গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত অসমৰ বাবে সুখবৰ: ৰাজ্যৰ ৫ বিশিষ্ট ব্যক্তিলৈ পদ্মশ্ৰী বঁটা
ঘোষণা কৰা হৈছে ২০২৬ বৰ্ষৰ পদ্ম বঁটাসমূহ । নুৰুদ্দিন আহমেদ, পখিলা লেকথেপী, যোগেশ দেউৰী, হৰিচৰণ শইকীয়া আৰু কবীন্দ্ৰ পুৰকায়স্থ(মৰণোত্তৰভাৱে) ই লাভ কৰিছে এই সন্মান ৷

Published : January 25, 2026 at 8:44 PM IST
গুৱাহাটী: ঘোষণা কৰা হৈছে ভাৰত চৰকাৰৰ ২০২৬ বৰ্ষৰ সন্মানীয় পদ্ম বঁটাপ্ৰাপকসকলৰ নাম । সমগ্ৰ দেশৰ 5 গৰাকী বিশিষ্ট ব্যক্তিলৈ পদ্মবিভূষণ, ১৩ গৰাকীলৈ পদ্মভূষণ আৰু ১১৩ গৰাকীলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান ৷ আনহাতে, অসমৰ ৫ গৰাকী বিশিষ্ট ব্যক্তিয়ে লাভ কৰিছে ২০২৬ বৰ্ষৰ পদ্মশ্ৰী সন্মান ।
ভাস্কৰ্য শিল্পী, কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ, সুকণ্ঠী গায়িকা পখিলা লেকথেপী, বিশিষ্ট এৰী আৰু ৰেচম বিশেষজ্ঞ যোগেশ দেউৰীৰ লগতে হৰিচৰণ শইকীয়া আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ(মৰণোত্তৰভাৱে) লৈ আগবঢ়োৱা হৈছে এই সন্মান ৷
নুৰুদ্দিন আহমেদ
সুদীৰ্ঘ ৫০ বছৰে কলা আৰু ভাস্কৰ্য জগতৰ লগত জড়িত হৈ থকা নুৰুদ্দিন আহমেদৰ জন্ম হৈছিল নলবাৰী জিলাত । পঞ্চম শ্ৰেণীত অধ্যয়ন কৰি থকাৰ সময়ৰে পৰা তেওঁ প্ৰথম কলা নির্দেশক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল । বিভিন্ন সময়ত আহমেদে কলা শিল্পৰ বাবে বহুতো স্বীকৃতি লাভ কৰিছে । ইয়াৰে ভিতৰত গণৰাজ্য দিৱসৰ প্ৰতীকপটৰ বাবে ২০০৩ চনত দিল্লীত দ্বিতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷ লগতে ২০০৫ চনত কলা নিৰ্দেশনাৰ বাবে “কমল লাল মেম'ৰিয়েল বঁটা” লাভ কৰিছিল ।

ইয়াৰোপৰি তেওঁৰ নেতৃত্বত কেইবাবছৰো ধৰি দিল্লীত গণৰাজ্য দিৱসত অসমৰ প্ৰতীকপট উপস্থাপন কৰা হৈছিল । বৰ্তমানলৈ প্ৰায় ১০০ খনতকৈ অধিক ছবিত কলা নিৰ্দেশক হিচাপে কাম কৰা নুৰুদ্দিন আহমেদে ভ্ৰাম্যমাণ থিয়েটাৰ, ছবিজগতৰ লগতে শিল্প সৃষ্টিৰ বিভিন্ন কৰ্মৰ লগতো জড়িত হৈ আছে ।
সুকণ্ঠী গায়িকা পখিলা লেকথেপী
পখিলা লেকথেপীয়ে কাৰ্বি সংগীত জগতত প্ৰায় চাৰি দশকৰো অধিক কালজুৰি সংগীতৰ চৰ্চা কৰি আহিছে । বৰ্তমানলৈ প্ৰায় তিনি শতাধিক গীতত কণ্ঠদান কৰা শিল্পীগৰাকীয়ে কাৰ্বি লোকসংগীত আৰু আধুনিক গীতৰ ক্ষেত্ৰখনলৈ তেওঁৰ অনবদ্য অৱদান আগবঢ়াইছে ।

কাৰ্বি সংগীতৰ প্ৰতি আগবঢ়োৱা তেওঁৰ অৱদানৰ বাবে ২০১১ চনত হিলছ আইডলে শিল্পীগৰাকীক ‘কুইন অৱ মেল'ডী’ উপাধিৰে সন্মানিত কৰে । ইয়াৰোপৰি ২০০৯ চনত সদৌ গুৱাহাটী ছাত্ৰ সন্থাই লেকথেপীলৈ ‘স্বভাৱ শিল্পী অমূল্য কাকতি স্মৃতি বঁটা’ প্ৰদান কৰে । লগতে ২০১৮ চনত গুৱাহাটী শোধানাগাৰে তেওঁলৈ ‘লুইত গৌৰৱ’ সন্মান প্ৰদান কৰে ।
আনহাতে কাৰ্বি সংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০২৩ চনত অসম চৰকাৰে তেওঁক শিল্পী বঁটা আৰু শিল্পী পেঞ্চন প্ৰদান কৰে । সমান্তৰালভাৱে ২০২৪ চনত পখিলা লেকথেপীলৈ অসমৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ বঁটা আগবঢ়োৱা হয় ।
যোগেশ দেউৰী
২০২২ চনত অসমত চৰকাৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল এৰী আৰু ৰেচম বিশেষজ্ঞ যোগেশ দেউৰীয়ে । এৰী শিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ বাবে নিৰৱচ্ছিন্ন চেষ্টা চলাই আহিছে দেউৰীয়ে । তেওঁ কোকৰাঝাৰত ৰেচম শিল্পৰ বিশেষ উন্নয়ন আৰু 'SILK CITY' ৰূপান্তৰৰ ধাৰণাৰ বাবে পৰিচিত । ৰেচম সঞ্চালকালয় কোকৰাঝাৰ আৰু চিৰাং জিলাৰ সহকাৰী সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছে দেউৰীয়ে ।
কবীন্দ্ৰ পুৰকায়স্থ
উত্তৰ-পূব বিজেপিৰ পিতামহ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থলৈও মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছে পদ্মশ্ৰী সন্মান ৷ চলিত বৰ্ষৰ আৰম্ভণিতে ৯৬ বছৰ বয়সত দেহাৱসান ঘটে এইগৰাকী বিশিষ্ট ৰাজনীতিবিদৰ ৷ তেওঁৰ নেতৃত্বত অসমত ভাৰতীয় জনতা পার্টী তথা ৰাষ্ট্রীয়তাবাদী আদর্শৰ ভেটি স্থাপন হৈছিল, যিয়ে আজি এক বিশাল বটবৃক্ষৰ ৰূপ ধাৰণ কৰিছে ।
হৰিচৰণ শইকীয়া
হৰিচৰণ শইকীয়া অসমৰ এগৰাকী বিশিষ্ট সত্ৰীয়া শিল্পী, যিয়ে কলা ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ২০২৬ বৰ্ষৰ সন্মানীয় পদ্মশ্ৰী বঁটা লাভ কৰিছে । তেওঁ সত্ৰীয়া নৃত্য, সংগীত আৰু সংস্কৃতিৰ চৰ্চা আৰু প্ৰসাৰৰ বাবে বিশেষভাৱে পৰিচিত । ইয়াৰোপৰি উত্তৰ-পূৰ্বাঞ্চলৰ আন আন ৰাজ্যসমূহৰ পাঁচগৰাকীকৈ বিশিষ্ট ব্যক্তিয়ে লাভ কৰিছে এই সন্মান ৷ সেইসকল হ’ল ক্ৰমে -
- নাগালেণ্ড - চাংগিউচাং ছ পংগেনাৰ
- অৰুণাচল - পেছি গুবিন
- মণিপুৰ - যুমনাম যাত্ৰা সিং(মৰণোত্তৰভাৱে)
- ত্ৰিপুৰা - নৰেশ দেৱবাৰ্মা
- মেঘালয় - হেলি ৱাৰ
লগতে পঢ়ক: শিল্পী নুৰুদ্দিন আহমেদে মঞ্চতেই পালে 'পদ্মশ্ৰী' লাভৰ খবৰ : মঞ্চৰ পৰাই অসমৰ ৰাইজলৈ জনালে সেৱা

