কৃত্ৰিম বানে সপোন ভাঙিছে কৃষকৰ, কঠীয়াতলি নে পুখুৰী চিনিবই নোৱাৰি
একাংশ লোকে মইমতালিৰে য'তে ততে পানী ওলাই যোৱা পথ বন্ধ কৰাত প্ৰভাৱ পৰিছে কৃষিভূমিত ।

Published : June 28, 2026 at 11:14 AM IST
ধেমাজি : এতিয়া পথাৰত কৃষকে সপোন দেখা সময় । পিছে এই ভৰপক সময়তো এফালে যদি বাঢ়নী পানীয়ে খেতিপথাৰ বালিয়ে পুতিছে, আনফালে বৰষুণৰ আৱদ্ধ পানীয়ে কৃষকৰ সপোন ভাঙিছে । একাংশ লোকে মইমতালিৰে য'তে ততে পানী ওলাই যোৱা পথ বন্ধ কৰাৰ ফলত বহু কৃষকৰ খেতিপথাৰত আৱদ্ধ হৈ পৰিছে পানী ।
নেৰানেপেৰা বৰষুণত দহদিনে পানীৰ তলত থকাত সমূলঞ্চে নষ্ট হ’ল ধেমাজি ৰাজহচক্ৰৰ অধীনৰ শান্তিপুৰ মাজগাঁৱৰ নিতুল দত্ত নামৰ কৃষকৰ ঘৰৰ সন্মুখতে ৰোপণ কৰা কঠীয়াতলি । পুখুৰী সদৃশ হৈ পৰা কঠীয়াতলিত ডুব গৈছে লহপহকৈ বাঢ়ি অহা ৬০ কেজিৰো অধিক কঠীয়া । এতিয়া শালিধান ৰোৱা ভৰপক সময়ত কঠীয়া নষ্ট হোৱা দেখি মূৰে-কপালে হাতদিবলগীয়া হৈছে পৰিয়ালটোৱে ৷
কঠীয়াৰ লগতে নষ্ট হৈছে কচু খেতি ৷ এই সন্দৰ্ভত কৃষকজনে কয়, "আচলতে এইটো পুখুৰী নহয় কঠীয়াহে পেলাইছিলো; কিন্তু কৃত্ৰিম বানৰ ফলত পুখুৰী সদৃশ পৰিৱেশ হৈ আছে ৷ আগতে নৰ্দমা আছিল, বৰষুণ হ’লেও পানী শুকাই যায়; কিন্তু এইবছৰ কিছুমান মানুহে অপৰিকল্পিতভাৱে জানিবুজি কালভাৰ্ট এটা বহাই দিলে ৷ এতিয়া পানী আৱদ্ধ হৈ কৃত্ৰিম বানৰ সৃষ্টি হৈছে । মোৰ ৬০কেজি কঠীয়া নষ্ট হৈছে ৷ লগতে কচু খেতিও নষ্ট হৈছে ৷"
ইপিনে, একে গাঁৱৰে দুজনমান লোকে পানী যোৱা নলাটোত নিজ মইমতালিৰে পানী জমা হোৱা অংশতকৈ অধিক উচ্চতাত স্থাপন কৰা বাবেই কৃষক পৰিয়ালটোৱে দুৰ্ভোগ ভুগিবলগীয়া হৈছে বুলি অভিযোগ উত্থাপন কৰিছে ৷ সেয়ে এনে কাৰ্যত জড়িত গাঁৱৰ কেইবাজনো লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটোৱে । জিলা কৃষি বিভাগ আৰু ৰাজহ চক্ৰ বিষয়াকো দাখিল কৰিছে অভিযোগ ৷
লগতে পঢ়ক:বালিয়ে পুতিলে সেউজীয়া ধাননি, পথাৰলৈ চাই হাহাকাৰ কৃষকৰ
বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি মথাউৰি নিৰ্মাণৰ আশ্বাস ডাঃ ৰণোজ পেগুৰ
জোনাইত ডেপী নদীৰ খহনীয়াৰ ব্যাপক ৰূপ; নদীৰ বুকুত জাহ গ'ল ৮ পৰিয়ালৰ ঘৰ

