দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ; মুকলি কৰিব কেইবাটাও প্ৰকল্প
কেন্দ্ৰীয় বিত্ত মন্ত্রীয়ে গুৱাহাটীত শুকুৰবাৰে সন্ধিয়া ৫.২০ বজাত গুৱাহাটীৰ প্ৰৱেশদ্বাৰ আৰু ৬.৩০ বজাত ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট উদ্বোধন কৰিব ।

Published : November 7, 2025 at 4:21 PM IST
গুৱাহাটী: দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ । শুকুৰবাৰে দিনৰ ভাগত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱা কেন্দ্ৰীয় বিত্ত মন্ত্রী নিৰ্মলা সীতাৰমণক উষ্ম আদৰণি জনোৱা হয় । আদৰণি জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিত্ত মন্ত্রী অজন্তা নেওগে ।
বিমানবন্দৰৰ পৰা কেন্দ্ৰীয় বিত্ত মন্ত্রীগৰাকী পোনে পোনে জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পলৈ ৰাওনা হয় । দুপৰীয়া ১২ বজাৰ পৰা বিয়লি ২.৩০ বজালৈ নিৰ্মলা সীতাৰমণে টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ অগ্ৰগতিৰ খতিয়ান ল'ব । লগতে স্থানীয় উদ্যোগীসকলৰ সৈতে মত বিনিময় কৰিব । তাৰপাছত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি কইনাধৰা ৰাজ্যিক অতিথিশালালৈ আহিব ।

ইয়াৰ পাছত সন্ধিয়া কেন্দ্ৰীয় বিত্ত মন্ত্রীগৰাকীয়ে গুৱাহাটীত দুটাকৈ অভিলাষী প্ৰকল্পৰ শুভ উদ্বোধন কৰিব । সন্ধিয়া ৫.২০ বজাত কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে ৩০৫ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা গুৱাহাটীৰ প্ৰৱেশদ্বাৰ (টাৰ্মিনেল আৰু নদীঘাট) মুকলি কৰিব ।
এই প্ৰকল্প নদী পৰিবহণ ব্যৱস্থাত এক নৱতম সংযোজন । ইয়াৰ বৈশিষ্ট্যসমূহ হৈছে সকলো বতৰতে কার্যক্ষম উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ভাসমান টার্মিনেল । ফেৰী টার্মিনেলৰ নিৰ্মীয়মাণ এলেকা হৈছে ৬,৮০০ বর্গমিটাৰ । নদীলৈ লিংকস্পেনৰ দৈৰ্ঘ হৈছে ১৭২ মিটাৰ । ডলফিনৰ আৰ্হিত নিৰ্মিত টার্মিনেল আৰু ঘাট ।
১০০ জনকৈ যাত্রী কঢ়িওৱা ৪ খন কাটামাৰাণ জাহাজ ৰখাৰ পৰা ১২০ মিটাৰ দৈৰ্ঘৰ পন্টুন আছে । আনহাতে, ১০.৯ মিটাৰ পৰ্যন্ত পৰিৱৰ্তিত জলস্তৰ উপযোগী ঘাট । লগতে আছে ই-টিকেটিং সুবিধাযুক্ত বিশ্বমানৰ টার্মিনেল ভৱন । তদুপৰি নিৰন্তৰ নিৰীক্ষণৰ বাবে অত্যাধুনিক আদেশ আৰু নিয়ন্ত্রণ কেন্দ্ৰ আছে ।
এই টাৰ্মিনেল আৰু ঘাট মুকলি কৰাৰ পাছতে সন্ধিয়া ৬.৩০ বজাত কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট উদ্বোধন কৰিব । লগতে জ্যেষ্ঠ নাগৰিকৰে মত বিনিময় কৰিব । ৩২৭ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা ব্ৰহ্মপুত্ৰ নদীপাৰ 'সতী ৰাধিকা শান্তি উদ্যান' নৈসর্গিক শোভাৰে আৱৰা বিনোদনৰ এক অনন্য ক্ষেত্র ।

নতুন আয়ুক্ত ভৱনৰ পৰা কাছাৰী ঘাটলৈ ১.২ কিলোমিটাৰ দৈর্ঘ্যৰ উন্নত নদীপাৰ হৈছে এই ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট । ইয়াত আছে ব্ৰহ্মপুত্ৰৰ পাৰত ১৫ মিটাৰ বিস্তৃত বীথিকা । ইয়াৰ উপৰি আছে পথ, চাইকেল ট্ৰেক আৰু বহিবলৈ ব্যৱস্থা ।
তদুপৰি শিশুৰ বাবে খেলা ঠাইৰ ব্যৱস্থা, মুকলিভাৱে শৰীৰচৰ্চাৰ সুবিধা আৰু ৪টা ব্যবসায়িক ভৱন আছে । সেইদৰে আছে অসমৰ বিষয়বস্তু সম্বলিত সাতখন প্রবেশদ্বাৰ । লগতে আছে নদীৰ পাৰৰ খহনীয়া প্ৰতিৰোধ ব্যৱস্থা ।
ইয়াৰ পিছত সন্ধিয়া ৭ বজাত কেন্দ্ৰীয় বিত্ত মন্ত্রীগৰাকী উপস্থিত হ'ব বিজেপিৰ ৰাজ্যিক কাৰ্যালয় বাজপেয়ী ভৱনত । বাজপেয়ী ভৱনত ৰাজ্যিক বিজেপিৰ নেতৃত্বৰে এক আলোচনাত মিলিত হ'ব নিৰ্মলা সীতাৰমণ । বাজপেয়ী ভৱনত নিশাৰ আহাৰ গ্ৰহণ কৰি নিশা কইনাধৰাৰ অতিথিশালাত থাকিব নিৰ্মলা সীতাৰমণ ।

শনিবাৰে পুৱা নিৰ্মলা সীতাৰমণ ৰাওনা হ'ব গহপুৰলৈ । দিনৰ ১১.১০ বজাত গহপুৰত উপস্থিত হৈ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব । লগতে এক ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰিব । গহপুৰৰ পৰা নিৰ্মলা সীতাৰমণ ইটানগৰলৈ ৰাওনা হ'ব ।

