ETV Bharat / state

কাঠফুলাৰ বিস্কুট, আচাৰ আদি খাইছেনে ? কেনেকৈ প্ৰস্তুত কৰে জানিবলৈ যাওঁ আহক আৰিহণ এণ্টাৰপ্ৰাইজৰ কাষলৈ

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে স্বাৱলম্বিতাৰ যুঁজ । কথাৰে নহয় বন্ধু, কামেৰেহে পৰিচয় দি স্বাৱলম্বিতাৰ পথত আগবাঢ়িছে কনকলতা দাস আৰু অনুজ কুমাৰ শইকীয়াই ।

financial independence through mushroom farming
কাঠফুলাৰ খেতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 17, 2025 at 10:28 AM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : ইতিমধ্যে আমি বহু প্ৰতিবেদনত কাঠফুলাৰ খেতি কৰি স্বাৱলম্বী হোৱা বহু বাতৰিয়েই প্ৰকাশ কৰিছো ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৈজ্ঞানিক ভিত্তিত কৰা কাঠফুলাৰ এখন ভাল বজাৰ গঢ়ি উঠিছে ৷ ফলত বহু লোক উপকৃতও হৈছে ৷

কিন্তু কাঠফুলাৰ পৰা যে বিভিন্ন প্ৰকাৰৰ আচাৰ, বিস্কুট আদি প্ৰস্তুত কৰা হয়, সেই কথা বাৰু আপুনি শুনিছেনে ? হয় আপুনি ঠিকেই শুনিছে কাঠফুলাৰ পৰা আচাৰ, বিস্কুট আদিৰ লগতে বহু প্ৰয়োজনীয় সামগ্ৰী প্ৰস্তুত কৰা হয় ৷

আমি আমি ক’বলৈ লৈছো কাঠফুলাৰ খেতিৰে নিজে স্বাৱলম্বী হোৱাৰ লগতে আন দহগৰাকীকো কৰ্মসংস্থাপন দিয়া আৰিহণ এণ্টাৰপ্ৰাইজৰ কথা । গুৱাহাটী মহানগৰীৰ মাজমজিয়া লালমাটিত কাঠফুলাৰ খেতি কৰি, সেই খেতিৰ পৰা উৎপাদন হোৱা কাঠফুলেৰে আচাৰ, বিস্কুট আদি সামগ্ৰী প্ৰস্তুত কৰি গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে আৰিহণ এণ্টাৰপ্ৰাইজে ।

বিগত ১০ বছৰ ধৰি ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলত কাঠফুলাৰ বিকাশৰ বাবে কাম কৰি আহিছে অৰিহণৰ স্বত্বাধিকাৰী কনকলতা দাস আৰু অনুজ কুমাৰ শইকীয়াই ।

কাঠফুলেৰে আচাৰ, বিস্কুট আদি সামগ্ৰী প্ৰস্তুত কৰি গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে আৰিহণ এণ্টাৰপ্ৰাইজে (ETV Bharat Assam)
  • কাঠফুলাৰ পৰা কি কি সামগ্ৰী প্ৰস্তুত কৰে আৰিহণে ?

এই সন্দৰ্ভত অৰিহণৰ স্বত্বাধিকাৰী কনকলতা দাসে কয়, "কেঁচা কাঠফুলা, শুকান কাঠফুলা, কাঠফুলাৰ গুৰিৰ উপৰিও বিস্কুট, আচাৰ আদি প্ৰস্তুত কৰি আহিছো । প্ৰায় ৬ বিধ আচাৰ প্ৰস্তুত কৰো । তাৰ ভিতৰত আছে ভোটজলকীয়া কাঠফুলা আচাৰ, জলকীয়া কাঠফুলাৰ আচাৰ, আনাৰস কাঠফুলাৰ আচাৰ, তেতেলী কাঠফুলাৰ আচাৰ, নাৰিকল কাঠফুলাৰ আচাৰ আৰু নহৰু কাঠফুলাৰ আচাৰ । তদুপৰি মাচৰুমৰ প্ৰ'টিন পাউদাৰ, চকলেট, নুডেলচ আদি বনাইছো যদিও বজাৰত উলিয়াই দিয়া নাই । পৰৱৰ্তী সময়ত বজাৰত উলিয়াই দিয়াৰ পৰিকল্পনা কৰা হৈছে।"

  • কেতিয়াৰ পৰা এই ব্যৱসায়ৰ লগত জড়িত হয় ?

তেওঁ কয়, ‘‘২০১৬ চনৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ গাঁৱৰ লগতে মণিপুৰ, মিজোৰাম, নাগালেণ্ড, মেঘালয় আদিত কাঠফুলাৰ খেতি কিদৰে কৰা হয়, তাৰ প্ৰশিক্ষণ দিয়াৰ উপৰিও খেতিয়কসকলক কাঠফুলাৰ বীজৰ যোগান ধৰি আহিছিলো । খেতিয়কৰ পৰা উৎপাদন হোৱা কাঠফুলাবোৰ বিক্ৰীৰ ব্যৱস্থা কৰি দিছিলো । কিন্তু কোভিডৰ সময়ত সকলোবোৰ বন্ধ হৈ গ'ল । কোভিডৰ পিছত আমি পুনৰ আৰিহণ এণ্টাৰপ্ৰাইজ নামেৰে ফাৰ্মখন আৰম্ভ কৰিলো । গুৱাহাটীৰ লালমাটি এডোখৰ ঠাই ভাৰাত লৈ আৰম্ভ কৰিলো । তেতিয়াৰ পৰা এই ফাৰ্মখন চলি আছে । পৰৱৰ্তী সময়ত ৪-৫ বিঘা মাটিত ফাৰ্মখন কৰাৰ লক্ষ্য লোৱাৰ লগতে ফাৰ্মখনৰ লগত বৰ্তমান জড়িত হৈ থকা ১২ জন কৰ্মচাৰীৰ পৰা ২০০ কৰাৰ পৰিকল্পনা আছে ।"

financial independence through mushroom farming
স্বাৱলম্বিতাৰ যুঁজত কনকলতা (ETV Bharat Assam)
  • কোন কোন স্থানলৈ যায় তেওঁলোকৰ ফাৰ্মৰ কাঠফুলাৰে প্ৰস্তুত কৰা সামগ্ৰী ?

কনকলতা দাসে কয়, ‘‘আমি বিভিন্ন প্ৰদৰ্শনীবোৰত অংশগ্ৰণ কৰি সামগ্ৰীবোৰ বিক্ৰী কৰি আহিছো । মহানগৰীৰ অনুষ্ঠিত হোৱা বিভিন্ন প্ৰদৰ্শনীৰ উপৰিও গুজৰাট, দিল্লী, মেঘালয় আদি ৰাজ্যত অনুষ্ঠিত প্ৰদৰ্শনীত প্ৰদৰ্শন কৰা হৈছে । তদুপৰি মণিপুৰ, নাগালেণ্ড, ডিমাপুৰ আদিলৈ আমাৰ সামগ্ৰী গৈছে । ইয়াৰোপৰি আমাৰ ভেটাপাৰাত এখন আউটলেট আছে । তদুপৰি এইবাৰ এডভানণ্টেজ আসামত অংশগ্ৰহণ কৰিছিল । তাত বিদেশৰ পৰা অহা অতিথিসকলে আমাৰ কাঠফুলাৰ পৰা প্ৰস্তুত কৰা খাদ্য সামগ্ৰীবোৰ খুব ভাল পাইছিল ।"

  • কম খৰচতে কাঠফুলাৰ খেতি কৰি স্বাৱলম্বী হ’ব পাৰি :

কনকলতা দাসে কয়, "অতি কম খৰচতে কাঠফুলাৰ খেতি কৰি স্বাৱলম্বী হ’ব পৰা যায় । আমি প্ৰশিক্ষণ দিয়া প্ৰায় এহেজাৰ মহিলাই কাঠফুলাৰ খেতি কৰি স্বাৱলম্বী হৈছে । মাহত ১৫-২০ হাজাৰ টকা উপাৰ্জন কৰি আছে ।"

আনহাতে ফাৰ্মখনৰ আনগৰাকী স্বতাধিকাৰী অনুজ কুমাৰ শইকীয়াই কয়, "বিশেষকৈ গ্ৰাম্যাঞ্চলত ৫-১০ হাজাৰ টকা খৰচ কৰি কাঠফুলাৰ খেতি আৰম্ভ কৰিব পাৰি । আমি প্ৰশিক্ষণ দিয়া বহু খেতিয়কে কাঠফুলাৰ খেতি কৰি স্বাৱলম্বী হৈছে । আত্মসহায়ক গোট তথা চ’ছাইটিৰবোৰেও কাঠফুলাৰ খেতি কৰিবলৈ আগবাঢ়ি আহিব পাৰে । আমি বিগত ১০ বছৰত উত্তৰ পূৰ্বাঞ্চলত প্ৰায় ১০ হাজাৰ লোক কাঠফুলাৰ খেতিৰ প্ৰশিক্ষণ দি আহিছো । কোভিডৰ পিছত আমি গুৱাহাটীৰ ওচৰৰ জিলা নলবাৰী, বৰপেটা, নগাঁও, মৰিগাঁও, গোৱালপাৰা আদি জিলাৰ গাঁওবোৰলৈ গৈ প্ৰশিক্ষণ দি আহিছো । বৰ্তমান তেওঁলোক উৎপাদন আৰম্ভ কৰিছে । আমি তেওঁলোক প্ৰশিক্ষণ দিয়াৰ উপৰিও পশ্চিমবংগ, শিলিগুৰি, কোচবিহাৰ আদিৰ পৰা অনা উন্নত মানৰ বীজ যোগান ধৰা হয় ।"

financial independence through mushroom farming
কাঠফুলাৰ বিস্কুট, আচাৰ প্ৰস্তুত কৰি গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ আৰিহণ এণ্টাৰপ্ৰাইজে (ETV Bharat Assam)
  • কাঠফুলাৰ খেতি কৰিবলৈ কি কি সামগ্ৰীৰ প্ৰয়োজন হয় ?

অনুজ কুমাৰ শইকীয়াই কয়, "কাঠফুলাৰ খেতিৰ বাবে ধানখেৰ, পলিথিন, বাঁহ আৰু উন্নতমানৰ কাঠফুলাৰ বীজৰ প্ৰয়োজন হয় ।"

  • কাঠফুলাৰ উপকাৰিতা :

শইকীয়াই কয়, "কাঠফুলাৰ বহু উপকাৰী গুণ আছে । কাঠফুলা হাই প্ৰ'টিনযুক্ত । ডাইবেটিছ, কেন্সাৰ, হাই প্ৰেচাৰৰ উপৰিও কোষ্ঠকাঠিন্যত ভোগা ৰোগীৰ বাবে কাঠফুলা উপকাৰী খাদ্য ।"

লগতে পঢ়ক : কাঠফুলাৰ পৰা নহয় কি ! চাবোন, মিঠাই, আচাৰ প্ৰস্তুত কৰি দেখুৱাই দিলে এগৰাকী উদ্যমী মহিলাই

লগতে পঢ়ক : অসমত প্ৰথমবাৰৰ বাবে দুগ্ধ কাঠফুলাৰ খেতি কৰা যুৱকৰ সৈতে এখন্তেক