ETV Bharat / state

জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰি আবেগিক লোকশিল্পী পদ্মশ্ৰী পখিলা লেকথেপী

সোণাপুৰ শতদল শাখা সাহিত্য সভাৰ চৌহদত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰা হয় ।

Zubeen Garg statue unveiled in Sonapur
সোণাপুৰত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 2, 2026 at 1:16 PM IST

3 Min Read
Choose ETV Bharat

সোণাপুৰ : কামৰূপ জিলাৰ সোণাপুৰ শতদল শাখা সাহিত্য সভাৰ চৌহদত আবেগিক পৰিৱেশ । অসমীয়াৰ প্ৰাণৰ শিল্পী প্রয়াত জুবিন গাৰ্গক স্মৰণ কৰি আবেগিক হৈ পৰিল বিশিষ্ট লোকশিল্পী পদ্মশ্ৰী পখিলা লেকথেপী । সোণাপুৰ শতদল শাখা সাহিত্য সভাৰ চৌহদত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰি আবেগিক হৈ পৰে লোকশিল্পীগৰাকী । প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ কামনা কৰে পদ্মশ্ৰী পখিলা লেকথেপীয়ে ।

তেওঁ কয়, "জুবিন মোৰ অতি প্ৰিয় ভাতৃ আছিল আৰু তেওঁ মোক বাইদেউ হিচাপে বহুত মৰম কৰিছিল । আজি এনেকুৱা লাগিছে যেন মই কিবা এটা বহুত ডাঙৰ কাম কৰিলোঁ । জুবিনৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰিবলৈ পাই মই ধন্য হৈছোঁ ।" স্মৃতি ৰোমন্থন কৰাৰ মাজতে পদ্মশ্ৰী পখিলা লেকথেপীয়ে শিল্পীগৰাকীৰ কেইবাটাও গীত পৰিৱেশন কৰি উপস্থিত ৰাইজক আবেগিক কৰি তোলে । লোকশিল্পীগৰাকীয়ে লগতে কয়, "তেওঁ আমাৰ মাজত সদায় জীয়াই থাকিব । জুবিন গাৰ্গৰ আত্মা সদায় অসমীয়াৰ মাজত জিলিকি থাকিব ।"

জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰি আবেগিক লোকশিল্পী পদ্মশ্ৰী পখিলা লেকথেপী (ETV Bharat)

তেওঁ বিশ্বাস কৰে যে শিল্পীগৰাকী শাৰীৰিকভাৱে আঁতৰি গ'লেও তেওঁৰ সৃষ্টিৰ মাজেৰে তেওঁ সদায় আমাক আগুৱাই নিব । শিল্পীগৰাকীয়ে লগতে কয়, "আজি এনে অনুভৱ হৈছে যেন তেওঁ আমাৰ কথা-বতৰা আৰু গানবোৰ শুনি আছো । জুবিন আমাৰ মাজত সদায় জীয়াই থাকিব । তেওঁৰ বিয়োগৰ সঠিক ন্যায় যেন অতি সোনকালে লাভ কৰে, তাকেই আশা কৰিলোঁ ।"

Zubeen Garg statue unveiled in Sonapur
সোণাপুৰত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন (ETV Bharat)

ইফালে অনুষ্ঠানত নাহৰৰ পুলি ৰোপণ কৰে সোণাপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ দেৱব্ৰত খনিকৰে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অনুৰাগী আৰু গণ্য-মান্য ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে । প্ৰাণৰ শিল্পীগৰাকীৰ বিশাল প্ৰতিমূৰ্তিটো পদ্মশ্ৰী পখিলা লেকথেপীয়ে উন্মোচন কৰাৰ লগে লগে উপস্থিত গুণমগ্ধই শিল্পীগৰাকীৰ কালজয়ী গীত 'মায়াবিনী' পৰিৱেশন কৰে ।

Zubeen Garg statue unveiled in Sonapur
সোণাপুৰত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন পদ্মশ্ৰী পখিলা লেকথেপীৰ (ETV Bharat)

উন্মোচনী অনুষ্ঠানৰ পিছতে সাহিত্য সভাৰ চৌহদত এখন সভা অনুষ্ঠিত হয় । সমবেত সংগীতেৰে আৰম্ভ হোৱা এই সভাত উপস্থিত থাকে সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বেদব্ৰত বৰা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ দেৱব্ৰত খনিকৰ আৰু সোণাপুৰ সাহিত্য সভাৰ সভাপতি ৰূপেন কুমাৰ চৌধুৰী, ষ্টাৰ চিমেণ্ট ফেক্টৰীৰ সহকাৰী মহাপ্ৰৱন্ধক সুকন্যা গোস্বামী, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মনকে ধৰি বহু বিশিষ্ট ব্যক্তি । সোণাপুৰ শতদল শাখা সাহিত্য সভা আৰু ষ্টাৰ চিমেণ্ট কৰ্তৃপক্ষৰ এই পদক্ষেপক স্থানীয় ৰাইজে শলাগ লয় । এই প্ৰতিমূৰ্তিটোৱে ভৱিষ্যৎ প্ৰজন্মক শিল্পীগৰাকীৰ অৱদানৰ কথা সোঁৱৰাই থাকিব বুলিও উদ্যোক্তা তথা ৰাইজে আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :

আজি মই যি পৰিচয় পাইছোঁ সেয়া কেৱল জুবিন দাৰ বাবেই সম্ভৱ হৈছে: মৰ্মিতা মিত্ৰ