ETV Bharat / state

যন্ত্ৰপাতি-ছপা মেচিন ঘৰতে বহুৱাই লৈ কোটি কোটি টকা তৈয়াৰ কৰিছিল মুজিবুৰে

১ কোটি ২০ লাখ টকাৰ জালনোট জব্দ । জালনোটসহ কলিয়াবৰ আৰক্ষীৰ জালত পৰিল এজন ।

Fake notes worth 1.2 crore rupees seized in Kaliabor, one arrested
জালনোটসহ এজনক আটক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 30, 2025 at 5:57 PM IST

2 Min Read
Choose ETV Bharat

কলিয়াবৰ: ৰাজ্যত পুনৰ সক্ৰিয় জালনোট চক্ৰ । এইবাৰ কলিয়াবৰত জালনোট চক্ৰৰ বিৰুদ্ধে চলিল আৰক্ষীৰ অভিযান । কলিয়াবৰৰ উলুৱনী আৰক্ষী থানা এলেকাধীন ১নং বৰঘূলীত নিশা আৰক্ষীয়ে অভিযান চলাই আটক কৰে এটা জালনোট সৰবৰাহকাৰীক । জালনোট সৰবৰাহকাৰী মুজিবুৰ ৰহমানৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১ কোটি ২০ লাখ টকাৰ জালনোট ।

গোপন খবৰৰ ভিত্তিত চুলুং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰেণ গগৈ আৰু সহকাৰী উপ-পৰিদৰ্শক মৃদুল নাথৰ নেতৃত্বত আৰক্ষীৰ এটি দলে নিশা মুজিবুৰ ৰহমানৰ ঘৰত তালাচী চলোৱাত মুজিবুৰৰ শোৱনি কোঠাৰ পৰা আৰক্ষীয়ে জব্দ কৰে ২৪০ টা ৫০০ শ টকীয়া জালনোটৰ বাণ্ডিল । অভিযানৰ সময়ত জালনোটৰ বাণ্ডিলসমূহৰ লগতে তিনিটা এইচ পি (HP) ৰঙীণ প্ৰিন্টিং মেচিন আৰু বৃহৎ পৰিমাণৰ নোট ছপা কৰা কাগজৰ বাণ্ডিল জব্দ কৰে আৰক্ষীয়ে ।

নকল টকাসহ ৰঙাঘৰত সোমাল এজন (ETV Bharat Assam)

বিগত চাৰিদিন ধৰি ১ নং বৰঘূলীৰ মুজিবুৰ ৰহমানৰ ঘৰত বৃহৎ এটি জালনোট চক্ৰই জালনোটসমূহ প্ৰিন্ট কৰি থকা বুলি আৰক্ষীৰ ওচৰত স্বীকাৰোক্তি দিয়ে ধৃত মুজিবুৰ ৰহমানে । ইতিমধ্যে ঘটনা সন্দৰ্ভত চুলুং আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ।

Fake notes worth 1.2 crore rupees seized in Kaliabor, one arrested
জব্দ কৰা জালনোটৰ কিছু অংশ (ETV Bharat Assam)

সমগ্ৰ ঘটনা সন্দৰ্ভত কলিয়াবৰ সমজিলাৰ আৰক্ষী অধীক্ষক বিতুল চেতিয়াই কয়,"জালনোট সংক্ৰান্তীয় ঘটনা পূৰ্বেও এই অঞ্চলত হৈছে । জালনোট সৰবৰাহকাৰী চক্ৰ এটা কিছুদিনৰ আগতে ধৰা পেলাই ১১ জনকৈ লোকক জে'ললৈ পঠিওৱা হৈছিল । এতিয়া সেই লোকসকলেই পুনৰ এনেধৰণৰ কামত নিয়োজিত হৈছে বুলি খবৰ আছিল । আমিও এই লৈ সক্ৰিয় হৈ আছিলোঁ ।"

Fake notes worth 1.2 crore rupees seized in Kaliabor, one arrested
আৰক্ষীৰ জালত জালনোট সৰবৰাহকাৰী মুজিবুৰ ৰহমান (ETV Bharat Assam)

তেওঁ পুনৰ কয়, "কালি তেনে এক খবৰৰ ভিত্তিত ১ নং বৰঘূলীৰ মুজিবুৰ ৰহমানৰ ঘৰত অভিযান চলাই জালনোটৰ বাণ্ডিলৰ লগতে তিনিটা এইচ পি (HP) ৰঙীন প্ৰিন্টিং মেচিন আৰু ২৪০ বাণ্ডিল জাল ছপা নোট, যাৰ মূল্য এক কোটি বিশ লাখ টকা আৰু ছপা কৰা টকাৰ কাগজৰ বাণ্ডিল জব্দ কৰা হয় । এই অভিযানত মুজিবুৰ ৰহমান নামৰ লোকজনক গ্ৰেপ্তাৰ কৰা হৈছে ।"

লগতে পঢ়ক: পুৰী খাই জুবিন গাৰ্গে মৰমত দিয়া ধনো কেনেকৈ ওভতাই লৈছিল সিদ্ধাৰ্থ-শেখৰে ? তুলতুলক সুধিলে এছ আই টিয়ে

গামোচা আৰু ফুলৰ থোপাৰে জুবিন গাৰ্গলৈ শেষ শ্ৰদ্ধা বাংলাদেশ উচ্চায়ুক্তৰ প্ৰতিনিধি দলৰ