জোনাইত বানৰ তাণ্ডৱ: উটি গ’ল লোহাৰ দলং, পানীৰ তলত ৰাষ্ট্ৰীয় ঘাইপথ
বানত উটি গ'ল কেমি–জেলম সংযোগী ৩০০ মিটাৰ লোহাৰ দলং ৷ দিখাৰী নৈৰ বানৰ ফলত এটা চাপৰিত আৱদ্ধ হৈ আছে ১৫ জনতকৈও অধিক লোক ৷

Published : June 28, 2026 at 5:14 PM IST
জোনাই : অসম–অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত অব্যাহত ধাৰাসাৰ বৰষুণৰ ফলত খৰস্ৰোতা কেমি নদীৰ জলস্তৰ বিপজ্জনকভাৱে বৃদ্ধি পাইছে । নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ পাছতে কেমি নদীৰ ওপৰত নিৰ্মিত কেমি–জেলম সংযোগী লোহাৰ দলংখন নৈৰ তীব্ৰ সোঁতে উটুৱাই নিয়ে । দলংখন উটুৱাই নিয়াৰ পিছতে কেমি–পুৰণা জেলম অঞ্চলৰ সৈতে জোনাই সদৰৰ যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে । ফলস্বৰূপে অঞ্চলটোৰ সাধাৰণ জনজীৱন বিপৰ্যস্ত হৈ পৰাৰ লগতে যাতায়াত ব্যৱস্থাও সম্পূৰ্ণৰূপে ব্যাহত হৈছে ।
উল্লেখ্য যে, প্ৰায় দুবছৰ পূৰ্বে লাখ লাখ টকা ব্যয় কৰি প্ৰায় ৩০০ মিটাৰ দৈৰ্ঘৰ এই লোহাৰ দলংখন নিৰ্মাণ কৰা হৈছিল । দলংখন উটুৱাই নিয়াৰ ফলত ছাত্ৰ-ছাত্ৰীকে ধৰি সহস্ৰাধিক লোকে এতিয়া চূড়ান্ত দুৰ্ভোগৰ সন্মুখীন হৈছে । দৈনন্দিন যাতায়াত, শিক্ষা, ব্যৱসায়-বাণিজ্য আৰু জৰুৰী সেৱাসমূহো গুৰুতৰভাৱে ব্যাহত হৈছে ।
এজন ব্যক্তিয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘‘কেমি নৈৰ সোঁতে লোহাৰ দলংখন উটুৱাই লৈ গ’ল ৷ আমি বিধায়কক এখন পকী দলঙৰ বাবে বাৰে বাৰে আবেদন কৰিছিলো ৷ কিন্তু প্ৰায় দুবছৰ পূৰ্বে এখন সৰু লোহাৰ দলং নিৰ্মাণ কৰি দিছিল ৷ এই দলংখন উটুৱাই নিয়াৰ ফলত প্ৰায় চাৰি-পাঁচখন গাঁৱৰ মানুহৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ৷ ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ আহিব নোৱাৰিব ৷ ইফালে সোমবাৰৰ পৰা পৰীক্ষাও আছে ৷’’
ইফালে দিখাৰী নৈৰ বানেও আতংকৰ সৃষ্টি কৰিছে জোনাইত ৷ এটা চাপৰিত আৱদ্ধ হৈ আছে ১৫ জনতকৈও অধিক লোক ৷ পুৱাৰে পৰা হঠাৎ দিখাৰী নদীৰ পানী বৃদ্ধি পোৱাৰ ফলত তেলাম কৰৈবাৰীত থকা এটা চাপৰিত আৱদ্ধ হৈ পৰে খুটিত থকা লোকসকল৷ কৰৈবাৰী চাপৰিৰ চাৰিও কাষ দিখাৰী নৈৰ বানে প্লাৱিত কৰাত চাপৰিত থকা লোকসকল সুৰক্ষিত স্থানলৈ আহিব নোৱাৰিলে ৷ ফলত পানীৰ মাজতে এতিয়াও আৱদ্ধ হৈ আছে লোকসকল ৷ স্থানীয় লোকসকলে জোনাই প্ৰশাসনৰ সৈতে যোগাযোগ কৰি SDRF বাহিনীৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিছে ৷
আনহাতে, অৰুণাচলৰ পাহাৰৰ পৰা বৈ অহা লেকু নৈৰ বানেও লৈছে ৰুদ্ৰ ৰূপ । নৈৰ জলস্তৰ বৃদ্ধিৰ ফলত লেকুস্থিত ৫১৫ নং চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰিছে পানী । ফলত সম্পূৰ্ণৰূপে ব্যাহত হৈছে যান-বাহনৰ চলাচল । একে সময়তে অসম–অৰুণাচল সীমান্তৱৰ্তী দুয়োখন ৰাজ্যৰ কেইবাটাও পৰিয়ালৰ পানীত ডুব গৈছে । ধাৰাসাৰ বৰষুণৰ ফলত লেকু নৈৰ জলস্তৰ এতিয়াও বৃদ্ধি পাই আছে ।
ইফালে সীমান্তৱৰ্তী অয়ান নৈয়েও ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । নৈখনৰ বাঢ়নী পানী বৃদ্ধি পোৱাৰ ফলত নৈৰ বুকুত জাহ যায় দুখনকৈ ধাবা । সেই ধাবা দুখনত দুগৰাকী মহিলাসহ মুঠ ছয়গৰাকী লোক আৱদ্ধ হৈ পৰে । ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে অৰুণাচল প্ৰদেশৰ ৰুকচিন আৰু পাচীঘাটৰ SDRF বাহিনীৰ লগতে জোনাইৰ SDRF, দুয়োখন ৰাজ্যৰ আৰক্ষী আৰু স্থানীয় ৰাইজে যৌথভাৱে উদ্ধাৰ অভিযান চলায় । বহু প্ৰচেষ্টাৰ অন্তত পানীত আৱদ্ধ হৈ পৰা আটাইকেইজন লোকক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক: গোগামুখ-ঘিলামৰা ঢকুৱাখনা সংযোগী ৰাজ্যিক ঘাইপথেৰে পুনৰ আৰম্ভ যাতায়ত

