ETV Bharat / state

উৰুকা বুলি বৃদ্ধি কৰিব নোৱাৰি মাছ-মাংসৰ দাম; অসাধু ব্যৱসায়ীক কঠোৰ সকীয়নি চৰকাৰৰ

জিলা আয়ুক্তই নিৰ্ধাৰণ কৰা দামতেই বিক্ৰী কৰিব লাগিব মাছ-মাংস ।

Minister Krishnendu Paul
মন্ত্ৰী কৃষ্ণেন্দু পাল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 10, 2026 at 9:22 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: ভোগালী বিহুলৈ মাজত মাথো তিনিদিন বাকী । উৰুকাৰ বজাৰত যাতে কোনোৱে অধিক দামত খাদ্য় সামগ্ৰী বিক্ৰী কৰিব নোৱাৰে সেই লৈ কঠোৰ নিৰ্দেশনা চৰকাৰৰ । মাঘ বিহুৰ উৰুকাত মাছ-মাংসৰ দাম অসাধু ব্যৱসায়ীয়ে বৃদ্ধি কৰিব নোৱাৰি বুলি সকীয়াই দিছে চৰকাৰে । ব্য়ৱসায়ীয়ে জধে-মধে মাছ-মাংসৰ দাম বৃদ্ধি কৰিব নোৱাৰিব ।

বজাৰে বজাৰে কৰিব নিৰীক্ষণ :

বিভাগীয় মন্ত্ৰী কৃষ্ণেন্দু পালে অসাধু ব্যৱসায়ীক দিলে কঠোৰ সকীয়নি । শনিবাৰে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী কৃষ্ণেন্দু পালে কয়, "বিহুৰ উৰুকাত অসাধু ব্যৱসায়ীয়ে মাছ-মাংসৰ দাম বৃদ্ধি কৰিব নোৱাৰিব । মীন বিভাগ আৰু পশু পালন বিভাগে গঠন কৰিছে প্ৰতিখন জিলাত এছ টি এফ । এছ টি এফে মাছ-মাংসৰ বজাৰে বজাৰে কৰিব নিৰীক্ষণ । ইতিমধ্যে নিৰীক্ষণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে । মাছ-মাংস, কণী, গাখীৰ যাতে উৎকৃষ্ট মানৰ আৰু উচিত মূল্যত পোৱা যায় তাৰপ্ৰতি লক্ষ্য ৰাখি যোৱা বছৰৰ পৰা এই ব্যৱস্থা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত লোৱা হৈছে ।"

মন্ত্ৰী কৃষ্ণেন্দু পাল (ETV Bharat Assam)

জিলা আয়ুক্তই নিৰ্ধাৰণ কৰিব দাম :

মন্ত্ৰীগৰাকীয়ে পুনৰ কয়, "উৰুকাত যিসকল অসাধু ব্যৱসায়ীয়ে ক'লা বজাৰ চলাই তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব । জিলা আয়ুক্তই নিৰ্ধাৰণ কৰা দামতেই বিক্ৰী কৰিব লাগিব মাছ-মাংস । ইতিমধ্যে দুয়োটা বিভাগ সক্ৰিয় কৰি তোলা হৈছে ।"

উল্লেখ্য যে, মাঘৰ বিহুৰ উৰুকাৰ সুযোগ লৈ প্ৰতি বছৰে অসাধু ব্যৱসায়ীয়ে মাছ-মাংসৰ দাম নিজৰ খেয়ালখুচি মতে মূল্য বৃদ্ধি কৰে । তাৰ প্ৰতি ল‌ক্ষ্য ৰাখিয়েই এই ব্যৱস্থা গ্ৰহণ কৰিছে বিভাগে ।

লগতে পঢ়ক:মাঘ বিহুত আনুষ্ঠানিকভাৱে ম'হযুঁজ নহ'লেও পৰম্পৰা যে ৰক্ষা কৰিবই লাগিব; সাজু হৈছে আহঁতগুৰিৰ গোৱাল-ম'হ

চক্ৰবেহু আৰু ৰংঘৰৰ আৰ্হিত ভেলাঘৰৰে ভোগালীক আদৰিবলৈ সাজু ডিব্ৰুগড়ৰ ৰাইজ