ভকত চাপৰিত ভোগালীৰ ব্যস্ততা; গা সাতখন-আঠখন কুঁহিয়াৰ খেতিয়কৰ
মাঘ বিহুৰ প্ৰাকক্ষণত গুড় প্ৰস্তুত কৰাত ব্যস্ত মাজুলীৰ কুঁহিয়াৰ কৃষক । অৱশ্যে যাতায়াতৰ সমস্যাই বিপদত পেলাইছে ।

Published : January 9, 2026 at 3:28 PM IST
মাজুলী : ভোগৰ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । বিহুৰ দিন যিমানেই ওচৰ চাপি আহিছে ৰাজ্যৰ গ্ৰামাঞ্চলত সিমানে ব্যস্ততা বাঢ়িছে । এতিয়াৰে পৰা এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে । গাঁৱৰ ডেকাসকল যদি ভেলাঘৰ বা মেজি সজাত ব্যস্ত, ঠিক তেনেদৰে গাঁৱৰ মহিলা-যুৱতীসকল পিঠা, লাড়ু প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে ।
মুঠতে ভোগৰ উৎসৱ ভোগালীক আদৰিবলৈ এতিয়া ৰাজ্যৰ চৌদিশে ব্যাপক প্ৰস্তুতি চলিছে । সমান্তৰালকৈ সত্ৰনগৰী মাজুলীৰ ভকত চাপৰিত আকৌ ব্যস্ততা অধিক দেখা গৈছে । বিশেষকৈ কুঁহিয়াৰ খেতিয়কসকল দিনে নিশাই কঠোৰ পৰিশ্ৰম কৰিছে । কাৰণ ভকত চাপৰিৰ গুড় অসম বিখ্যাত ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ ভকত চাপৰিৰ গুড় ৰপ্তানি হয় । সেয়ে কোনোৱে যদি কুঁহিয়াৰ কাটিছে, কোনোৱে আকৌ কুঁহিয়াৰ পেৰিছে বা গুড় পগোৱাৰত ব্যস্ত হৈছে । ভকত চাপৰিৰ প্ৰায় প্ৰতিটো পৰিয়ালতে একধৰণৰ ব্যস্ততা দেখিবলৈ পোৱা গৈছে ।
আচলতে ভকত চাপৰিৰ চহা কৃষকসকলৰ পথাৰ এতিয়া শুৱনি কৰিছে কুঁহিয়াৰ খেতিয়ে । এই কুঁহিয়াৰ খেতি দেখি যেন আনন্দিত কৃষকসকল । কিয়নো তেওঁলোকে কৰা কষ্টৰ ফল পাবলৈ সক্ষম হৈছে । মাজুলীৰ ভকত চাপৰিৰ সকলো মানুহে এতিয়া দিন-ৰাতি একাকাৰ কৰি ব্যস্ত হৈ পৰিছে গুড় প্ৰস্তুত কৰাত । ধান খেতিতকৈ কুঁহিয়াৰ খেতিৰ ওপৰতে অধিক নিৰ্ভৰশীল এই অঞ্চলৰ কৃষকসকলৰ বাবে এয়াই অৰ্থনৈতিক স্বাৱলম্বিতাৰ মূল পথ ।
কেৱল মাজুলীতেই নহয় ভকত চাপৰিৰ এই গুড় বিক্ৰী হয় লখিমপুৰ, ঢকুৱাখানা, যোৰহাটৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত । আনকি দেশ-বিদেশৰ পৰ্যটকেও এই গুড়ৰ সোৱাদ ল'বলৈ ভিৰ কৰেহি ভকত চাপৰি অঞ্চলত । ভকত চাপৰি অঞ্চলৰ একোটা পৰিয়ালে কেৱল গুড় বিক্ৰী কৰিয়েই বছৰি ৩ৰ পৰা ৪ লাখ টকালৈকে উপাৰ্জন কৰিবলৈ সক্ষম হয় ।
এই সন্দৰ্ভত এজন কৃষকে কয়, "কাতি মাহৰ পৰা আমাৰ ইয়াত কুঁহিয়াৰ কাটিবলৈ আৰম্ভ কৰিছে । মই এইবাৰ ৫ বিঘাত কৰিছো । কিছুমানে ১০-১৫ বিঘালৈ কুঁহিয়াৰ খেতি কৰে । ইয়াৰ গুড় লখিমপুৰ, কমলাবাৰী, যোৰহাট, গুৱাহাটী আদিলৈ যায় ।"
কিন্তু ব্যস্ততাৰ মাজতো কৃষকসকলৰ মনত আছে ক্ষোভ আৰু হতাশা । কাৰণ এই চহকী কৃষি অৰ্থনীতিত এতিয়া প্ৰধান হেঙাৰ হৈ থিয় দিছে যাতায়াত ব্যৱস্থাই । ভকত চাপৰি অঞ্চলক সংযোগ কৰিব পৰাকৈ এখন পকী দলঙৰ কাম অসম্পূৰ্ণ হৈ থকাৰ বাবে ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰা বাঁহৰ দলঙেৰেই যাতায়াত কৰিবলগীয়া হৈছে । যাৰ সুযোগ লৈ বাহিৰৰ বেপাৰীয়ে গুড়ৰ দাম কমাই দিয়ে বুলি কয় ভকত চাপৰিৰ এজন কৃষকে । যাৰ ফলত এই খেতিৰ বিনিময়ত পাবলগীয়া ধন নাপায় তেওঁলোকে ।
এই সন্দৰ্ভত এজন কৃষকে কয়, "আমি বহুবাৰ মাজুলী প্ৰশাসনক এই সমস্যাটোৰ কথা কৈছিলো, কিন্তু গুৰুত্ব দিয়া নাই । যাতায়াতৰ ব্যৱস্থাটো সুচল নোহোৱা বাবে বেপাৰীবিলাকে গুড় নিবলৈ কষ্ট পায় । আকৌ তেওঁলোকক ঘাটত অধিক ধন ভৰিব লাগে বুলি দাম কমাই দিব বিচাৰে । আমি শ্ৰম কৰি বিনিময় যি পাব লাগে সেইটো পোৱা নাই । একমাত্ৰ যাতায়াতৰ ব্যৱস্থাৰ বাবে ।"
এইসকল কৃষকৰ আশা চৰকাৰে এই যাতায়াতৰ সমস্যাটো অতি সোনকালে সমাধান কৰিব যাতে তেওঁলোকে শ্ৰমৰ উচিত মূল্য লাভ কৰিবলৈ সক্ষম হয় । ইফালে ব্ৰহ্মপুত্ৰৰ খহনীয়াইও প্ৰতিটো সময়ত ভাবুকি কঢ়িয়াই আনিছে এই অঞ্চলৰ বাবে । তাৰ মাজতে কৃষকসকলে কৃষিৰ জৰিয়তে এক অৰ্থনৈতিক সংগ্ৰাম চলাই গৈছে ।
লগতে পঢ়ক :পদূলিত ভোগালী : সংকটৰ মাজতো দিনে-ৰাতিয়ে চাক ঘূৰিছে শালমৰাৰ কুমাৰৰ

