ETV Bharat / state

পাঁচগৰাকী বিশিষ্ট সাহিত্যিকলৈ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান

১৬ মে'ত ৰাজ্যৰ পাঁচ পাঁচগৰাকী বিশিষ্ট সাহিত্যিক প্ৰদান কৰি অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান।

ASAM SAHITYA SABHA
পাঁচগৰাকী বিশিষ্ট সাহিত্যিকলৈ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 10, 2026 at 10:35 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : ৰাজ্যখনৰ পাঁচগৰাকী বিশিষ্ট সাহিত্যিকলৈ আগবঢ়োৱা হৈছে ২০২৫ কাৰ্যবৰ্ষৰ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান। অহা ১৬ মে'ত গুৱাহাটীৰ ভগৱতীপ্রসাদ বৰুৱা ভৱনৰ সংগীতাচাৰ্য্য লক্ষ্মীৰাম বৰুৱা সদনত বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত এই বঁটাসমূহ প্রদান কৰা হ'ব । দেওবাৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এই কথা জানিবলৈ দিয়ে।

তেওঁ কয়, "অসম সাহিত্য সভাৰ সাংবিধানিক এই সন্মান এইবাৰ ধেমাজিৰ বিশিষ্ট গৱেষক, চিত্ৰকৰ, লেখক ড° পুষ্প গগৈলৈ আগবঢ়োৱা হৈছে । সেইদৰে ডিব্ৰুগড়ৰ নিবাসী বিশিষ্ট চাহ খেতিয়ক, সাহিত্যিক আৰু লেখক দেৱীপ্রসাদ বাগ্র'দিয়া, নগাঁৱৰ নিৱাসী অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট লেখক, সমালোচক আৰু সাংবাদিক উপেন্দ্ৰ বৰকটকী, গুৱাহাটীৰ নিবাসী, বিশিষ্ট সাহিত্যিক তথা জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰা আৰু বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, বিশিষ্ট লেখক-কবি আৰু গৱেষক নোমল মাহাত্তালৈ এই সন্মান আগবঢ়োৱা হৈছে ।"

ASAM SAHITYA SABHA
দেৱীপ্রসাদ বাগ্রদিয়ালৈ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান (ETV Bharat Assam)

তেওঁ লগতে কয়,"সাহিত্য সভাৰ সভাপতিৰ দ্বাৰা নিৰ্বাচিত এই পাঁচগৰ‍াকী বিশিষ্ট ব্যক্তিয়ে অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানক স্বীকাৰ কৰিয়েই সন্মানপূর্বকভাবে এই সন্মান প্রদান কৰা হ'ব ।"

ASAM SAHITYA SABHA
জিতুমণি বৰালৈ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান (ETV Bharat Assam)

বৰাই পনুৰ কয়,"সাহিত্য সাধনাৰ যোগেদি বিগত বর্ষসমূহত অসমীয়া ভাষা-সাহিত্যক সমৃদ্ধ কৰি অহা এই পাঁচগৰাকী নির্বাচিত ব্যক্তিক আৰু তেওঁলোকৰ পাঠক সমাজক উৎসাহিত কৰাৰ প্ৰয়াসেৰে এই সন্মান প্রদান কৰা হ'ব । অসম সাহিত্য সভাৰ সভাপতিৰ দ্বাৰা নিৰ্বাচিত এই (ন-পুৰণি)বিশিষ্ট সাহিত্যিকসকলৰ তালিকা সভাৰ কৰ্ণধাৰ সমিতিয়ে অনুমোদন জনাইছে ।"

ASAM SAHITYA SABHA
ড° পুষ্প গগৈলৈ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান (ETV Bharat Assam)

উল্লেখ্য যে অসম সাহিত্য সভাই এই বিশেষ সন্মান আগবঢ়োৱা পাঁচগৰাকী ব্যক্তিয়ে নিজৰ নিজৰ ক্ষেত্রখনত যথেষ্ট খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে ।

ASAM SAHITYA SABHA
নোমল মাহাত্তালৈ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান (ETV Bharat Assam)

লগতে পঢ়ক:উখল-মাখল পৰিৱেশ তিনিচুকীয়াৰ ঐতিহাসিক মৰুৎ নন্দন কানন, ৫৫খনকৈ বিহুখোলা কঁপালে পাঁচ হাজাৰ ডেকা-গাভৰুৱে