হায়ুলিয়াঙৰ শিহৰণকাৰী দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা শ্ৰমিকৰ পৰিয়ালত কান্দোনৰ ৰোল: ১৭ টা মৃতদেহ চিনাক্ত
অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ হায়ুলিয়াং-সাগলাগাম পথত শিহৰণকাৰী দুৰ্ঘটনা ৷ তিনিচুকীয়াৰ পৰা এখন ট্ৰাকত ২২ গৰাকী শ্ৰমিকে যাত্ৰা কৰিছিল ।

Published : December 11, 2025 at 9:26 PM IST
তিনিচুকীয়া: ভাৰত-চীন সীমান্তৰ পৰা অসমলৈ আহিছে এক দুখৰ খবৰ । অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ হায়ুলিয়াং-সাগলাগাম পথত সংঘটিত হৈছে শিহৰণকাৰী দুৰ্ঘটনা ৷ অসমৰ পৰা অৰুণাচলৰ সাগলাগামলৈ সোমবাৰে পুৱা এখন ট্ৰাকত কৰ্মসূত্ৰে ২২ জনকৈ শ্ৰমিকে যাত্ৰা কৰিছিল ।
সেই যাত্ৰাপথতে বাহনখন প্ৰায় হাজাৰৰো অধিক গভীৰ দ’ খাৱৈত বাগৰি পৰে । কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰি তিনিচুকীয়া জিলাৰ গেলাপুখুৰীৰ বুধেশ্বৰ দ্বীপ (২৩) নামৰ শ্ৰমিকগৰাকীয়ে জনবসতি থকা স্থানত উপস্থিত হোৱাৰ পাছতহে পোহৰলৈ আহে সমগ্ৰ ঘটনাটো ।
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বুধেশ্বৰ দ্বীপৰ ভাষ্য অনুসৰি, "সোমবাৰে পুৱা তিনিচুকীয়াৰ পৰা এখন ট্ৰাকত ২২ গৰাকী শ্ৰমিকে ভাৰত-চীন সীমান্তৰ আঞ্জাও জিলাত ঢালাইৰ কাম কৰিবলৈ যাত্ৰা কৰিছিল । গান বজাই শুই শুই গৈ থকাৰ সময়তে বাগৰি পৰে বাহনখন । কি হয় তলকিবকে পৰা নগ'ল । তাৰ পাছত দুদিন বহু কষ্টৰে প্ৰাণ ৰক্ষা কৰি দ’ খাৱৈৰ পৰা নিজক উদ্ধাৰ কৰো ।”
আনহাতে, অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ আৰক্ষী অধীক্ষক অনুৰাগ দ্বিবেদীয়ে জানিব দিয়া অনুসৰি, "৮ ডিচেম্বৰত তিনিচুকীয়াৰ পৰা এখন ট্ৰাকত আহিছিল ২২ গৰাকী লোক । সন্ধিয়া ৬ বজাত ট্ৰাকখনে খোপা চেকগেট অতিক্ৰম কৰিছিল । তাৰ পাছত কোনো খবৰ নথকাত ১০ ডিচেম্বৰ বিচাৰি আহে আৰু ১০ তাৰিখেই আমাৰ ওচৰলৈ খবৰ আহিছিল যে এগৰাকী আঘাতপ্ৰাপ্ত লোকক পোৱা গৈছে ।"
A major Search & Rescue operation has been launched by #IndianArmy in higher reaches of Chaglagam, #ArunachalPradesh. The effort was launched after a civilian vehicle carrying 22 workers from Tinsukia fell off a cliff near KM 40. Multiple rescue columns have been deployed with… pic.twitter.com/m5HbRO2iJp
— SpearCorps.IndianArmy (@Spearcorps) December 11, 2025
তেওঁ লগতে কয়, "তাৰ পাছত আমি আশে-পাশে সোধাপোচা কৰাত জানিব পাৰো যে নিশা ৮-৯ বজাত ট্ৰাকখনৰ এক দুৰ্ঘটনা সংঘটিত হয় । পথৰ কাষৰ দ’ খাৱৈত ট্ৰাকখন বাগৰি পৰে ৷ কেনেকৈ পৰিল সেয়া পৰৱৰ্তী সময়ত তদন্তত পোহৰলৈ আহিব । এই পৰ্যন্ত ১৭ টা মৃতদেহ উদ্ধাৰ কৰি চিনাক্ত কৰাৰ লগতে এছ ডি আৰ এফে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷”

তিনিচুকীয়া জিলা পৰিষদৰ উপাধ্যক্ষা চিত্ৰলেখা দুৱৰা চুনাৰ নেতৃত্বত নিজাববীয়া তদন্তত উক্ত ২২ গৰাকী শ্ৰমিকৰ ভিতৰত চিনাক্ত কৰাকেইজন হৈছে ক্ৰমে-
- তিনিচুকীয়া জিলাৰ গেলাপুখুৰী চাহ বাগিচাৰ ৰাহুল কুমাৰ (২৫),
- সমীৰ দ্বীপ (২২),
- অৰ্জুন কুমাৰ (৩৪),
- পংকজ মানকী,
- অজয় মানকী (৩০),
- বিজয় কুমাৰ (৩৬),
- অভয় ভূমিজ (৩৩),
- ৰহিত মানকী (৩২),
- বীৰেন্দ্ৰ কুমাৰ (২৪),
- আগৰ তাঁতী (২৪),
- ধীৰেণ চাটৰিয়া (২৮),
- ৰজনী নাগ (২৪),
- দ্বীপ গোৱালা (২৮),
- ৰামসেৱক চুনা (২৬),
- সনাতন নাগ (৫৬),
- সঞ্জয় কুমাৰ (৩৬),
- কৰণ কুমাৰ (২০) আৰু
- ধেলাখাট চাহ বাগিচাৰ জুনাশ মুণ্ডা (২০) ।
সমান্তৰালভাৱে ইতিমধ্যে ঘটনাস্থলীলৈ তিনিচুকীয়া জিলা প্ৰশাসনৰ এটা দল ৰাওনা হৈছে ।
এই সন্দৰ্ভত শ্ৰমিক বীৰেন্দ্ৰ কুমাৰৰ পত্নীয়ে কয়, "সোমবাৰে পুৱা ইয়াৰ পৰা গৈছিল । পাছত ফোনত যোগাযোগ হোৱা নাছিল আৰু আজি খবৰ আহিছে যে দুৰ্ঘটনা হ’ল বুলি । এই পৰ্যন্ত কোনো আমাৰ লগত কোনো আৰক্ষী, জিলা প্ৰশাসনে যোগাযোগ কৰা নাই । তেখেতে ঢালাইৰ কাম কৰে নহ’লে পকা মিস্ত্ৰীৰ কাম কৰে ।

