মহানায়কৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে সাত যুৱকে
এসপ্তাহলৈকে পাবলৈ নাই টিকট; কিন্তু চিনেমা চাবই...

Published : November 1, 2025 at 11:52 AM IST
হাফলং: অসমৰ প্ৰতিটো ছবিগৃহৰ লগতে দেশৰ বিভিন্ন ঠাইত মুক্তিলাভৰ প্ৰথম দিনটোতেই প্ৰায় ৮০০ টা প্ৰদৰ্শনী হ'ল বহু প্ৰতীক্ষিত জুবিন গাৰ্গৰ ১৭ বছৰীয়া সাধনাৰ সপোনৰ প্ৰকল্পৰ । অসমীয়া ছবিৰ অভিলেখ ৰচি এদিনতেই ৮০০ টা প্ৰদৰ্শনী হোৱাৰ পিচতো বহুতেই নাপালে টিকট । একাংশ অনুৰাগীয়ে নিজৰ ঠাইৰ ছবিগৃহত টিকট নাপাই ঢাপলি মেলিলে আন জিলালৈ ।
মৰমৰ শিল্পীগৰাকীৰ জীৱনৰ অন্তিমখন ছবি উপভোগ কৰিবলৈ কেইগৰাকীমান যুৱকে ক'ৰ পৰা ক'লৈ গ'ল সেয়া জানিলে আপুনিও হ'ব আচৰিত । যুৱককেইজনৰ ঘৰ তেজপুৰত । তেওঁলোকে সংগীতৰ মহানায়কৰ জীৱনৰ অন্তিমখন ছবি 'ৰৈ ৰৈ বিনালে' উপভোগ কৰিব বিচাৰিছিল তেজপুৰত । পিচে তেজপুৰৰ কোনো এটা ছবিগৃহতেই এসপ্তাহলৈকে পাবলৈ নাই টিকট । অনলাইন, অফলাইন ক'তো টিকট নাপাই হতাশ নহৈ সন্ধান কৰিলে আন জিলাত । সাতজন জুবিন অনুৰাগীৰ ভাগ্য় আছিল ভাল । তেওঁলোকে বুক মাই শ্ব'ত টিকট বিচাৰি পালে ডিমা হাছাও জিলাৰ হাফলঙৰ হামৰিংডি ছবিগৃহত ।
সাতজন জুবিন অনুৰাগীয়ে ছবিখন মুক্তিৰ প্ৰথম দিনটোতেই উপভোগ কৰিবলৈ তেজপুৰৰ পৰা অনলাইনত টিকট বুকিং কৰি শুকুৰবাৰে দিনৰ ২ বজাৰ প্ৰদৰ্শনী চাবলৈ হাফলঙত উপস্থিত হয় । এওঁলোকৰ ভিতৰত এজন জুবিন অনুৰাগীয়ে কয়, "আজি মুক্তি পোৱা জুবিন গাৰ্গৰ 'ৰৈ ৰৈ বিনালে'ৰ তেজপুৰত চাবলৈ টিকট নাপাই হাফলঙলৈ আহিছো । জুবিন দাক ভাল পোৱাৰ কাৰণে ছবিখন চাবলৈ তেজপুৰৰ পৰা হাফলঙলৈ আহিছো । জুবিন দাই ন্যায় পাওক আৰু এই ছবিখন যাতে ভালকৈ চলে । কোনেও যাতে ছবিখন চাই ৰেকৰ্ডিং কৰি সামাজিক মাধ্যমত আপলোড নকৰে তাৰেই কামনা কৰিছো ।"

ইপিনে, ছবিখন উপভোগ কৰি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নিৰঞ্জন হোজাইয়ে কয়, "মই এনেই চিনেমা নাচাও, মাত্ৰ জুবিন দাৰ কাৰণে ছবিখন চাবলৈ আহিছো । ছবিখন চাই ভাল লাগিছে । জুবিন দাই সোনকালে ন্যায় পাওক। "

