ETV Bharat / state

৫ সহস্ৰাধিক নাগাৰা নামৰ শিল্পীৰে ৰজনজনালে ঐতিহাসিক শ্ৰীশ্ৰী হৰিমন্দিৰ

প্ৰায় ৩০০ টা নাগাৰা নাম দলে পৰিৱেশন কৰিলে অসমৰ পৰম্পৰাগত লোক পৰিৱেশ্য কলা ।

Five thousand artists performed Nagara naam in nalbari
৫ সহাস্ৰাধিক শিল্পীয়ে শ্ৰীশ্ৰী হৰিমন্দিৰত পৰিৱেশন কৰিলে নাগাৰা নাম (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 10, 2026 at 9:55 AM IST

2 Min Read
Choose ETV Bharat

নলবাৰী : একেলগে পাঁচ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিলে নাগাৰা নাম । অসমৰ পৰম্পৰাগত লোক পৰিৱেশ্য কলা তথা নামনি অসমৰ অন্যতম লোক-সংস্কৃতি নাগাৰা নামেৰে ৰজনজনালে নলবাৰীৰ পবিত্ৰ হৰি মন্দিৰৰ বাকৰি । সোমবাৰে সন্ধিয়া জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পাঁচ হাজাৰ শিল্পীয়ে সমূহীয়াভাবে নাগাৰা আৰু তাল বজাই ৰজনজনাই তোলে হৰিমন্দিৰ বাকৰি ।

ভক্তিমূলক গীত,পদ আৰু কাহিনী পৰিবেশন কৰি এক আধ্যাত্মিক পৰিবেশ সৃষ্টি কৰিলে পাঁচ হাজাৰ শিল্পীয়ে । উল্লেখ্য় যে জিলাখনৰ নাগাৰা সূৰ্য প্ৰয়াত ৰামচৰণ ভৰালীৰ দল, কৈলাশ তালুকদাৰ, বৈজয়ন্তী তালুকদাৰ আদিৰ লগতে প্ৰায় ৩০০ টা নাগাৰা নাম দলৰ পাঁচহাজাৰ শিল্পীয়ে এই নাগাৰা নাম পৰিবেশন কৰে ।

৫ সহাস্ৰাধিক শিল্পীয়ে শ্ৰীশ্ৰী হৰিমন্দিৰত পৰিৱেশন কৰিলে নাগাৰা নাম (ETV Bharat Assam)

এই নাগাৰা নাম উদ্বোধন কৰি জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়, "আজি নলবাৰী হৰিমন্দিৰ আৰু জিলাখনৰ বাবে এটা গৌৰৱৰ দিন । প্ৰাচীন কামৰূপৰ অন্যতম লোক পৰিৱেশ্য কলা নাগাৰা নাম একেলগে পৰিবেশন কৰিছে নলবাৰী জিলাৰ পাঁচ হাজাৰ শিল্পীয়ে । ইয়াৰ লক্ষ্য হ'ল অসম আৰু নলবাৰীৰ সংস্কৃতিক সুন্দৰভাৱে সুৰক্ষিত কৰি ৰখা । এই পৰম্পৰা ৰক্ষা কৰি ধৰি ৰাখিছে নলবাৰী জিলাৰ কলা-সংস্কৃতিৰ সৈতে জড়িত শিল্পী আৰু সহযোগীসকলে । অসমৰ সংস্কৃতি আৰু ঐতিহ্য ৰক্ষা কৰিবলৈ আমি আজি সকলো সংঘবদ্ধ ।"

Five thousand artists performed Nagara naam in nalbari
৫ সহাস্ৰাধিক নাগাৰা নামৰ শিল্পীয়ে শ্ৰীশ্ৰী হৰিমন্দিৰত পৰিৱেশন কৰিলে নাম (ETV Bharat Assam)

আনহাতে মন্ত্ৰীগৰাকীয়ে নাগাৰা নাম সংঘক আৰ্থিকভাৱে পিছ পৰা শিল্পীসকলক আৰু বেমাৰ আদিত সহায় কৰিবলৈ এটি সাহাৰ্য নিধি গঠন কৰাৰ বাবে আহ্বান জনায় । উল্লেখ্য় যে মাঘ মাহ জোৰা নাগাৰা নামৰ লগত সংগতি ৰাখি নলবাৰী হৰি মন্দিৰ বাকৰিত এই অনুষ্ঠানৰ আয়োজন কৰা হয় । যোৱাবেলিও ৭ হাজাৰ আয়তীয়ে একেলগে দিহা নাম পৰিবেশন কৰিছিল ।

লগতে পঢ়ক :প্ৰগতিশীল নাট্যগোষ্ঠী ঐক্যতানৰ সোণালী জয়ন্তী ; মঞ্চ কঁপাব মইনুল হকে

বলীউডত কলিয়াবৰৰ ডিম্পল... আহি আছে দো দীৱানে ছেহেৰ ম্যে