ETV Bharat / state

১২২ বছৰে দৈৰ ব্যৱসায় কৰা এটা পৰিয়ালে ৰক্ষা কৰিছে সুস্বাদুৰ পৰম্পৰা

১০০০ লিটাৰতকৈও অধিক দৈ বিক্ৰীৰ বাবে সাজু কৰিছে প্ৰাণজিৎ দাসে ।

family of Pranjit Das from Sorbhog who has been in the curd business for 122 years
ভোগালীৰ বাবে সাজু সৰভোগৰ সুস্বাদু দৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 11, 2026 at 2:41 PM IST

2 Min Read
Choose ETV Bharat

বৰপেটা : অসমীয়াৰ ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাত্ৰ এদিন ৷ ভোগালী বিহু বুলি ক'লেই মনলৈ আহে সৰভোগৰ এঠা দৈৰ কথা ৷ বিহুৰ সময়ত সৰভোগৰ ম'হৰ এঠা দৈ নহ'লেই নহয় ৷ সৰভোগৰ দৈ মানেই যেন এক আৱেগ !

সেই আৱেগক সৰভোগৰ প্ৰতিখন দৈ-ক্ৰীমৰ বিপণিয়ে যুগ যুগ ধৰি সন্মান জনাই আহিছে । সৰভোগৰ একোখন বিপণিয়ে শতিকাও অতিক্ৰম কৰিছে ।‌ শতিকাজুৰি তেওঁলোকে সৰভোগৰ দৈৰ মৰ্যাদাও ৰক্ষা কৰি আহিছে ।‌

ভোগালীৰ বাবে সাজু সৰভোগৰ ১২২ বছৰীয়া পিকু ষ্টোৰৰ সুস্বাদু দৈ, ক্ৰীম (ETV Bharat Assam)

শতিকা গৰকা তেনে এখন বিপণি হ'ল সৰভোগৰ পিকু ষ্টোৰ ।‌ বৰ্তমান এইখন বিপণিৰ গৰাকী হ'ল প্ৰাণজিৎ দাস ।‌ পূৰ্বে মানাহ অভয়াৰণ্যত ম'হৰ খুটি থকা প্ৰাণজিৎ দাসৰ পিতৃয়ে এই দোকানখন আৰম্ভ কৰিছিল ।‌ তাৰ পাছত উত্তৰসূৰী হিচাপে এতিয়া প্ৰাণজিৎ দাসে সেইখন চলাই আছে ।‌ সৰভোগৰ দৈ, ক্ৰীম, ঘিউ আদিৰ মান যিদৰে তেওঁৰ পিতৃয়ে বহন কৰিছিল, তাৰ ব্যতিক্ৰম হ'বলৈ দিয়া নাই প্ৰাণজিৎ দাসেও ।‌ সেয়হে বছৰ বছৰ ধৰি তেওঁৰ বিপণিলৈ ঢপলিয়াই আহে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ক্ৰেতা ।‌

family of Pranjit Das from Sorbhog who has been in the curd business for 122 years
ভোগালীৰ বাবে সাজু সৰভোগৰ সুস্বাদু দৈ, ক্ৰীম (ETV Bharat Assam)

সৰভোগৰ দৈৰ শদিয়াৰ পৰা ধুবুৰীলৈ বিশেষ চাহিদা আছে ৷ সেয়েহে শদিয়াৰ পৰা ধুবুৰীলৈ সৰভোগৰ দৈৰ ক্ৰেতাও আছে ৷ মানাহ অভায়ৰণ্যত থকা ম'হৰ বাথানসমূহৰ পৰা বিশেষকৈ গাখীৰ আনে সৰভোগৰ দৈ প্ৰস্তুত কৰা ব্যৱসায়ীসকলে ৷

family of Pranjit Das from Sorbhog who has been in the curd business for 122 years
ভোগালীৰ বাবে ১০০০ লিটাৰতকৈও অধিক দৈ সাজু (ETV Bharat Assam)

মানাহ অভায়ৰণ্যৰ খুটিৰ গাখীৰৰ ঘনত্ব বেছি বাবে এই গাখীৰৰ পৰা উন্নত মানৰ দৈ প্ৰস্তুত হয় বুলি প্ৰাণজিৎ দাসে জানিবলৈ দিয়ে ৷ তেওঁ পদূলিমুখত উপস্থিত হোৱা ভোগালী বিহুৰ বাবে এইবাৰো পূৰ্ণোদ্যমে সাজু হৈছে ।‌ এইবাৰ তেওঁ ১০০০ লিটাৰতকৈও অধিক দৈ বিক্ৰীৰ বাবে সাজু হৈছে ।‌

family of Pranjit Das from Sorbhog who has been in the curd business for 122 years
ভোগালীৰ বাবে সাজু সৰভোগৰ পিকু ষ্টোৰৰ সুস্বাদু দৈ, ক্ৰীম (ETV Bharat Assam)

এই সন্দৰ্ভত প্ৰাণজিৎ দাসে কয়, "আমাৰ দোকানখন ১২২ বছৰ ধৰি চলি আছে । আমি বৰপেটাৰ মানুহ । বৰপেটীয়া মানুহ বাবে দেউতাই সৰুৰে পৰাই ব্য়ৱসায় কৰিছিল । এইবাৰ ১০০০ লিটাৰমান কৰিছো ।"

family of Pranjit Das from Sorbhog who has been in the curd business for 122 years
ম'হৰ গাখীৰৰ এঠা দৈ (ETV Bharat Assam)

বিহু উপলক্ষে প্ৰাণজিৎ দাসে মাটিৰ পাত্ৰৰ লগতে বাঁহৰ চুঙাৰ দৈ, ক্ৰীম, ঘি আদি প্ৰস্তুত কৰিছে ৷ অৱশ্যে তেওঁ জনাই যে কেবল বিহু বুলিয়েই নহয়, গোটেই মাঘ মাহটোত দৈৰ পৰ্যাপ্ত বিক্ৰী অব্যাহত থাকে ।‌ এইবাৰ প্ৰতি কিলোগ্ৰাম দৈৰ মূল্য ২০০ টকা, ক্ৰীমৰ মূল্য ৮০০ টকা আৰু ঘিউৰ ১১০০ টকা বুলি প্ৰাণজিৎ দাসে জানিবলৈ দিয়ে ।

লগতে পঢ়ক:ভোগৰ সামগ্ৰীৰে ভৰিছে মহানগৰী, মহঙা হৈছে নেকি ভোগালী ?

মাঘ বিহুত আনুষ্ঠানিকভাৱে ম'হযুঁজ নহ'লেও পৰম্পৰা যে ৰক্ষা কৰিবই লাগিব; সাজু হৈছে আহঁতগুৰিৰ গোৱাল-ম'হ