উন্নয়ন প্ৰাধিকৰণ কাৰ্যালয়ৰ ছীল জাল কৰি গ্ৰেপ্তাৰ মহৰী
ধুবুৰী গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণ বিষয়াৰ কাৰ্যালয়ত ভয়ংকৰ জালিয়াতি । ভুৱা এনঅ'চিৰে মাটি কাম কৰা মহৰীক গ্ৰেপ্তাৰ ।

Published : July 9, 2026 at 8:10 PM IST
ধুবুৰী: ধুবুৰী-গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণ বিষয়াৰ কাৰ্যালয়ত দীৰ্ঘদিন ধৰি চলি থকা দুৰ্নীতি পোহৰলৈ আহিছে । এজন মহৰীয়ে কাৰ্যালয়ৰ ছীল জাল কৰি ভুৱা এনঅ'চি প্ৰস্তুত কৰিছিল । সেই ভুৱা এনঅ'চিৰে ধুবুৰীত মাটিৰ কাম কাজ চলিছিল । শেহতীয়াকৈ এগৰাকী মহিলাই মাটিৰ কামৰ বাবে যোৱাৰ সময়তে এই বিস্ফোৰক তথ্য পোহৰলৈ আহে । এই তথ্য ধুবুৰী গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণ বিষয়াই গম পোৱাৰ লগে লগে বিভাগীয় তদন্ত আৰম্ভ কৰে ।
ধুবুৰী-গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষই এজাহাৰো দাখিল কৰে । এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে মঙলবাৰে অভিযুক্ত মহৰী মহম্মদ আলী জিন্নাক গ্ৰেপ্তাৰ কৰে । এই ঘটনাই ভুৱা এনঅ'চিৰে চলি থকা মাটিৰ বিভিন্ন কাম কাজৰ এক ভয়ংকৰ তথ্যও পোহৰলৈ আনিছে । ধুবুৰী-গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দীপক কুমাৰ সাহাই জনোৱা মতে ধুবুৰীৰ মধুশৌলমাৰী অঞ্চলৰ মনোৱাৰা বেগম নামৰ এগৰাকী মহিলাই নিজৰ দুই পুত্ৰৰ নামত মাটি নামজাৰি কৰিবৰ বাবে ধুবুৰী জিলা পঞ্জীয়কৰ কাৰ্যালয়ত আবেদন কৰিছিল ।
আবেদন প্ৰক্ৰিয়া অথবা মাটিৰ কামৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে মহিলাগৰাকীয়ে মহম্মদ আলী জিন্না নামৰ চৰকাৰী পঞ্জীয়নভূক্ত মহৰীৰ সহায় লৈছিল । কিন্তু চতুৰ মহৰীজনে মাটিৰ গৰাকীক অৱগত নকৰাকৈ গোপনে বিভাগীয় ধুবুৰী-গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণ বিষয়াৰ কাৰ্যালয়ৰ ভুৱা এনঅ'চি প্ৰস্তুত কৰি লয় ।
এই সন্দৰ্ভত ধুবুৰী-গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণ বিষয়াৰ কাৰ্যালয়ৰ অধ্যক্ষ দীপক কুমাৰ সাহাই কয়, "২০২৫ চনত মধুশৌলমাৰী গাঁৱৰ দুজন ব্যক্তিৰ নামত বিভাগীয়ভাৱে দিয়া এনঅ'চিৰ ক্ৰমিক নম্বৰ আৰু এনঅ'চি নম্বৰ ব্যৱহাৰ কৰি বিভাগীয় ছীল জাল কৰি মোটা অংকৰ বিনিময়ত মহৰীজনে মাটিৰ কাম সম্পন্ন কৰিছিল ।" কিন্তু মাটিৰ গৰাকীৰ সন্দেহ ওপজাত ভুৱা এনঅ'চি লৈ ধুবুৰী গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণ বিষয়াৰ কাষ চাপে । তাৰ পিছতেই বিভাগীয় তদন্তৰ অন্তত ভয়ংকৰ সত্য পোহৰলৈ আহে । ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত মহৰীক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে । কিন্তু মাটিৰ এনে জালিয়াতিৰ ক্ষেত্ৰত আৰু কোন কোন জড়িত আছে সেয়া আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব ।
লগতে পঢ়ক :
ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰোগীক তেজ দিয়াক লৈ বিতৰ্ক: স্থিতি স্পষ্ট কৰিলে কৰ্তৃপক্ষই

