ETV Bharat / state

শিৱসাগৰত আৰক্ষীৰে প্ৰচণ্ড গুলীয়াগুলী, গুলীবিদ্ধ দুই দুৰ্বৃত্ত

দাবী কৰা ধন নিবলৈ আহি আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা ৷

FIRING INCIDENT IN SIVASAGAR
শিৱসাগৰত আৰক্ষী-দুৰ্বৃত্তৰ প্ৰচণ্ড গুলীয়াগুলী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 25, 2026 at 8:28 PM IST

2 Min Read
Choose ETV Bharat

শিৱসাগৰ: পুনৰ গৰজি উঠিল অসম আৰক্ষীৰ অস্ত্ৰ ৷ শিৱসাগৰৰ বগীদল মাদুৰী ম'লাই গাঁৱত আৰক্ষী আৰু দুৰ্বৃত্তৰ মাজত প্ৰচণ্ড গুলীয়াগুলী ৷ আৰক্ষীৰ গুলীত আহত হৈছে দুই দুৰ্বৃত্ত ৷ আহত দুই দুৰ্বৃত্তক আলফাৰ সদস্য বুলি সন্দেহ কৰা হৈছে ।

ঘটনা অনুসৰি, দেওবাৰে শিৱসাগৰৰ ব্যৱসায়ী লাচিত গগৈক আঠ লাখ টকা দাবী কৰিছিল দলটোৱে । সেই দাবী কৰা ধন নিবলৈ বগীদল ম'লাগাঁৱৰ সমীপলৈ ছয়জনীয়া এটা দল আহিছিল ৷ কিন্তু দাবী কৰা ধন নিবলৈ আহি আৰক্ষীৰে মুখামুখি হয় ।

শিৱসাগৰত আৰক্ষী-দুৰ্বৃত্তৰ প্ৰচণ্ড গুলীয়াগুলী (ETV Bharat Assam)

আৰক্ষী দেখি সন্দেহযুক্ত আলফাৰ দলটোৱে প্ৰথমে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷ ইফালে আৰক্ষীয়েও প্ৰত্যুত্তৰ দিয়ে সন্দেহযুক্ত আলফাৰ দলটোক ৷ ফলত সন্দেহযুক্ত আলফাৰ দলটোৰ দুজন আহত হয় । আহত দুই সন্দেহযুক্ত আলফা হৈছে বগীদল ম'লা গাঁৱৰ ঋতু গগৈ আৰু জিতু গগৈ ৷ ঘটনা সন্দৰ্ভত শিৱসাগৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াই কয়,"লাচিত গগৈ নামৰ এজন ব্যৱসায়ীৰ পৰা ধন দাবী কৰিছিল দলটোৱে ৷ দাবী কৰা ধন নিবলৈ তিনিখন বাইকত ছয়জনীয়া এটা দল আহিছিল ৷ তেতিয়া আৰক্ষী দেখি দলটোৱে গুলীচালনা কৰে ৷ আৰক্ষীয়ে তাৰ প্ৰত্যুত্তৰ দিয়াত দুজন দুৰ্বৃত্ত আহত হৈছে আৰু ছয়জনীয়া দলটোৰ বাকী চাৰিজন বৰ্তমান পলাতক ৷"

ইফালে দুৰ্বৃত্তৰ দলটো আলফাৰ সদস্য আছিল নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শিৱসাগৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক চেতিয়াই কয়,"বৰ্তমানলৈকে এই সন্দৰ্ভত কোনো তথ্য লাভ কৰা নাই ৷"

ইফালে আহত ঋতু গগৈক ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে ডিব্রুগড় মেডিকেল কলেজলৈ প্ৰেৰণ কৰাৰ বিপৰীতে জিতু গগৈক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ৰখা হৈছে । আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, ঘটনাস্থলীৰ পৰা দুখন বাইক আৰু এটা মাৰণাস্ত্ৰ উদ্ধাৰ কৰা হৈছে । অভিযোগ অনুসৰি, বিগত পোন্ধৰ দিনৰ পৰা লাচিত গগৈক ধনদাবী কৰি আহিছিল দলটোৱে । আনহাতে, পূৰ্বে আৰক্ষীয়ে দলটোক কৰায়ত্ত কৰাৰ চেষ্টা কৰিছিল যদিও ব্যৰ্থ হৈছিল । অৱশেষত আৰক্ষীৰ মেৰপেচত সোমাই পৰে দুৰ্বৃত্তৰ দলটোৱ ৷ ফলত দুই ফৈদৰ মাজত প্ৰচণ্ড গুলীয়াগুলী হয় ৷

লগতে পঢ়ক:লখিমপুৰ আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰিলে অৰুণাচলী লোকক ?