ETV Bharat / state

অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে প্ৰতিবাদত নামিল পাঁচটাকৈ দল-সংগঠন

পথ মেৰামতিৰ দাবীত দুলীয়াজানত পাঁচটাকৈ দল-সংগঠনৰ প্ৰতিবাদ ৷

Protest in Duliajan
পথ মেৰামতিৰ দাবীত দুলীয়াজানত প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 29, 2026 at 7:32 PM IST

2 Min Read
Choose ETV Bharat

ডিব্ৰুগড়: জৰাজীৰ্ণ বাট-পথৰ বাবে যমৰ যাতনা ভুগিছে তৈলনগৰী দুলীয়াজানৰ ৰাইজে । দুলীয়াজানৰ বাট-পথৰ অৱস্থা তেনেই তথৈবচ । ইফালে অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয় দুলীয়াজানত অৱস্থিত । ইয়াৰ পাছতো জৰাজীৰ্ণ পথেৰে যাতায়াত কৰিব লগা হৈছে দুলীয়াজানৰ ৰাইজে । ফলত শুকুৰবাৰে অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদত নামিল পাঁচটাকৈ দল-সংগঠনৰ সদস্য ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসম চাহ জনজাতি ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, আদিবাসী মহিলা সমিতি আৰু ৰঙাজান যুৱক সংঘৰ সদস্যই পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সংগঠনকেইটাই মধুটিঙৰ-বকুলনী চাৰিআলি সংযোগী জৰাজীৰ্ণ পথটো অতি শীঘ্ৰে মেৰামতি কৰা, উক্ত পথত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰাৰ দাবী জনায় ৷

পথ মেৰামতিৰ দাবীত দুলীয়াজানত প্ৰতিবাদ (ETV Bharat Assam)

ইফালে বৃহত্তৰ অঞ্চলটোৰ চাহ বাগিচা আৰু গাঁওসমূহৰ পথসমূহ অইল কৰ্তৃপক্ষই অতি শীঘ্ৰে মেৰামতি কৰাৰ দাবী তোলে প্ৰতিবাদকাৰী সংগঠনৰ সদস্যই ৷ আনহাতে প্ৰতিবাদস্থলীত আৰক্ষী আৰু অইল কৰ্তৃপক্ষ উপস্থিত হৈ প্ৰতিবাদকাৰীৰ সৈতে এক আলোচনাত মিলিত হয়। পিছত প্ৰতিবাদকাৰীয়ে তেওঁলোকৰ দাবী সম্বলিত স্মাৰক পত্ৰ অইল কৰ্তৃপক্ষক প্ৰদান কৰে । অতি শীঘ্ৰে অইল কৰ্তৃপক্ষই প্ৰতিবাদকাৰীৰ দাবীসমূহ কাৰ্যকৰী নকৰিলে পৰৱৰ্তী সময়ত জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও হুংকাৰ প্ৰদান কৰে সংগঠনকেইটাই ।

প্ৰতিবাদ সাব্যস্ত কৰি দল-সংগঠনৰ নেতৃত্বই কয়, "মধুটিঙৰ পৰা বকুলনী চাৰিআলিলৈ যোৱা মূলপথ অতি জৰাজীৰ্ণ । বিগত তিনিবছৰ আমি ভুক্তভোগী হৈ আছো । বৰষুণ দিলে বোকা-পানী হয় আকৌ ৰ'দ দিলে বহুত ধূলি হ‌য় । ৰোগী, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ লোকে হাৰাশাস্তিৰ সন্মুখীন হৈছে ৷"

তেওঁলোকে কয়,"চাৰি বছৰৰ পূৰ্বে পথটো নিৰ্মাণ কৰিছিল, কিন্তু লোকনিৰ্মাণ বিভাগৰ গাফিলতিৰ বাবে ঠিকাদাৰে পথটো ভালকৈ নিৰ্মাণ নকৰিলে । এই পথেৰে অইল ইণ্ডিয়াৰ বহু যান বাহন অহা যোৱা কৰে কাৰণ । অইল ইণ্ডিয়াই এই পথ নিৰ্মাণ কৰিবলৈ ৩ কোটি টকা ঘোষণা কৰিছিল যদিও আজিও কাম আৰম্ভ কৰা নাই ৷ যাৰ বাবে আমি প্ৰতিবাদ সাব্যস্ত কৰিছো । নিৰ্বাচনৰ পূৰ্বে আধাৰশিলা স্থাপন কৰা হ'ল যদিও কাম আৰম্ভ হোৱা নাই । সেয়ে এই ক্ষেত্ৰত দুলীয়াজান সমষ্টিৰ বিধায়ক ৰামেশ্বৰ তেলীক এই ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছো ।"

লগতে পঢ়ক:সপোনৰ পাছত দৌৰোতে ৰাজপথতে হেৰাই থাকিল মণিকা