মঙলবাৰে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ প্ৰথম শুনানি, আদালতত সোঁশৰীৰে উপস্থিত নাথাকে ৭ অভিযুক্ত
ভাৰ্চুৱেলী শুনানিৰ নিৰ্দেশ দণ্ডাধীশৰ । ১৬ ডিচেম্বৰত হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বিচাৰ প্ৰক্ৰিয়াৰ প্ৰথমটো শুনানি ।

Published : December 15, 2025 at 8:30 PM IST
গুৱাহাটী : জুবিন গাৰ্গ মৃত্যু গোচৰৰ চাৰ্জশ্বীট দাখিল হোৱাৰ পিছত ফাষ্টট্ৰেক ক'ৰ্টত বিচাৰ প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ’ব বৰ্তমানলৈ সেয়া অনিশ্চিত যদিও মঙলবাৰে ন্যায়ালয়ত অসম আৰক্ষীৰ ১৮/২০২৫ গোচৰৰ প্ৰথমটো শুনানি আৰম্ভ হ’ব ।
ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কামৰূপ মহানগৰ চি জে এম আদালতত ৪০৮৪/২০২৫ নম্বৰত গোচৰ পঞ্জীয়ন হৈছে । সেই অনুসৰি পঞ্জীকৃত গোচৰৰ পৰৱৰ্তী শুনানি হ’ব ১৬ ডিচেম্বৰ অৰ্থাৎ কাইলৈ মঙলবাৰে । অসম চৰকাৰ বনাম সিদ্ধাৰ্থ শৰ্মা আৰু অনান্যসকলৰ নামেৰে চলিব এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ।
কাইলৈ আদালতত হ’বলগীয়া জুবিন গাৰ্গৰ মৃত্যুৰ প্রথমটো শুনানিৰ দিনা নিয়ম অনুসৰি আদালতত হাজিৰ হ'ব লাগিব ৭ অভিযুক্ত ৷ শেহতীয়াকৈ জানিব পৰা মতে, আইন-শৃংখলাজনিত কাৰণৰ বাবেই আদালতত সোঁশৰীৰে উপস্থিত নাথাকে ৭ অভিযুক্ত ৷ ভাৰ্চুৱেলী হ'ব জুবিন হত্যা গোচৰৰ ৭ অভিযুক্তৰ শুনানি ।

অসম আৰক্ষীৰে বৈঠকৰ অন্তত ভাৰ্চুৱেলী শুনানিৰ নিৰ্দেশ দণ্ডাধীশৰ । এই কথা সদৰী কৰে লোকাধিবক্তা প্ৰদীপ কোঁৱৰে । কাইলৈ শুনানিত অভিযুক্তৰ স্বাস্থ্যৰ খতিয়ান লোৱাৰ লগতে অভিযোগনামা অভিযুক্তই লাভ কৰা আদি প্ৰসংগ উত্থাপন হ’ব ।
উল্লেখযোগ্য যে, বাক্সাৰ জিলা কাৰাগাৰত বন্দী হৈ আছে জুবিন হত্যাৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, সন্দীপন গার্গ । ইফালে হাফলঙৰ কাৰাগাৰত বন্দী হৈ আছে শেখৰজ্যোতি গোস্বামী, অমৃতপ্রভা মহন্ত ৷ জুবিনৰ PSO পৰেশ বৈশ্য-নন্দেশ্বৰ বৰাও বন্দী হৈ আছে বাক্সাৰ নিকাচিস্থিত জিলা কাৰাগাৰত ।
মন কৰিবলগীয়া যে অসম আৰক্ষীৰ SIT এ ন্যায়ালয়ত দাখিল কৰা ১২২৭০ পৃষ্ঠাজোৰা চাৰ্জশ্বীট অধ্যয়নৰ পিছত এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ছেচন ক'ৰ্টলৈ স্থানান্তৰ হোৱাৰ সম্ভাৱনাই বেছি ।
মঙলবাৰে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বিচাৰৰ প্ৰথমটো শুনানি আৰম্ভ হ’লেও কাৰ্যত অভিযুক্তৰ হৈ ন্যায়ালয়ত কোনো অধিবক্তা নথকাৰ সম্ভাৱনাই অধিক । কিয়নো ইতিমধ্যে অসম উকীল সন্থাই জুবিন মৃত্যুৰ লগত কোনো অভিযুক্তক আইনী সাহাৰ্য প্ৰদান নকৰাৰ সিদ্ধান্ত লৈ থৈছে ।
যদিহে আইন সেৱা প্ৰাধিকৰণে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা তথা আন অভিযুক্তসকলক আইনী সাহাৰ্য প্ৰদানৰ বাবে অধিবক্তা নিয়োগ কৰে তেতিয়াহে গোচৰৰ প্ৰক্ৰিয়া তৰান্বিত হ’ব বুলি ক’ব পৰা যায় । দুদিন পূৰ্বে শ্যামকানু মহন্তৰ পত্নী অনিতা গোস্বামীয়ে উচিত ন্য়ায়ৰ স্বাৰ্থত উকীল সন্থাক তেওঁলোকৰ সিদ্ধান্ত উঠাই ল’বলৈ আহ্বান জনাই আনুষ্ঠানিকভাৱে পত্ৰযোগে অনুৰোধ জনাইছিল । কিন্তু উকীল সন্থা বৰ্তমানলৈ নিজৰ স্থিতিত অটল হৈ আছে ।

