্ণিমাৰ দিনটোত পালন কৰা দেখা গ'ল পৰম্পৰাগত মহোহো বা মহ খেদা উৎসৱ ।

Lower Assam Mohoho festival
পৰম্পৰা ৰক্ষা কৰি মহোহো পালন কৰিলে নামনিৰ ৰাইজে (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 5, 2025 at 11:06 AM IST

4 Min Read
Choose ETV Bharat

নলবাৰী/মিৰ্জা : নামনি অসমৰ বিভিন্ন স্থানত প্ৰচলিত এক লোকউৎসৱ হৈছে মহোহো বা মহ খেদা । "মহোহো মহোহো, মহ খেদবা টাকোন লৌ..." এনেধৰণৰ ধেমেলীয়া অথচ মাৰ্জিত আশীৰ্বাদসূচক গীতেৰে আঘোণ মাহৰ পূৰ্ণিমাৰ নিশা অতীজৰে পৰা পালন কৰা হৈ আহিছে এই মহ খেদা উৎসৱ । আঘোণৰ ফৰিংফুটা জোনাক নিশা মহ খেদা গীতেৰে মুখৰিত হৈ পৰে নামনি অসমৰ বিভিন্ন অঞ্চল । এইবাৰো ব্যতিক্ৰম নহ'ল । বহু স্থানত এতিয়া পূৰ্বৰ পৰম্পৰা নাই যদিও একাংশ লোকে কিছু নতুনত্ব আনি হ'লেও এই পৰম্পৰা ৰক্ষাৰ চেষ্টা কৰিছে ।

আচলতে অবিভক্ত কামৰূপ জিলাৰ লগতে সমগ্ৰ নামনি অসমতে আঘোণৰ পূৰ্ণিমাৰ দিনা মহোহো উৎসৱ পালন কৰা হয় । নলবাৰী জিলাৰো বিভিন্ন প্ৰান্তত পৰম্পৰা ৰক্ষা কৰি একাংশ লোকে পালন কৰিলে মহোহো উৎসৱ । বৃহস্পতিবাৰে নিশা ঘৰে ঘৰে কণ কণ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে মহ খেদিব যায় । নৱপ্ৰজন্মক উৎসাহ দিয়াৰ উদ্দেশ্যে নলবাৰীৰ টিহু সাংস্কৃতিক কলা পৰিষদৰ উদ্যোগতো নগৰখনৰ বিভিন্ন স্থানত উপস্থিত হৈ মহোহো বা মহ খেদা উৎসৱ পালন কৰিলে স্থানীয় লোকসকলে । মহোহো গীত গাই শেষত দলটোৱে গৃহস্থৰ কুশল কামনা কৰি হৰিধ্বনি দিয়ে । পৰিয়ালৰ লোকে প্ৰণাম জনাই দলটোক বিদায় দিয়ে ।

পৰম্পৰা ৰক্ষা কৰি মহোহো পালন কৰিলে নামনিৰ ৰাইজে (ETV Bharat)

ইফালে নলবাৰীত এই মহোহো উৎসৱত প্ৰাক্তন মন্ত্ৰী তথা বি টি চিৰ পৰিষদীয় সদস্য ৰেখাৰাণী দাসবড়োকো অংশগ্ৰহণ কৰা দেখা গ'ল ।

এই লোকসংস্কৃতিৰ সংৰক্ষণত সহযোগ কৰি প্ৰাক্তন মন্ত্ৰী ৰেখাৰাণী দাসবড়োৱে কয়, "আজিৰ এই লোকসংস্কৃতিৰ ইতিহাস আছে । মহোহো উৎসৱৰ যি ইতিহাস, আঘোণ মাহৰ পূৰ্ণিমা তিথিৰ ইতিহাসো জড়িত হৈ আছে । আজিৰ দিনটো এক পবিত্ৰ পূৰ্ণিমাৰ দিন । আজিৰ দিনটোতেই মহ খেদাৰ লগে লগে অসমীয়া মানুহে ভঁড়াল ঘৰত পথাৰৰ শস্য জমা কৰাৰ ইতিহাস আছে । এনে সংস্কৃতিৰ বিষয়ে নৱ-প্ৰজন্মৰ মাজত পৰিচয় কৰি দিব ওলোৱাৰ বাবে টিহু সাংস্কৃতিক কলা পৰিষদ তথা উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ ।"

Lower Assam Mohoho festival
মহ খেদাৰ পৰম্পৰা ৰক্ষা কৰিলে প্ৰাক্তন মন্ত্ৰী ৰেখাৰাণী দাস বড়োৱে (ETV Bharat)

তেওঁ লগতে কয়, "পুৰণিক বাদ দি আমাৰ বৰ্তমান তিষ্ঠি নাথাকে । আমি সকলোৱে পুৰণি পৰম্পৰাক লগত লৈ বৰ্তমান আৰু ভৱিষ্যতত আগুৱাই যাব লাগিব । কলা-সংস্কৃতিক সকলোৱে সন্মান জনাব লাগিব । নতুন প্ৰজন্মক এই সম্পৰ্কে আমি অৱগত কৰাব লাগিব । নৱ প্ৰজন্মক আজিৰ দিনটোৰ পৰাই মহ খেদি নতুন ধান চপাই, নতুনৰ এসাঁজ খাই আমি সকলোৱে শক্তি বৃদ্ধি কৰি, সকলোৱে মিলাপ্ৰীতিৰে থাকিব লাগিব । তেতিয়াহে আমি এখন সমৃদ্ধিশালী সমাজ , সমৃদ্ধিশালী গাঁও এখন গঢ়িব পাৰিম । আজিৰ এই অনুষ্ঠানৰ পৰা মই এয়াই বাৰ্তা প্ৰেৰণ কৰিম ।"

দক্ষিণ কামৰূপত মহোহো উৎসৱ পালন (ETV Bharat)

আনহাতে উদ্যোক্তা সমিতি তথা টিহু সাংস্কৃতিক কলা পৰিষদেও বিগত ১৪ বছৰৰ পৰাই নামনি অসমৰ এই ঐতিহ্য, পৰম্পৰাক পালন কৰি অসমৰ বিভিন্ন ক্ষেত্ৰত ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি আহিছে বুলি অৱগত কৰে ।

নলবাৰী চহৰৰ 'স্বাস্থ্যই পৰম ধন' নামৰ এটি বেচৰকাৰী সংস্থাই চহৰৰ মাজমজিয়াত নামনি অসমৰ অন্যতম লোকসংস্কৃতি মহোহো উৎসৱক জীয়াই ৰখাৰ প্ৰয়াসেৰে ওলাই আহে । মহোহো গীত গাই অভিনয়ৰ মাজেৰে পালন কৰে মহোহো উৎসৱ ।

Lower Assam Mohoho festival
প্ৰতীকীভাৱে ভালুক নিৰ্মাণ কৰি মহোহো গীত পৰিৱেশন (ETV Bharat)

নামনি অসমৰ আন আন প্ৰান্ততো একেই দৃশ্য দেখা গ'ল । গ্ৰামাঞ্চলত বিশেষকৈ এই উৎসৱৰ আয়োজন দেখা গৈছে । অৱশ্যে ঠাইভেদে মহোহো গীত কিছু কিছু পৃথক হয় । কিন্তু উদ্দেশ্য সদায় এটাই । আঘোণৰ পূৰ্ণিমাৰ নিশা দক্ষিণ কামৰূপতো পৰম্পৰা ৰক্ষা কৰি বিভিন্নজনে পালন কৰিলে মহোহো উৎসৱ । কৃষিভিত্তিক এই উৎসৱ সন্ধিয়াৰ পৰা ওৰে নিশা উদযাপন কৰা দেখা গ'ল । পথাৰৰ পৰা সোণগুটি চপাই অনাৰ পিছতেই এই উৎসৱটি উদযাপন কৰে দক্ষিণ কামৰূপৰ ৰাইজে ।

Lower Assam Mohoho festival
নামনি অসমৰ পৰম্পৰাগত মহোহো বা মহ খেদা পৰ্ব (ETV Bharat)

গাঁৱৰ ডেকা-বুঢ়াই লগ লাগি গৃহস্থৰ চোতালে-চোতালে গৈ গীত গাই এই পৰম্পৰা ৰক্ষা কৰে । নান্দনিক পৰম্পৰা আৰু ঐতিহ্যৰে সমৃদ্ধ এই মহ খেদা উৎসৱে আঘোণৰ পূৰ্ণিমাৰ নিশাটো যেন অনন্য কৰি তুলিলে । কলৰ ঢকুৱাৰে প্ৰতীকী ৰূপত এজন মানুহক ভালুক সজাই লোৱা হয় । তাৰ পিছত সকলোৱে গৃহস্থৰ চোতালত অপায়-অমঙ্গল দূৰ কৰাৰ কাৰণে গীত-নৃত্যৰে এই উৎসৱটি উদযাপন কৰে ।

লগতে পঢ়ক :নামনি অসমৰ লোক উৎসৱ মহোহো; এই উৎসৱ কেনেকৈ পালন কৰা হয় ?