ETV Bharat / state

লোকশিল্পী দিলি তেৰাঙক বকুলবন বঁটা ২০২৬ প্ৰদান

বিগত বর্ষ সমূহৰ দৰে এই বেলিও যোৰহাটত প্ৰদান কৰা হয় এই বঁটা ৷

folk artist of Karbi Anglong district Dili Terang recieved Bakul Bon Award
বকুলবন বঁটা ২০২৬ প্ৰদান লোকশিল্পী দিলি তেৰাঙক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 28, 2026 at 9:26 AM IST

3 Min Read
Choose ETV Bharat

যোৰহাট : অসমৰ লোক-সংস্কৃতিলৈ বিশেষ বৰঙণি আগবঢ়াই অহা লোক-সংস্কৃতিৰ সাধক, নিৰৱ শিল্পীসকলক বকুলবন ন্যাস, অসমে প্ৰত্যেক বছৰে প্ৰদান কৰি আহিছে আনন্দ চন্দ্ৰ বৰুৱাৰ স্মৃতিত 'বকুলবন বঁটা' ৷ বকুলবন ন্যাস, অসমৰ উদ্যোগত যোৰহাটৰ মহাপুৰুষ শংকৰদেৱ কলা-কৃষ্টি আৰু গৱেষণা কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় কাৰ্বি আংলঙৰ লোকশিল্পী দিলি তেৰাঙক ।

বকুলবন ন্যাস, অসমৰ সভাপতি ড৹ সৌমিত্ৰ পূজাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট লোকশিল্পী দিলি তেৰাঙক 'বকুলবন বঁটা' প্ৰদান কৰে সৌমিত্ৰ পূজাৰীৰ লগতে ড৹ নীলিমা বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে । এই বঁটাত আছে গামোচা, চেলেং, স্মাৰক, প্ৰশস্তি পত্ৰ, অঙ্গবস্ত্ৰ আৰু নগদ ধন ।

বকুলবন বঁটা ২০২৬ প্ৰদান লোকশিল্পী দিলি তেৰাঙক (ETV Bharat Assam)

এই বঁটা প্ৰদান কৰি সভাপতি পূজাৰীয়ে কয়, "বকুলবনৰ কবিগৰাকী আছিল এগৰাকী প্রকৃত কবি । প্ৰকৃতিৰ লগত তেওঁৰ আছিল বিশেষ সম্পৰ্ক । তেওঁ কবিতাৰ জৰিয়তে সমাজৰ সকলো স্তৰৰ মানুহৰ কথা কৈছিল । কবিগৰাকীয়ে কৈছিল যে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি জীয়াই থাকিবলৈ হ'লে নৱপ্ৰজন্মৰ প্ৰত্যেকগৰাকী যুৱক-যুৱতীয়ে গুৰুত্ব আৰোপ কৰিব লাগিব । আমি উঠি অহা প্ৰজন্মক সমালোচনা কৰি থাকো; কিন্তু বৰ্তমান সময়ত আমাৰ সমাজত এনে বহু যুৱক-যুৱতী আছে যিসকলে অসমীয়া ভাষাৰ চৰ্চা কৰি ভাষাটোক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে । আমি এগৰাকী যোগ্য ব্যক্তিক এই বঁটা প্ৰদান কৰিবলৈ পাই সুখী হৈছো ।"

আনহাতে বঁটা গ্ৰহণৰ পিচত অনুভৱ ব্যক্ত কৰি বিশিষ্ট লোকশিল্পী দিলি তেৰাঙে কয়," বকুলবনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাৰ দৰে এগৰাকী নমস্য ব্যক্তিৰ নামত প্ৰদান কৰা বঁটা গ্ৰহণ কৰি নিজক ধন্য মানিছো । বকুলবন ন্যাস আৰু বকুলবন সমাজৰ এই প্ৰয়াস অতি প্ৰশংসনীয় । এই প্ৰয়াসে মোৰ দৰে অন্য শিল্পীসকলকো উৎসাহ যোগাব । শৈশৱৰ পৰাই সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীত শুনি আপ্লুত হৈছিলো আৰু ৰেডিঅ'ৰ জৰিয়তে সেই গীত শুনি আপ্লুত হোৱাৰ লগতে যথেষ্ট অনুপ্ৰেৰণা লাভ কৰিছিলো ।"

folk artist of Karbi Anglong district Dili Terang recieved Bakul Bon Award
বকুলবন বঁটা ২০২৬ প্ৰদান লোকশিল্পী দিলি তেৰাঙক (ETV Bharat Assam)

তেওঁ পুনৰ কয়, "মই এজন দৰিদ্ৰ পৰিয়ালৰ কৃষকৰ ঘৰৰ ল'ৰা যদিও লোক সংস্কৃতি ক্ষেত্ৰত বেছি সময় গুৰুত্ব দিয়া বাবে আজি মোক বুকুলবন ন্যাসে বাছনি কৰি বকুলবন বঁটা আগবঢ়াইছে । সেয়েহে কাৰ্বি আংলংবাসীৰ লগতে অসমবাসীক জনাব বিচাৰো যে নিজৰ সংস্কৃতিখিনি যি জাতিয়ে নহওঁক জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিব লাগিব আৰু গুৰুত্ব দিব লাগিব । নিজৰ সংস্কৃতি নিজেই গুৰুত্ব দিলেহে নিজৰ সংস্কৃতি জীয়াই ৰাখিব পাৰিব । সকলো জাতি- জনজাতিয়ে মিলি আমি একেখন মঞ্চত কাম কৰিব লাগিব । গতিকে আজি মই কাৰ্বি আংলংবাসীক জনাব বিচাৰো সংস্কৃতি জীয়াই ৰাখিবলৈ হ'লে ভেদাভেদ পাহৰি কাম কৰিব লাগিব ।"

এই অনুষ্ঠানত লোকশিল্পীগৰাকীয়ে গীত পৰিবেশন কৰি ৰাইজক আপ্লুত কৰে । উল্লেখ্য যে কৃষকৰ সন্তান দিলি তেৰাঙে কাৰ্বি লোক সংস্কৃতিৰ বাবে কাম কৰি আহিছে । লগতে ইয়াক সংৰক্ষণ কৰি প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব প্ৰদান কৰিছে ।

লগতে পঢ়ক:৯৬ বছৰ বয়সতো সত্ৰীয়া সংস্কৃতিৰ প্ৰসাৰ-প্ৰচাৰত ব্যস্ত পদ্মশ্ৰী হৰিচৰণ শইকীয়া

এৰীক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টাৰ স্বীকৃতি এয়া: পদ্মশ্ৰী ডঃ যোগেশ দেউৰী