আকাশতো ৰং বতাহতো ৰং ! ৰঙীন মহানগৰীত ডি জেৰ তালে তালে নৃত্য
মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা ফাঁচী বজাৰলৈ ওলাই আহে হাজাৰ হাজাৰ লোক ।

Published : March 4, 2026 at 5:23 PM IST
গুৱাহাটী: ৰঙৰ উৎসৱত ৰাজ্য়বাসী মতলীয়া হৈ পৰিছে । ৰাজ্য়ৰ চৌদিশে হোলী খেলাৰ লগতে ডি জেৰ তালে তালে নৃত্য কৰি হাজাৰ হাজাৰ লোকে আনন্দ-উল্লাস কৰিছে । বুধবাৰে আন ঠাইৰ লগতে গুৱাহাটী মহানগৰীও আবিৰেৰে ৰঙীন হৈ পৰে । ৰঙা, নীলা, সেউজীয়া, হালধীয়া ৰঙৰ মাজত ডুব যায় মহানগৰবাসী ।
মহানগৰীত বুধবাৰৰ দিনটোত ফাকুৱা উপলক্ষে পাৰভঙা উচাহ পৰিলক্ষিত হয় । পুৱাৰে পৰাই মহানগৰীত আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰে । মহানগৰীৰ বিভিন্ন স্থানত হাজাৰ হাজাৰ লোক ওলাই আহি ফাকু খেলাৰ লগতে আনন্দ উল্লাস কৰে । ইয়াৰ ব্যতিক্ৰম নহয় উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্যৰ প্ৰাণকেন্দ্ৰ ফাঁচী বজাৰ ।
মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা ফাঁচী বজাৰলৈ ওলাই আহে হাজাৰ হাজাৰ লোক । বিশেষকৈ যুৱ প্ৰজন্ম ওলাই আহি হোলী খেলাৰ লগতে ডি জে ৰ তালে তালে নৃত্য কৰি আনন্দ উল্লাস কৰে । এই সন্দৰ্ভত ফাঁচী বজাৰত ফাকুৱাৰ আয়োজন কৰা এগৰাকী আয়োজকে কয়, "আমি বিগত ২৭ বছৰ ধৰি ফাকুৱা উদযাপন কৰি আছো । ফাকুৱা উদযাপন কৰাৰ মূল কাৰণ হ'ল জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে একলগ হৈ ৰঙৰ উৎসৱ উদযাপনৰ চেষ্টা কৰো । প্ৰতি বছৰে মহানগৰবাসী ওলাই আহে আৰু সু-শৃংখলিতভাৱে আনন্দৰ উৎসৱ ফাকুৱা উদযাপন কৰে । এইবাৰো মহানগৰবাসী ফাঁচী বজাৰলৈ ওলাই আহি ফাকুৱা উদযাপন কৰিছে । "


উল্লেখ্য যে ৰঙেৰে ৰঙীণ হৈ পৰা এই উৎসৱত নাম-কীৰ্তন আৰু হোলীগীত পৰিৱেশন কৰি হিন্দু ধৰ্মাৱলম্বী লোকসকলে দেশৰ-দহৰ মংগল কামনা কৰে । ইপিনে, দৌল মহোৎসৱক লৈ হোলী গীতৰ সুৰত সত্ৰনগৰী বৰপেটাত আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে । বৰপেটাৰ আকাশে-বতাহে এতিয়া কেৱল হোলীগীতৰ সুৰৰ মূৰ্চ্ছনা ।

