ETV Bharat / state

ডুবাইবাসীয়েও সোৱাদ লৈছে ধেমাজিৰ মৌৰসৰ

মৌ পালন আন খেতিতকৈ কিয় লাভজনক ? সৰিয়হ খেতিৰ লগত মৌ পালন কৰিলে কিয় লাভ হয় ? ডুবাইলৈ গৈছে ধেমাজিৰ মৌ ৰস ৷

Farmers from Dhemaji become self reliant by beekeeping
১৫ বিঘা সৰিয়হৰ খেতিৰ লগতে কৰিছে মৌ পালন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 20, 2026 at 3:07 PM IST

3 Min Read
Choose ETV Bharat

ধেমাজি: সাম্প্ৰতিক সময়ত মৌ-পালন হৈ পৰিছে এবিধ লাভজনক ব্যৱসায় । মাত্ৰ এবাৰ এটা বাকচত বিনিয়োগ কৰাৰ পিছতেই মুকলি হয় উপাৰ্জনৰ বাট । ধেমাজিৰ মাটিখোলা খোলা গাঁৱৰ উদ্যমী খেতিয়ক মোলান ভূঞাই সৰিয়হ খেতিৰ সমান্তৰালভাৱে মৌ পালন কৰি অধিক লাভান্বিত হৈছে ৷ খেতিয়কজনে কেৱল নিজে স্বাৱলম্বী হোৱাৰ লগতে আন বহুতকে বিনামূলীয়া প্ৰশিক্ষণ দি মৌপালন কৰিবলৈ উৎসাহিত কৰিছে ৷ বৰ্তমান তেওঁৰ ১৫ বিঘা সৰিয়হৰ খেতিত ৩০ টাকৈ মৌ মাখিৰ বাকচ স্থাপন কৰিছে ৷

কিয় সৰিয়হৰ খেতিৰ সৈতে মৌপালন কৰা হয়:

এইক্ষেত্ৰত মৌ পালক মোলান ভূঞাই কয়, "এনেকৈ খেতি কৰিলে সৰিয়হৰো পালোঁ আৰু মৌ ৰসো পালোঁ ৷ সৰিয়হৰ ফুলত মৌ মাখিয়ে পৰাগ সংযোগ ঘটাই বাবে উৎপাদন বৃদ্ধি হয় আৰু আমাৰ লাভটো বেছি হয় ৷ যিসকলে পুহি লাভান্বিত হৈছে তেওঁলোকে প্ৰশিক্ষণ ল’বলৈ আহে ৷ এবাহৰ পৰা কেনেকৈ দুবাহ প্ৰস্তুত কৰিব পাৰি সেই বিষয়ে বিনামূলীয়াকৈ শিকাই দিয়া হয় ৷"

ডুবাইলৈ গৈছে ধেমাজিৰ মৌ ৰস (ETV Bharat Assam)

এই কামটোত ধেমাজি কৃষিবিজ্ঞান কেন্দ্ৰই বিভিন্ন সময়ত প্ৰশিক্ষণ দি অহাৰ লগতে মৌ পালনৰ বাকচ যোগানক ধৰি অহাৰ বাবে মোলান ভূঞাই ধন্যবাদ দিয়ে কৃষিবিজ্ঞান কেন্দ্ৰৰ বিষয়ববীয়াক ৷

ডুবাইত বিক্ৰী হৈছে মৌৰস:

সম্প্ৰতি মৌৰসৰ এখন ভাল বজাৰ আছে আৰু ইয়াৰ চাহিদা বৃদ্ধি পাইছে বৰ্তমান বজাৰত এক কেজি মৌ ৰস ৮০০ৰ পৰা ১০০০টকাত বিক্ৰী কৰে ৷ শেহতীয়াকৈ চলিত বছৰত জানুৱাৰী মাহত ডিব্ৰুগড়ৰ এজন ব্যক্তিৰ জৰিয়তে ডুবাইলৈ প্ৰেৰণ কৰিছে নিৰ্ভেজাল মৌৰস ৷

Farmers from Dhemaji become self reliant by beekeeping
৩০ টাকৈ মৌ মাখিৰ বাকচ স্থাপন কৰিছে (ETV Bharat Assam)

এইক্ষেত্ৰত তেওঁ কয়, "ইয়াতে প্ৰস্তুত কৰি বটলত ভৰাই বিক্ৰী কৰিছোঁ । বজাৰলৈ যাবলগীয়াও হোৱা নাই ৷ ডিব্ৰুগড়ৰ এজন লোকৰ যোগেদি বাহিৰলৈও পঠাইছোঁ ৷ বৰ্তমান ডুবাইলৈ তেওঁ দিছে, ইয়াৰ বজাৰখন যথেষ্ট ভাল ৷ উঠি অহা যুৱক যুৱতীসকলে আগবাঢ়ি আহিলে যথেষ্ট ভাল হ’ব বুলি ভাবিছোঁ ৷"

Farmers from Dhemaji become self reliant by beekeeping
মৌৰস উলিওৱাৰ সময়ত এগৰাকী কৃষক (ETV Bharat Assam)

একেদৰে অন্যান্য খেতিৰ তুলনাত মৌ পালন অতি সহজ আৰু লাভজনক । সেয়ে সকলোৱে কৰিব পাৰে বুলি মন্তব্য কৰে মৌপালকগৰাকীয়ে ৷ উল্লেখ্য যে ২০০১ চনতে প্ৰথমে ওড়িশাত মৌ পালনৰ ওপৰত মোলান ভূঞাই প্ৰথম প্ৰশিক্ষণ লৈছিল ৷ ইপিনে মোলান ভূঞাৰ ওচৰত প্ৰশিক্ষণ লৈ নিজাববীয়াকৈ মৌপালন আৰম্ভ কৰি উপকৃত হোৱা ধেমাজি মাছখোৱাৰ অৰুণ বৰুৱা আৰু গ্ৰীচ চন্দ্ৰ বুঢ়াগোঁহায়ে অন্য কৃষিতকৈ মৌপালন অধিক লাভজনক ব্যৱসায় বাবে সকলোকে মৌপালন কৰি স্বাৱলম্বী হ’বলৈ আহ্বান জনায় ।

লগতে পঢ়ক: কেৰেলা বিক্ৰী কৰি মটৰ চাইকেল কিনা এজন কৃষক; মাহে উপাৰ্জন কৰে ডেৰ লক্ষাধিক টকা

সকলোৰে সহ্যৰ এটা সীমা থাকে- নতুন ছবি 'শৰশয্যা'