যোৰাবাটত ভয়ংকৰ কৃত্ৰিম বান; উজনিলৈ কোনটো পথেৰে যাব ?
পুনৰ কৃত্ৰিম বানত বুৰিল যোৰবাট । উজনিমুৱা আৰু গুৱাহাটী অভিমুখী হাজাৰ হাজাৰ বাহন আবদ্ধ ।

Published : July 12, 2026 at 7:18 PM IST
|Updated : July 12, 2026 at 8:19 PM IST
সোণাপুৰ : পুনৰ উজনি-নামনিমুৱা যাতায়াত ব্যৱস্থা স্তব্ধ হৈ পৰিছে । এজাক মুষলধাৰ বৰষুণৰ পিছতে যোৰাহাটত সাগৰসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে । যোৰাবাট আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।
ৰাষ্ট্ৰীয় ঘাইপথত পানী জমা হোৱাৰ ফলত কেইবাখনো ব্যক্তিগত তথা বাণিজ্যিক বাহন, অট'ৰিক্সা আৰু মটৰ চাইকেল পথৰ মাজতে বিকল হৈ পৰিছে । ফলত কেইবাজনো চালকে নিজৰ বাহন ঠেলি সুৰক্ষিত স্থানলৈ নিয়াৰ বাবে প্ৰচেষ্টা চলাবলগীয়া হৈছে ।
🚨 URGENT TRAFFIC ADVISORY 🚨
— Guwahati Traffic Police (@GhtyTrafficPol) July 12, 2026
Due to severe waterlogging at 9th Mile and 10th Mile, traffic diversions have been implemented with immediate effect.
For LMVs:
Incoming towards Guwahati: Diverted at Digaru.
Outgoing from Guwahati: Diverted at Koinadhara Point.
1/2 pic.twitter.com/0Ia9ER9U1d
যোৰবাটৰ পৰিস্থিতি অতি ভয়ংকৰ হৈ পৰিছে । এজাক বৰষুণতেই পুনৰ এবাৰ উন্মোচন হ'ল যোৰাবাটৰ পানী নিষ্কাশন ব্যৱস্থাৰ নগ্ন তথা ফোঁপোলা স্বৰূপ ।
বৰষুণ আৰম্ভ হোৱাৰ কিছু সময়ৰ ভিতৰতে পথছোৱাত সাগৰসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে । ফলত উৰণ সেতুৰ তলৰ পথেৰে যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে আৰু সমগ্ৰ অঞ্চলটোত এক তীব্ৰ বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছে ।
এই কৃত্ৰিম বানৰ ফলত উজনি-নামনি সংযোগকাৰী ঘাইপথছোৱাত সৰু-বৰ বাহনবোৰৰ দীঘলীয়া শাৰী দেখা গৈছে ।
ঘণ্টাৰ পিছত ঘণ্টা ধৰি আবদ্ধ হৈ পৰা চালক তথা যাত্ৰীসকলে চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে । জৰুৰীকালীন সেৱা আৰু সাধাৰণ যাত্ৰী সকলোৱে এই ব্যাপক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ।
এনে পৰিস্থিতিত আপুনি যোৰাবাটৰ দিশে গ'লে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব ! যাৰ বাবে যোৰাবাট হৈ নাযাবলৈও ইতিমধ্যে প্ৰশাসনে পৰামৰ্শ জাৰি কৰিছে । গুৱাহাটী আৰক্ষীয়ে সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ পথ নিৰ্দেশনাও জাৰি কৰিছে ।
আৰক্ষীৰ নিৰ্দেশনা অনুসৰি উজনি অসমলৈ যোৱা আৰু গুৱাহাটী অভিমুখে অহা বাহনবোৰক বিকল্প পথ ল'বলৈ পৰামৰ্শ দিয়া হৈছে । লঘু বাহনবোৰে নাৰেংগীৰ মাজেৰে ডিগাৰু হৈ পথ বাছনি কৰিব পাৰে বুলি প্ৰশাসনে পৰামৰ্শ দিছে ।
ইফালে যোৰাবাটত প্ৰতিবছৰে একেই সমস্যাৰ পুনৰাবৃত্তি ঘটি থকাৰ পাছতো চৰকাৰ তথা সংশ্লিষ্ট বিভাগে ইয়াৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত কোনো কাৰ্যকাৰী পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ সচেতন মহলে উত্থাপন কৰিছে।
শেহতীয়াকৈ ডিমৰীয়া সমষ্টিৰ বিধায়ক ড৹ তপন দাসেও বিধানসভাত বিষয়টো উত্থাপন কৰিছে । মেঘালয়ৰ পৰা নামি অহা পানীয়ে কেনেদৰে যোৰাবাটত বিধ্বংসী ৰূপ লয় সেই কথা তেওঁ বৰ্ণনা কৰিছে ।
লগতে পঢ়ক :
কৃত্ৰিম বানত জুৰুলা গুৱাহাটী মহানগৰ, সমাধানসূত্ৰ বিচাৰি ওলাল মন্ত্ৰী কৌশিক ৰায়

