জন্মগতভাৱে বিশেষভাৱ সক্ষম, তথাপিও বঞ্চিত চৰকাৰী আঁচনিৰ পৰা
ব্যাপক উন্নয়নৰ খতিয়ান লৈ সমাগত নিৰ্বাচনৰ বাবে সাজু শাসক-বিৰোধী । শাসনাধিস্থ চৰকাৰখনে প্ৰকৃততে কৰিছেনে ৰাইজৰ সেৱা ? এক প্ৰতিবেদন ।

Published : February 24, 2026 at 3:13 PM IST
সৰুপথাৰ: গোলাঘাট জিলাৰ সৰুপথাৰ সমজিলাৰ অন্তৰ্গত ১০৭ নং সৰুপথাৰ বিধানসভা সমষ্টিৰ টেঙানীৰ চুৰাতনী গাঁৱৰ এটি দুৰ্ভগীয়া পৰিয়াল । পৰিয়ালটিৰ তিনিজন সদস্যই শাৰীৰিকভাৱে অক্ষম । জন্মগতভাৱেই তেওঁলোকে শাৰীৰিকভাৱে অক্ষম বুলি জনাইছে । চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই পৰিয়ালটিক । অৰুণোদয় আঁচনিতেই সীমাবদ্ধ তেওঁলোক । বৰ্তমানলৈকে লাভ কৰা নাই তেওঁলোকে চৰকাৰী ৰেচন কাৰ্ড, চৰকাৰী গৃহ ।
সৰুপথাৰ সমজিলাৰ টেঙানীৰ চুৰাতনী গাঁৱৰ দুৰ্ভগীয়া পৰিয়ালটিৰ তিনি সদস্য নিতুল হাজৰিকা, মাইনু হাজৰিকা আৰু তেওঁলোকৰ একমাত্ৰ সন্তান আকাশ হাজৰিকা । আকাশৰ বয়স ৭ বছৰ । পৰিয়ালটিৰ তিনিজনেই শাৰিৰীকভাৱে অক্ষম । সাধাৰণ মানুহৰ উচ্চতাতকৈ যথেষ্ট চাপৰ পৰিয়ালৰ সদস্যকেইজন । নিতুল হাজৰিকাই পাণ পাৰি, অন্য কাম-কাজ কৰিয়েই পৰিয়ালটো পোহপাল দিছে । অতি কষ্টৰে জীৱন নিৰ্বাহ কৰিছে টেঙানী অঞ্চলৰ পৰিয়ালটিয়ে ।
যদিওবা তেওঁলোক শাৰিৰীকভাৱে কিছু অক্ষম, কিন্তু জীৱন যুদ্ধত হাৰ মনা নাই । পৰিয়ালটিয়ে নিজেই উপাৰ্জন কৰি জীৱন যাপন কৰিছে । নিতুল হাজৰিকাই অন্য লোকৰ ঘৰত পাণ পাৰে, তেওঁ বজাৰলৈ যায় । ইপিনে ৭ বছৰীয়া আকাশৰ আছে প্ৰতিভা । ভাওনাত অভিনয় কৰে ৭ বছৰীয়া আকাশে ।

এই সন্দৰ্ভত মাইনু হাজৰিকাই ই টিভি ভাৰত অসমক কয়,"আমি জন্মগতভাৱেই শাৰীৰিকভাৱে সক্ষম নহয় । চৰকাৰী সা-সুবিধা ৰেচন কাৰ্ড, চৰকাৰী ঘৰ লাভ কৰা নাই । ৰেচন কাৰ্ডৰ বাবে তিনিবাৰমান আৱেদন কৰিও লাভ কৰা নাই । প্ৰথম অৱস্থাৰ পৰাই ৰেচন কাৰ্ড নাই আমাৰ । ঘৰৰ বাবেও আৱেদন কৰিছোঁ, এতিয়ালৈকে লাভ কৰা নাই । কেৱল অৰুণোদয় আঁচনিখনহে লাভ কৰিছোঁ । মানুহজনৰো ভৰিকেইটা বেকা । অন্য মানুহৰ ঘৰত পাণ পাৰিব যায়, বজাৰলৈ যায় । চলিবলৈ যথেষ্ট অসুবিধা হয় । চৰকাৰলৈ অনুৰোধ যে ৰেচন কাৰ্ডৰ লগতে ঘৰ এটা পাওঁ । মানুহজনেও অন্য কাম কৰিব নোৱাৰে ।"

সমাগত বিধানসভা নিৰ্বাচন । ৰাজনৈতিক নেতাৰ মাজত প্ৰাৰ্থিত্বৰ দৌৰ চলিছে । বিগত ৫ বছৰে শাসকীয় চৰকাৰখনে এনেধৰণৰ পৰিয়ালসমূহক লৈ কিয় গুৰুত্ব আৰোপ কৰা নাই তাকে লৈ প্ৰশ্ন হৈছে । তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যে সমষ্টি এটাৰ গাঁওসমূহ পঞ্চায়তৰ অধীনত থাকে । পঞ্চায়তৰ ৱাৰ্ড সদস্যসকলে প্ৰতিনিধিত্ব কৰে । টেঙানী পঞ্চায়তৰ অধীনত থকা ৪২ খন গাঁৱৰ অন্যতম চুৰাতনী গাওঁ । স্থানীয় ৱাৰ্ড সদস্যই এই পৰিয়ালটিৰ বাবে গুৰুত্ব আৰোপ কৰিব পাৰিলেহেঁতেন । পঞ্চায়ত নিৰ্বাচনত নতুন প্ৰতিনিধি হয়তো নিৰ্বাচিত হৈছে ।

তৎস্বত্বেও কিয় এই পৰিয়ালটি ৰেচন কাৰ্ডৰ পৰাও বঞ্চিত । চৰকাৰী গৃহ দূৰৰ কথা । দৰিদ্ৰ সীমাৰেখাৰ লোকসকলক চৰকাৰে ৰেচন কাৰ্ডৰ যোগেদি প্ৰদান কৰা চাউলখিনিৰ পৰাও বঞ্চিত পৰিয়ালটি । পুনৰ বিধানসভা নিৰ্বাচন সমাগত । এই নিৰ্বাচনে কি দিব পৰিয়ালটিক ? তেওঁলোকে চৰকাৰলৈ অনুৰোধ জনাইছে । এটি চৰকাৰী গৃহৰ লগতে ৰেচন কাৰ্ড লাভ কৰাৰ বাবে ।

