বান গ'ল, কিন্তু এৰি গ'ল পলসৰ অভিশাপ: সংকটত জোনাইৰ কৃষক
বানৰ পিছত এতিয়া পলসৰ তলত কৃষিভূমি, বোকাত ঘৰ । জোনাইৰ বানপীড়িতৰ দুৰ্বিষহ জীৱন । পৰ্যাপ্ত চৰকাৰী সাহাৰ্য নোপোৱাৰ অভিযোগ ৰাইজৰ ।

Published : July 4, 2026 at 1:50 PM IST
জোনাই: শেহতীয়াকৈ ধেমাজি জিলাৰ জোনাই অঞ্চলত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে । ঠায়ে ঠায়ে পানী কমিছে । কিন্তু বানৰ পিছত এতিয়া আন এক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বানপীড়িত ৰাইজ । বানৰ পিছত পলসে পুতি পেলাইছে কৃষিভূমি । বহু লোকৰ ঘৰবোৰো বোকা-মাটিয়ে পুতি পেলাইছে । যাৰ ফলত নানান সমস্যাৰ সন্মুখীন হৈছে কৃষক ৰাইজ ।
উল্লেখ্য যে অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত শেহতীয়াকৈ দিখাৰী নদীৰ বানত বহু কৃষক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে । দিখাৰী আৰু ডেকা নদীৰ বাঢ়নী পানীয়ে জোনাই ৰাজহ চক্ৰৰ অন্তৰ্গত মিছামৰা গাঁও পঞ্চায়তৰ মিছামৰা গাঁৱৰ শ শ কৃষিভূমি একাঠুলৈকে পলস পেলাই থৈ যায় । বানে শ শ কৃষকৰ কৃষিভূমিত একাঠু পৰ্যন্ত পলস পেলাই থৈ যোৱাৰ ফলত নষ্ট হৈছে ধান আৰু আন আন শস্য । এনে পৰিস্থিতিত সংকটত পৰিছে কেইবাখনো গাঁৱৰ কৃষক ।
জানিব পৰা মতে মিছামৰা গাঁৱৰ ১ নং ৱাৰ্ডৰ অৰ্জুন পাঠৰী, মুকেশ দলে, প্ৰহ্লাদ পেগু, যোগেশ পাতিৰকে ধৰি শতাধিক পৰিয়ালৰ শ শ বিঘা শালি ধানৰ খেতি আৰু কঠীয়া পলসে নষ্ট কৰিছে । বিগত বছৰবোৰতো এনেদৰে বানৰ ফলত কৃষক পৰিয়ালবোৰ ক্ষতিৰ সন্মুখীন হৈছিল যদিও আজিলৈ তেওঁলোকে কোনো সাহায্য নোপোৱাৰ অভিযোগ কৰিছে ।
এইবাৰো বানে পৰিয়ালবোৰক সমস্যাত পেলাইছে । একাংশ কৃষকৰ মতে তেওঁলোকে এতিয়া জীয়াই থাকিবলৈ চিন্তা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । মানুহৰ লগতে পশুধনৰ বিস্তৰ ক্ষতি হৈছে । তেওঁলোকৰ মতে বানত হাঁহ, কুকুৰাকে ধৰি বহু পশুধন উটি গ'ল । এতিয়া যিকেইটা আছে সেইবোৰৰো খাদ্যৰ অভাৱ হৈছে । নদীয়ে পলস পেলাই থৈ যোৱাৰ ফলত গৰু-ছাগলীৰ ঘাঁহৰ অভাৱ হৈছে ।

এজন কৃষকে কয়, "আমাৰ ঘৰ এতিয়াও মাটিৰ তলতে আছে বুলি ক'ব লাগিব । গৰু-ম'হ ৰাখিবলৈ ঠাই নাই । ভাত খাবলৈও অসুবিধা হৈ আছে । ভঁৰালত যি অলপ ধান আছে সেইবোৰ শুকুৱাই খাবলৈ ঠাই নাই । ঘৰৰ ভিতৰত সোমাব পৰা নাই । বোকা পানী গচকি সোমাই আছো । সামান্য সাহায্য পাইছো যদিও যথেষ্ট নহয় ।"
আন এজন কৃষকে কয়, "গাইড বান্ধ নিদিলে আমি জীয়াই থকাৰ কোনো মূল্য নাই । বহুতৰে ভঁৰাল পানীত ডুবিছে ।"

চৰকাৰৰ সাহায্য কামনা কৰি আন এজন কৃষকে কয়, "আমি বহুত সমস্যাত আছো । একোৱে নাই আমাৰ । ত্ৰিপাল ৩ ঘৰৰ ভিতৰত এখন দিছে । ঔষধ পাতি দিয়া নাই । পশুধনৰ খাদ্যও দিয়া নাই । চৰকাৰে এতিয়া আমাক সহায় কৰক ।"
উল্লেখ্য যে দিখাৰী নদীৰ বানে কেৱল এইকেইটা অঞ্চলেই প্ৰভাৱিত কৰা নাই । উজনি মিছামৰা, চিকেৰ চেলেক, জামুগুৰি আদি বিভিন্ন অঞ্চলতো দিখাৰী নদীয়ে তাণ্ডৱ চলাই কৃষিভূমি, ঘৰ-দুৱাৰ, পশুধন আদিৰ বিস্তৰ ক্ষতি কৰিছে । প্ৰশাসনে সাহায্য দিছে যদিও সেয়া যথেষ্ট নহয় বুলি ৰাইজে অভিযোগ কৰিছে ।
লগতে পঢ়ক :

