ETV Bharat / state

কণ্ঠশিল্পী ৰূপাংকৃতা-অলংকৃতাৰ বিৰুদ্ধে এজাহাৰ; ইভেণ্ট মেনেজমেণ্টলৈ দোষ ঠেলিলে কণ্ঠশিল্পীদ্বয়ে

অগ্ৰিম ধন লোৱাৰ পাছতে চুক্তি পালন নকৰাৰ অভিযোগ কণ্ঠশিল্পী ৰূপাংকৃতা-অলংকৃতাৰ বিৰুদ্ধে ৷

Rupankrita Kalita and Alankrita Kalita
কণ্ঠশিল্পী ৰূপাংকৃতা-অলংকৃতাৰ বিৰুদ্ধে এজাহাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 16, 2026 at 3:45 PM IST

2 Min Read
Choose ETV Bharat

মৰিগাঁও : 'ৱণ্ডাৰ চিষ্টাৰ' খ্যাত কণ্ঠশিল্পী ৰূপাংকৃতা-অলংকৃতাৰ বিৰুদ্ধে শনিবাৰে জাগীৰোড আৰক্ষী থানাত এক ইভেণ্ট মেনজমেণ্টৰ সদস্যই এজাহাৰ দাখিল কৰে ৷ অভিযোগ অনুসৰি, ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে শনিবাৰে জাগীৰোডত নিৰ্মীয়মাণ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল ।

উক্ত অনুষ্ঠানত সংগীত পৰিৱেশন কৰাৰ বাবে চুক্তিবদ্ধ হৈছিল কণ্ঠশিল্পীদ্বয় ৷ কিন্তু চুক্তিবদ্ধ অনুসৰি সংগীত পৰিৱেশনৰ বাবে জাগীৰোডত নিৰ্মীয়মাণ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত আয়োজিত সাংস্কৃতিক অনুষ্ঠানত উপস্থিত নহ’ল ৷ যাৰ বাবে অগ্ৰিম ধন লৈ কণ্ঠশিল্পীদ্বয়ৰ বিৰুদ্ধে চুক্তি ভংগৰ অভিযোগ উত্থাপন হৈছে ৷ সেয়ে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজক কমিটীয়ে জাগীৰোড আৰক্ষী থানাত কণ্ঠশিল্পী ৰূপাংকৃতা-অলংকৃতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷

কণ্ঠশিল্পী ৰূপাংকৃতা-অলংকৃতাৰ বিৰুদ্ধে এজাহাৰ (ETV Bharat Assam)

এই সন্দৰ্ভত আয়োজক কমিটীয়ে কয়, "নিৰ্মীয়মাণ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত আয়োজিত সাংস্কৃতিক অনুষ্ঠানৰ বাবে ৰূপাংকৃতা-অলংকৃতাৰ চুক্তি কৰা হৈছিল ৷ ৫০ হাজাৰ টকাত চুক্তিবদ্ধ হৈছিল দুয়োগৰাকী কণ্ঠশিল্পী । ইয়াৰ বিপৰীতে তেওঁলোকে ১০ হাজাৰ টকা অগ্ৰিম ধন হিচাপে গ্ৰহণ কৰিছিল ৷ তেওঁলোকে দিনৰ ১০ বজাত উপস্থিত হোৱাৰ কথা আছিল ৷ কিন্তু অগ্ৰিম ধন লোৱাৰ পাছতো তেওঁলোক নাহিল ৷ যাৰ বাবে আমি কণ্ঠশিল্পীদ্বয়ৰ বিৰুদ্ধে আইনৰ আশ্ৰয় লৈছো ৷"

ইফালে আয়োজক কমিটীয়ে উত্থাপন কৰা অভিযোগৰ সন্দৰ্ভত সামাজিক মাধ্যমত দুয়োগৰাকী কণ্ঠশিল্পীয়ে কয়, "ইভেণ্ট মেনজমেণ্টৰ সৈতে হোৱা চুক্তিত সময় উল্লেখ আছিল ১০ বজাত ৷ সেয়া পুৱা ১০ বজাত নে ৰাতি ১০ বজাত সেয়া কোনো উল্লেখ কৰা নাছিল ৷ যিহেতু আমি প্ৰায়বোৰ অনুষ্ঠান ৰাতি হয় ৷ সেয়ে ৰাতি বুলি আমি পৰিকল্পান কৰিছিলো ৷"

তেওঁলোকে কয়, "পুৱা ইভেণ্ট মেনেজমেণ্টৰ এজন ব্যক্তিয়ে ফোন কৰাত আমি ততাতয়াকৈ সকলো সাজু কৰি দিনৰ ১ বজালৈ প্ৰগেম পিছুৱাই দিবলৈ কৈছিলো ৷ আমাৰ কথাত তেওঁলোকো মান্তিও হ'ল ৷ আমি যেতিয়া ঘৰৰ পৰা যোৱাৰ প্ৰস্তুতি কৰিলো তেতিয়া ইভেণ্ট মেনেজমেণ্টৰ ব্যক্তিয়ে ফোন কৰি ক’লে প্ৰগেম বাতিল কৰা হৈছে বুলি ৷"

দুই পক্ষৰ অভিযোগ-প্ৰতিঅভিযোগৰ মাজতে কোন সঁচা, কোন মিছা আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ৷

লগতে পঢ়ক:উজনিৰ বান চৰকাৰ আৰু কিছু দল-সংগঠনৰ বাবে উৎসৱ হৈ পৰিছে: আটাছু