নকল বীজ বিক্ৰীৰ অভিযোগ: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৃষকৰ
নিম্নমানৰ মাকৈৰ বীজ বিক্ৰী কৰিছে কোনে ? বৃহৎ আৰ্থিক লোকচানৰ সন্মুখীন খেতিয়ক ।

Published : June 12, 2026 at 2:39 PM IST
বৰপেটা: বৰপেটা জিলাৰ বাঘবৰত মাকৈৰ নিম্নমানৰ বীজ বিক্ৰীৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । এনে বীজৰ বাবেই অঞ্চলটোৰ একাংশ খেতিয়কে আশানুৰূপ ফচল লাভ নকৰাৰ অভিযোগ উঠিছে । ইয়াৰ ফলত খেতিয়কসকল বৃহৎ আৰ্থিক লোকচানৰ সন্মুখীন হৈছে । কেবাজনো খেতিয়কে এই অভিযোগ উত্থাপন কৰে ।
বৰপেটা প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত বাবুল আলী, ইব্ৰাহিম আলী আৰু ৰুজু আলী নামৰ মাকৈৰ খেতিয়ক কেইজনে অভিযোগ কৰে যে তেওঁলোকে বাঘবৰ বজাৰত থকা মান্নান মোল্লাৰ দোকানৰ পৰা প্ৰায় ৭৪ বিঘা মাটিত মাকৈ খেতিৰ বাবে বীজ ক্ৰয় কৰিছিল । কিন্তু বীজৰ ফচল মুঠেই আশানুৰূপ নহ'ল। আনকি দোকানখনে প্ৰতি বেগত চৰকাৰীভাৱে ২৬৬ টকাত বিক্ৰী হ’বলগীয়া ইউৰীয়া সাৰৰ মূল্যও তেওঁলোকৰ পৰা ৪৯০ টকাকৈ আদায় লয় ।
সংবাদমেলত এজন কৃষকে কয়,"এই বিষয়ে কৃষি বিভাগ আৰু বাঘবৰ থানাত লিখিত অভিযোগ দাখিল কৰা হৈছে । কিন্তু কৃষি বিভাগ অথবা আৰক্ষী কোনেও আজিলৈকে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই । অভিযোগ দাখিলৰ পাছত বীজ বিক্ৰেতাজনক থানালৈ মাতি নিয়া হৈছিল যদিও পৰৱৰ্তী সময়ত কোনো ব্যৱস্থা লোৱা নহ'ল বুলি তেওঁলোকে অভিযোগ কৰে ।"

তেওঁ পুনৰ কয়,"তিনিওজন কৃষকে লগতে দাবী কৰে যে কৃষি বিভাগে তদন্ত চলাই দোকানীয়ে যি বীজ দিয়াৰ কথা কৈছিল, বাস্তৱত সেই বীজৰ পৰিৱৰ্তে অন্য বীজ বিক্ৰী কৰাৰ তথ্য লাভ কৰিছিল । আনকি দোকানীয়ে প্ৰথম অৱস্থাত সেই বীজ বিক্ৰীৰ কথা স্বীকাৰো কৰিছিল বুলি তেওঁলোকে আন এক দাবী কৰে । তথাপিও বিভাগীয়ভাৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি কৃষক কেইজনে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ।"

কৃষককেইজনে জনাই যে, তেওঁলোকৰ ওচৰত সংশ্লিষ্ট বীজৰ পেকেট আৰু নমুনা সংৰক্ষিত আছে, যিসমূহ প্ৰমাণ হিচাপে দাখিল কৰিবলৈ সাজু আছে । সংবাদমেলত উপস্থিত কৃষকসকলে অসমৰ মুখ্যমন্ত্ৰীক বিষয়টোত হস্তক্ষেপ কৰি নিৰপেক্ষ তদন্তৰ ব্যৱস্থা কৰাৰ লগতে কৃষকক প্ৰতাৰণা কৰা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । তেওঁলোকে ক্ষতিগ্ৰস্ত কৃষকসকলক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ ব্যৱস্থাও কৰিবলৈ চৰকাৰক আহ্বান জনায় ।

