ETV Bharat / state

খানাপাৰাত স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি; বীৰাংগনাৰ বিশেষ কাৰ্যসূচী

খানাপাৰাত ১৫ আগষ্টৰ পুৱা ৯ বজাত মুখ্যমন্ত্ৰীয়ে পতাকা উত্তোলন কৰিব । পেৰেডৰ চূডান্ত অনুশীলনত আৰক্ষী, সেনাৰ লগতে বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰো অংশগ্ৰহণ ।

Independence Day preparation
খানাপাৰাত স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 13, 2026 at 6:04 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন বাকী আছে । স্বাধীনতা দিৱস উদযাপনৰ বাবে দেশবাসী সাজু হৈছে । ঠায়ে ঠায়ে প্ৰস্তুতি চলিছে । অসমৰো প্ৰতিখন জিলাতে প্ৰশাসনে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলাই আছে ।

গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন কৰা হ'ব । যাৰ বাবে প্ৰশাসনৰ প্ৰস্তুতি অব্যাহত আছে।

খানাপাৰাত স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি (ETV Bharat)

পুৱাৰে পৰা খেলপথাৰত পেৰেডৰ অনুশীলনো চলি আছে । অসম আৰক্ষী, অৰ্ধসামৰিক বাহিনী, ভাৰতীয় সেনা, ড'গ স্কোৱাড, বীৰাংগনাকে ধৰি প্ৰতিটো বেটেলিয়নে পেৰেডৰ অনুশীলনত অংশগ্ৰহণ কৰিছে । ইফালে বিভিন্ন শিক্ষানুষ্ঠানৰ স্কাউট গাইডৰ দলবোৰেও এই পেৰেডৰ অনুশীলনত অংশ লৈছে ।

বৃহস্পতিবাৰে খানাপাৰাৰ খেলপথাৰত স্বাধীনতা দিৱসৰ চূড়ান্ত অনুশীলনত অসম আৰক্ষীকে ধৰি বিভিন্ন বাহিনী আৰু স্কাউট গাইডে অংশগ্ৰহণ কৰে । প্ৰায় ২৫ টা প্লাটুনে পেৰেডৰ অনুশীলনত অংশ লয় ।

জানিব পৰা মতে অসম আৰক্ষীৰ মহিলা কনিষ্টবলক লৈ গঠিত বিশেষ কামাণ্ডো বাহিনী বীৰাংগনাই স্বাধীনতা দিৱসত বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰিব । একেদৰে এইবাৰ স্বাধীনতা দিৱসৰ পেৰেডত নতুনকৈ বিহু নাঁচৰ সংযোজন কৰা হৈছে। এনচিচিৰ প্ৰথম বেটেলিয়নৰ বেণ্ডৰ প্লাটুনে বিহু নাঁচ পৰিৱেশন কৰিব । একেদৰে স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ সময়ত ভাৰতীয় বায়ু সেনাৰ ৩ খন হেলিকপ্টাৰেৰে আকাশমাৰ্গৰ পৰা পুষ্পবৃষ্টি কৰিব ।

দেশৰ স্বাধীনতা দিৱস উদযাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ এনচিচিৰ কেডাৰসকল যথেষ্ট উৎসাহী হৈ আছে । পেৰেডৰ অনুশীলনৰ শেষত এনচিচি কেডাৰসকলে কয়, "বহুত ভাল লাগিছে । ছাৰসকলে ইমান ভালকৈ শিকাইছে । এতিয়ালৈ মোৰ ৩ বছৰ হ'ল । এইবাৰ তৰোৱাল আৰু ৰাইফল দিয়া হৈছে । সেইকাৰণে বেছি ভাল লাগিছে । পুৱা ৬ বজাতে আমি আহি পাও । দিনটো অনুশীলন কৰা হয় । বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰায় ৫০ গৰাকী কেডাৰ আহিছে । এইবাৰৰ অভিজ্ঞতা পূৰ্বতকৈ পৃথক ।"

উল্লেখ্য যে ১৫ আগষ্টৰ পুৱা ৯ বজাত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিব । য'ত বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব । এনে পৰিস্থিতিত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰৰ চাৰিওফালে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে । আৰক্ষী, অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে ।

লগতে পঢ়ক :

অসম–অৰুণাচলৰ সীমান্তত অৰুণাচল আৰক্ষীৰ গুলীচালনা, মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া