শেখৰৰ জামিন আবেদনৰ ৰায় সংৰক্ষণ ৰাখিলে আদালতে
২৬ মে‘ত আদালতে ৭ অভিযুক্তৰ চাৰ্জফ্ৰেমৰ ৰায় দিব ৷ ইয়াৰ পাছত ২৮ মে'ত শেখৰৰ জামিন আবেদনৰ ৰায় দিয়া হ'ব ৷

Published : May 18, 2026 at 3:48 PM IST
গুৱাহাটী: জুবিন গাৰ্গ হত্য়াৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ শুনানি সোমবাৰে ফাষ্টট্ৰেক আদালতে গ্ৰহণ কৰে ৷ শুনানিৰ পাছত আদালতে শেখৰৰ জামিনৰ ৰায় সংৰক্ষণ কৰি ৰাখে ৷ আদালতে ২৮ মে'ত দিব শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ শুনানিৰ ৰায় ৷
শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ শুনানিৰ সময়ত অভিযুক্তৰ অধিবক্তাৰ লগতে চৰকাৰী অধিবক্তা জিয়াউৰ কামাৰকে ধৰি পাঁচজনীয়া অধিবক্তাৰ দলটোৱে জামিন লাভৰ বিপক্ষে যুক্তি প্ৰদৰ্শন কৰে ৷ দুয়োটা পক্ষৰ যুক্তি প্ৰদৰ্শন পাছত আদালতে ৰায় সংৰক্ষণ কৰে ৷
শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ শুনানি সন্দৰ্ভত চৰকাৰী অধিবক্তা প্ৰদীপ্ত তালুকদাৰে কয়, "শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ শুনানি আজি সম্পন্ন হ'ল ৷ আমাৰ তৰফৰ পৰা যিখিনি ক’বলগীয়া আছিল সেইখিনি ক’লো ৷ যিহেতু ২৬ তাৰিখে ৭ অভিযুক্তৰ চাৰ্জফ্ৰেমৰ ৰায় দিব আদালতে ৷ সেয়ে ২৮ মে' তাৰিখে জামিন আবেদনৰ ৰায় দিয়া হ'ব ৷" শ্যামকানু, সিদ্ধাৰ্থৰ পাছত শেখৰজ্যোতি গোস্বামীৰ হৈ অধিবক্তাই ফাষ্টট্ৰেক আদালতত জামিন আবেদন দাখিল কৰিছিল ৷
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত আছিল জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী ৷ জুবিন গাৰ্গৰ মৃত্যুৰ পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা শেখৰজ্যোতি গোস্বামী বিগত বৰ্ষৰ ১৭ অক্টোবৰৰ পৰা হাফলং উপ-কাৰাগাৰত বন্দী হৈ আছে ৷ শেখৰজ্যোতি গোস্বামীৰ লগতে একেখন কাৰাগাৰত বন্দী হৈ আছে অন্যতম অভিযুক্ত অমৃতপ্রভা মহন্তও ৷
জুবিন গাৰ্গ হত্য়াৰ গোচৰত শেখৰ আৰু অমৃতপ্রভাৰ লগতে অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধেও ফাষ্টট্ৰেক আদালতত শুনানি চলি আছে ৷ ফাষ্টট্ৰেক আদালতে ২৬ মে’ ৭ অভিযুক্তৰ চাৰ্জফ্ৰেমৰ ৰায় দিব ৷ ইতিমধ্যে শর্মিলা ভূঞাৰ আদালতে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰিছে ৷ এনে পৰিপ্ৰেক্ষিতত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ সন্দৰ্ভত আদালতে কি ৰায় প্ৰদান কৰে, তাক লৈ উৎসুক হৈ আছে জুবিনৰ পৰিয়াল, অনুৰাগীৰ লগতে অসমবাসী ।
লগতে পঢ়ক : জুবিন হত্য়াৰ গোচৰত জামিন পাব নেকি অভিযুক্ত শেখৰজ্যোতি গোস্বামীয়ে ? ফাষ্টট্ৰেক আদালতত শুনানি আৰম্ভ

