ETV Bharat / state

সৰিয়হৰ হালধীয়া ৰঙে পাহৰাইছে বানে দিয়া বেথাৰ কথা

বান-বাৰিষাই কোঙা কৰা মাজুলীত এতিয়া সৰিয়হে তৰিছে হালধীয়া চাদৰ । নান্দনিক দৃশ্য দেখি ৰ' লাগি চাইছে বাটৰুৱাই ।

Five farmers are cultivating mustard on 40 bighas of land in Majuli
সৰিয়হৰ হালধীয়া ৰঙে পাহৰাইছে বানে দিয়া বেথাৰ কথা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 9, 2025 at 6:21 PM IST

2 Min Read
Choose ETV Bharat

মাজুলী: এতিয়া যেন সৰিয়হ ফুলাৰ বতৰ । সৰিয়হৰ হালধীয়া ৰঙে এতিয়া হাঁহি বিৰিঙাইছে ৰাজ্যৰ চহা কৃষকসকলৰ মন । বিঘাই বিঘাই কৃষিভূমিত কঁপালৰ ঘাম মাটিত পেলাই কৃষকসকলে বহু কষ্টৰে কৰা সৰিয়হ খেতিয়ে এতিয়া লৈছে হালধীয়া বৰণ । এই হালধীয়া বৰণ লোৱা সৰিয়হৰ নান্দনিক দৃশ্যই বাটৰুৱাৰ লগতে কৃষকসকলক আনন্দিত কৰি তুলিছে । হালধীয়া হৈ পৰা সৰিয়হ কেইডৰালৈ চাই এতিয়া যে স্বস্তিৰ নিশ্বাস পেলাইছে চহা কৃষকসকলে ।

বাৰিষাৰ সময়ত মানুহ বা অন্য জীৱ-জন্তুৰ বা অভিশাপস্বৰূপ হৈ পৰে ব্ৰহ্মপুত্ৰ নদীখন । ইয়াৰ বিপৰীতে খৰালি দিনত মানুহৰ আশীৰ্বাদ স্বৰূপ হৈ পৰে এই ব্ৰহ্মপুত্ৰ নদী । বাৰিষাৰ সময়ত ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱা অঞ্চলসমূহত এতিয়া পানী আৰু নাই । ব্ৰহ্মপুত্ৰৰ পানীয়ে পলসুৱা কৰি যোৱা মাটিত এতিয়া বিঘাই বিঘাই সৰিয়হ কৰিছে চহা কৃষকসকলে ।

সৰিয়হৰ হালধীয়া ৰঙে পাহৰাইছে বানে দিয়া বেথাৰ কথা (ETV Bharat Assam)

মাজুলীৰ গেজিং চাপৰিত ৫ জন লোক একেলগ হৈ প্ৰায় ৪০ বিঘা মাটিত কৰিছে সৰিয়হ খেতি । ইয়াৰ উপৰিও আটাইকেইজনে মিলি সৰিয়হৰ লগতে কৰিছে আলু, নহৰু আৰু ৰঙলাওৰ খেতি । এই খেতি কৰিবলৈ নিজৰ কষ্টৰ বাহিৰেও প্ৰায় ৬০ হাজাৰ টকা খৰচ হৈছে বুলি জনাই কৃষকসকলে । ইফালে চৰকাৰ তথা কৃষি বিভাগৰ ফালৰ পৰা তেওঁলোকে কোনোধৰণৰ সহযোগিতা লাভ কৰা নাই বুলি উল্লেখ কৰে । ইফালে এইবাৰ বৰষুণৰ প্ৰভাৱ কম হোৱাৰ বাবে খেতিত পানী যোগানৰ ক্ষেত্ৰতো যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ।

Five farmers are cultivating mustard on 40 bighas of land in Majuli
মাজুলীৰ কৃষকে কৰা সৰিয়হৰ খেতি (ETV Bharat Assam)

এজন কৃষকে কয়,"সৰিয়হ কৰিছোঁ, আলু আৰু নহৰু অলপ কৰিছোঁ । আমি প্ৰায় ৪০ বিঘামান মাটিত খেতি কৰিছোঁ । এতিয়ালৈ প্ৰায় ৬০ হাজাৰমান খৰচ হৈছে । ৪০ বিঘা মাটিত ভাল হ'লে প্ৰায় ১ লাখ টকামান খৰচ-পাতি কৰি থাকেগৈ । আমাৰ প্ৰথম অসুবিধা হ'ল পানী যোগান ব্যৱস্থাটো । বীজৰ কাৰণেও আমাৰ অলপ অসুবিধা হয় । কৃষি বিভাগৰ তৰফৰ পৰা আমি যদি বীজ পাওঁ বা পানী যোগানৰ ক্ষেত্ৰত যদি আমি সকাহ পাওঁ, ভাল হয় ।"

এইসকল কৃষকৰ নতুন প্ৰজন্মলৈ আহ্বান কোন এনেই ৰৈ থাকিব নালাগে খেতি কৰিলেও আজিৰ তাৰিখত নিজৰ লগতে পৰিয়ালটোক স্বাৱলম্বী কৰি তুলিব পাৰি ।

লগতে পঢ়ক: চৰাইচোং উৎসৱ: এছিয়াৰ ভিতৰতে প্ৰথম ৰাজকীয় পক্ষী অভয়াৰণ্যক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াস

গুলপীয়া আচ্ছাদনে আৱৰি থকা মাগুৰি মটাপুং বিলত দেশী-বিদেশী পক্ষীৰ ভিৰ