এক অঘটনে নিমিষতে সৃষ্টি কৰিলে আতংকৰ , কথমপি প্ৰাণ ৰক্ষা পৰিল কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ
কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ষ্ট্ৰীট লাইটৰ উদ্বোধন কৰাৰ সময়তে সংগঠিত হয় অগ্নিকাণ্ড ।

Published : January 10, 2026 at 6:53 PM IST
যোৰহাট : গৌৰৱ গগৈয়ে প্ৰতিনিধিত্ব কৰা যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত ১০ টা বিধানসভা সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বাহৰ পাতি উন্নয়নমূলক কাম হাতত লোৱাৰ লগতে ৰাইজৰ মাজত সোমাই পৰিছে । তেনে এক পৰিকল্পনা লৈ শনিবাৰে মৰিয়নীত উপস্থিত হৈছিল বৈদেশিক পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা । মৰিয়নী পৌৰসভাৰ নেতৃত্বৰ সৈতে মৰিয়নী নগৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে ষ্টীট লাইটৰ উদ্বোধনী অনুষ্ঠানৰ বাবে অগ্ৰসৰ মন্ত্ৰীগৰাকী । লগত আছিল বিধায়ক ৰূপজ্যোতি কুৰ্মী ।
অনুষ্ঠানৰ বাবে সকলো সাজু কৰা হৈছিল । দলৰ কৰ্মী তথা স্থানীয় লোকো উপস্থিত আছিল । অনুষ্ঠানৰ আৰম্ভণিতে মৰিয়নীৰ পৌৰপতিগৰাকীয়ে চাকি জ্বলাইছিল । সেই সময়তে ষ্ট্ৰীট লাইটৰ তলত হঠাৎ জ্বলি উঠিল । তলেৰে যোৱা গেছ পাইপ লাইনত হঠাৎ অগ্নিকাণ্ড সংঘটিত হয় । লগে লগে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । পাইপ লাইন জ্বলি উঠাৰ উপৰিও সমগ্ৰ অঞ্চলটো ধোঁৱাময় হৈ পৰে । উক্ত স্থানত উপস্থিত থকা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিধায়ক ৰূপজ্যোতি কুৰ্মী সৌভাগ্যক্ৰমে ৰক্ষা পৰে । আনহাতে এই ঘটনাত মৰিয়নী পৌৰসভাৰ পৌৰপতি বিশ্বপ্ৰভা শইকীয়া আৰু ৱাৰ্ড সদস্য গায়ত্ৰী চক্ৰৱৰ্তী কিছু আঘাতপ্ৰাপ্ত হয় ।
এই ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কয়, "দুৰ্ঘটনা কোনেও কৰো বুলি সংঘটিত নকৰে । হঠাৎ হৈ যায় দুৰ্ঘটনা । এতিয়া আপোনালোকৰ লগত কথা পাতি আছোঁ এই সময়তো মূৰ্ছা যাব পাৰোঁ । এই ঘটনাৰ বাবে মই কাকো দোষাৰোপ নকৰো বা দোষ নিদিও ।" কিন্তু ইশ্বৰ, অসমবাসীৰ কৃপা আৰু আশীৰ্বাদত ৰক্ষা পৰিলোঁ ।" ইতিমধ্যে উক্ত স্থানত আৰক্ষী আৰু জিলা প্ৰশাসনৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

আনহাতে এই সন্দৰ্ভত মৰিয়নী পৌৰসভাৰ উপ পৌৰপতিয়ে কয়, "আজি মৰিয়নী নগৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে প্ৰতীকী ৰূপত ষ্ট্ৰীট লাইটৰ উদ্বোধনীৰ বাবে আহিছিল কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিধায়ক ৰূপজ্যোতি কুৰ্মী । সেই সময়ত আমাৰ পৌৰপতিয়ে চাকি জ্বলোৱাৰ লগে লগে তাৰ ওচৰৰে যোৱা গেছ পাইপ লাইন জ্বলি উঠে আৰু ধোঁৱাময় হৈ পৰে । সৌভাগ্যক্ৰমে ৰক্ষা পৰে কেন্দ্ৰীয় মন্ত্ৰী সহিতে বিধায়ক ৰূপজ্যোতি কুৰ্মী । এই ঘটনা অতি দুৰ্ভাগ্যজনক । কাৰণ গেছ নিৰ্গমন হৈ থকা বাবে চাকি জ্বলোৱাৰ লগে লগে গেছ পাইপ লাইনত জুই লাগে । ইতিমধ্যে এই সম্পৰ্কে আমি অসম গেছ কোম্পানীক অৱগত কৰিছোঁ ।"

কিন্তু কাৰ ভুলৰ বাবে এই ঘটনা সংঘটিত হ'ল ? ষ্ট্ৰীট লাইট স্থাপন কৰাৰ সময়ত গেছ নিৰ্গমনৰ কথাটো গম পোৱা নাছিল নেকি কৰ্তৃপক্ষই ? নে চমক সৃষ্টিৰ বাবে পাইপ লাইনৰ ওপৰতে স্থাপন কৰিলে ষ্ট্ৰীট লাইট ? সকলো কথা আৰক্ষীৰ তদন্তৰ পিছত হে পোহৰলৈ আহিব । ইফালে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ নিৰাপত্তা ব্যৱস্থাক লৈও বিভিন্ন ধৰণৰ প্ৰশ্ন উঠিছে ।
লগতে পঢ়ক :উজনিত হিমন্ত ৰজা নহয়, উজনিত মই আছোঁ মই... শিৱসাগৰত নিৰ্বাচন খেলিবলৈ মুখ্যমন্ত্ৰীক চেলেঞ্জ অখিল গগৈৰ

