ETV Bharat / state

মৰিগাঁৱত বাহকজনিত ৰোগৰ সন্ত্ৰাস, স্বাস্থ্য বিভাগৰ ৰাইজলৈ বিশেষ আহ্বান

জাপানীজ এনকেফেলাইটিছত ২ গৰাকীৰ মৃত্যু, আক্ৰান্ত ১১ । ঘৰৰ আশে-পাশে জমা পানী আৰু মহৰ বংশবৃদ্ধি ৰোধ কৰিবলৈ স্বাস্থ্য বিভাগৰ আহ্বান ।

Morigaon JE cases
মৰিগাঁৱত বাহকজনিত ৰোগৰ সন্ত্ৰাস; স্বাস্থ্য বিভাগৰ ৰাইজলৈ বিশেষ আহ্বান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 13, 2026 at 8:46 PM IST

3 Min Read
Choose ETV Bharat

মৰিগাঁও: ৰাজ্যত বান আৰু বৰষুণৰ সমান্তৰালভাৱে এতিয়া ভয়াৱহ হৈ পৰিছে বাহকজনিত ৰোগৰ প্ৰকোপ । জুন মাহৰ পৰা অক্টোবৰ-নৱেম্বৰ মাহলৈ অসমত সাধাৰণতে জাপানীজ এনকেফেলাইটিছ, ডেংগু আৰু মেলেৰিয়াৰ দৰে মাৰাত্মক ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায় ।

এইবাৰ মৰিগাঁও জিলাতো ইয়াৰ ব্যতিক্ৰম হোৱা নাই । ইতিমধ্যে জিলাখনত জাপানীজ এনকেফেলাইটিছ (জে ই) ৰোগত আক্ৰান্ত হৈ দুগৰাকীকৈ লোকে প্ৰাণ হেৰুওৱাৰ ঘটনাই সৰ্বত্ৰে তীব্ৰ চাঞ্চল্য আৰু উদ্বেগৰ সৃষ্টি কৰিছে ।

মৰিগাঁৱত বাহকজনিত ৰোগৰ সন্ত্ৰাস (ETV Bharat Assam)

মৰিগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকে সদৰী কৰা চৰকাৰী তথ্য অনুসৰি, জিলাখনত বৰ্তমানলৈকে ১১ গৰাকী লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে । দুৰ্ভাগ্যবশতঃ ইয়াৰে দুগৰাকী আক্ৰান্ত ৰোগীয়ে ইতিমধ্যে চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাবটি লৈছে । স্বাস্থ্য বিভাগৰ এই পৰিসংখ্যাই জিলাখনৰ স্বাস্থ্য খণ্ডত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ।

কেৱল জাপানীজ এনকেফেলাইটিছেই নহয়, জিলাখনত সমান্তৰালভাৱে বৃদ্ধি পাইছে ডেংগু আৰু মেলেৰিয়াৰ প্ৰকোপো ।

বিভাগীয় সূত্ৰই প্ৰকাশ কৰা মতে, মৰিগাঁৱত বৰ্তমানলৈকে ৫ গৰাকী লোক ডেংগুত আৰু ৪ গৰাকী লোক মেলেৰিয়া ৰোগত আক্ৰান্ত হৈছে । আক্ৰান্ত আটাইকেইগৰাকী লোককে বৰ্তমান চিকিৎসালয়ত নিৰীক্ষণত ৰখা হৈছে ।

যিহেতু জুন মাহৰ পৰা নৱেম্বৰ মাহলৈকে এই সময়ছোৱাত মহৰ বংশবৃদ্ধি আটাইতকৈ বেছি হয়, সেয়েহে জিলা স্বাস্থ্য বিভাগে সৰ্বসাধাৰণ ৰাইজক সজাগ আৰু সতৰ্ক হ’বলৈ বিশেষভাৱে আহ্বান জনাইছে । স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, ঘৰৰ আশে-পাশে থকা নলা বা পানী জমা হ’ব পৰা পাত্ৰসমূহ পৰিষ্কাৰ কৰি ৰখা, শোৱাৰ সময়ত বাধ্যতামূলকভাৱে আঁঠুৱা ব্যৱহাৰ কৰা আৰু শৰীৰ সম্পূৰ্ণ ঢাক খাই থকা কাপোৰ পিন্ধাটো এই সময়ত অত্যন্ত জৰুৰী ।

এই সন্দৰ্ভত জিলা স্বাস্থ্য বিষয়াগৰাকীয়ে কয়, "আপোনালোক আটায়ে জানে যে এইকেইটা মাহ জুন মাহৰ পৰা অক্টোবৰ-নৱেম্বৰলৈকে কিছুমান বাহকজনিত ৰোগ বাঢ়ে । যেনে জাপানীজ এনকেফেলাইটিছ, ডেংগু, মেলেৰিয়া এই ৰোগবিলাকৰ এইখিনি সময়ত প্ৰাদুৰ্ভৱটো বাঢ়ে । গতিকে এইখিনি সময়ত আমি যথেষ্ট সাৱধান হৈ থাকিব লাগিব ।"

ইফালে, জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আক্ৰান্ত অঞ্চলসমূহ চিনাক্ত কৰি মহ নিবাৰক ঔষধ ছটিওৱাৰ (Fogging) লগতে সজাগতামূলক অভিযান তীব্ৰতৰ কৰি তোলা হৈছে । যিকোনো ধৰণৰ তীব্ৰ জ্বৰ হ’লেই ঘৰুৱা চিকিৎসাৰ ওপৰত নিৰ্ভৰ কৰি সময় নষ্ট নকৰি, পলম নকৰাকৈ ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ গৈ তেজ পৰীক্ষা কৰোৱাৰ বাবে স্বাস্থ্য বিভাগে ৰাইজক অনুৰোধ জনাইছে ।

লগতে পঢ়ক :নীপকোৰ পিছত এইবাৰ এনএইচপিচি ! বানত বুৰ গ'ল লখিমপুৰৰ বহু গাঁও
লগতে পঢ়ক :আমচাং বনাঞ্চলৰ ২,২০০ বিঘা ভূমি বেদখলৰ অভিযোগ প্ৰাক্তন বিধায়ক অতুল বৰাৰ