আৰক্ষীক আক্ৰমণ কৰি পলুৱাই নিলে নকল সোণৰ বেপাৰীক
নিশা লখিমপুৰৰ বঙালমৰাত ভয়ানক ঘটনা । নকল সোণৰ বেপাৰীক ধৰিবলৈ যোৱা আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্ৰমণ ।

Published : December 28, 2025 at 10:57 AM IST
লখিমপুৰ : শনিবাৰে নিশা লখিমপুৰৰ বঙালমৰাত সংঘটিত হয় এক ভয়ংকৰ ঘটনা । নকল সোণৰ বেপাৰীক ধৰিবলৈ যোৱা এটা আৰক্ষী দলৰ ওপৰত জপিয়াই পৰিল শতাধিক লোক । আৰক্ষীক আক্রমণ কৰি মোকোলাই নিয়ে নকল সোণৰ বেপাৰীক । এই ঘটনাত আৰক্ষীৰ লগতে আহত হয় গাড়ী চালকজনো । ঘটনাটো সংঘটিত হয বঙালমৰাৰ সোণাপুৰ ৰমজান তিনিআলিত ।
কি হৈছিল ঘটনাটো ?
বঙালমৰাৰ ৰমজান তিনিআলিত বাহাৰুল ওৰফে আম্বানী নামৰ এটা নকল সোণ বেপাৰীৰ উপস্থিতিৰ আগতীয়া উমান পাইছিল বঙালমৰা চকীৰ আৰক্ষীয়ে । সেই অনুসৰি আৰক্ষীয়ে বাহাৰুলক কৰায়ত্ত কৰাৰ পৰিকল্পনা কৰে । আৰক্ষীয়ে বিভাগীয় বাহনৰ পৰিৱৰ্তে এআৰ-০৮-এ-৭১৯২ নম্বৰৰ ব্যক্তিগত বাহনখন এই অভিযানৰ বাবে ব্যৱহাৰ কৰে । সাধাৰণ পোছাকত এই বাহনখন লৈ আৰক্ষীৰ দলটো নামিছিল অভিযানত ।
আৰক্ষীৰ পোছাক বা আৰক্ষীৰ বিভাগীয় বাহন ব্যৱহাৰ কৰিলে অপৰাধী পলায়ন কৰিব পাৰে বুলি আৰক্ষীয়ে এইদৰে সাধাৰণ পোছাক আৰু ব্যক্তিগত বাহন ব্যৱহাৰ কৰে । আৰক্ষীয়ে এনেদৰে নকল সোণৰ বেপাৰীৰ বিৰুদ্ধে অভিযানত নামে । পিছে নকল সোণৰ বেপাৰীটোক আৰক্ষীয়ে কৰায়ত্ত কৰাৰ পিছতেই সংঘটিত হয় ভয়ংকৰ ঘটনাটো সংঘটিত হয় ।
শতাধিক লোকে আৰক্ষীক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে । আক্ৰমণ কৰি মোকলাই নিয়ে নকল সোণৰ বেপাৰী বাহাৰুল ওৰফে আম্বানীক । আৰক্ষীয়ে লৈ যোৱা অসামৰিক বাহনখনটো আক্ৰমণ কৰে লোকসকলে । ফলত গুৰুতৰভাৱে আহত হয় আৰক্ষীয়ে নিয়া বাহনখনৰ চালক । বঙালমৰা আৰক্ষী চকীৰ এছআই গকুল জয়শ্ৰীকো আক্ৰমণ কৰে দলটোৱে ।
কম বেছি পৰিমাণে কেইবাজনো আৰক্ষীৰ লোক আৰু গুৰুতৰভাৱে আহত হয় বাহনখনৰ চালকজন । আহত চালকজনে লগে লগে বঙালমৰা চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছত নিশাই লখিমপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।
আহত চালকজনে কয়, "গাড়ী লৈ গৈছিলো, মানুহে তাত ঘেৰি ধৰি গাড়ী ভাঙি দিছে । তাৰ মানুহে বহুত মাৰিছে । মোকো সকলোৱে মাৰপিট কৰিছে । পুলিচকো মাৰিছে । শিলগুটি মাৰি গাড়ীৰ আইনা ভাঙি দিছে ।"
উল্লেখ্য যে, উক্ত ঘটনাৰ পাছতে আৰক্ষীৰ আন এটা দল গৈ পৰিস্থিতি নিয়ন্ত্রণ কৰি আহতসকলক উদ্ধাৰ কৰে । কিন্তু তেতিয়ালৈ আক্ৰমণকাৰীসকল সেই ঠাইৰ পৰা পলায়ন কৰে । তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীৰ পৰৱৰ্তী অভিযান বাতৰি লেখাৰ পৰলৈকে আৰম্ভ হোৱা নাই ।

বঙালমৰাত শক্তিশালী নকল সোণ বেপাৰীৰ চক্র:
আৰক্ষীক আক্ৰমণ কৰিবলৈ কিয় সাহস কৰিলে নকল সোণ বেপাৰী চক্রই ? কাৰণ বঙালমৰাত অতি শক্তিশালী নকল সোণৰ বেপাৰী চক্র । দশকৰ পাছত দশক ধৰি বঙালমৰাৰ বিভিন্ন অঞ্চলত নকল সোণৰ বেহা চলি আছে । কেৱল নকল সোণেই নহয় । জালনোট, ড্ৰাগছ আদিৰো চলি আছে ৰমৰমীয়া বেহা ।
দীৰ্ঘদিন ধৰি আৰক্ষীয়ে এনে অবৈধ বেহাৰ বিৰুদ্ধে অভিযান চলাই আহিলেও ৰোধ হোৱা নাই এনেবোৰ ধ্বংসাত্মক বেহা । কেৱল অসমৰেই নহয় । বহিঃৰাজ্যৰ বহু লোককো লুণ্ঠন কৰি আহিছে নকল সোণ, জালনোটৰ বেপাৰীসকলে ।
আনন্দ মিশ্ৰৰ দিনত স্তিমিত হৈছিল এনে বেহা:
বহু চৰ্চিত তদানীন্তন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ কিছুদিনৰ পূৰ্বে লখিমপুৰৰ আৰক্ষী অধীক্ষক হিচাপে বদলি হৈ আহিছিল । তেওঁ জিলাখনত দায়িত্ব লৈ এনে অবৈধ বেহাৰ বিৰুদ্ধে হুমকি দিছিল, চলিছিল অভিযান । অভিযানত বহুতক গ্ৰেপ্তাৰ কৰা হৈছিল । আন বহুতে প্ৰাণৰ ভয়ত আত্মসমর্পণ কৰিছিল । থানাই থানাই আত্মসমর্পণকাৰীসকলৰ ভিৰ লাগিছিল । স্তিমিত হৈ পৰিছিল নকল সোণ, জালনোট আদিৰ বেহা ।

সেইয়া মাথো কিছুদিনৰ বাবেহে বাহাল থাকিল । আনন্দ মিশ্ৰই চাকৰি ইস্তফা দি গুচি যোৱাৰ পাছত পুনৰ মূৰ দাঙি উঠিল এই ভয়াৱহ বেহা । আৰক্ষীয়ে মাজে সময়ে অভিযান চলাই থাকিলেও ৰোধ হোৱা নাই । বৰং আৰক্ষীকে ওলোটাই আক্ৰমণ কৰিব পৰাকৈ শক্তিশালী হৈ উঠিল অপৰাধী চক্র । সাধাৰণ ৰাইজৰ এতিয়া প্ৰশ্ন কেনেকৈ এই মহাব্যাধিৰ পৰা লখিমপুৰ জিলা মুক্ত হ’ব ? চৰকাৰে এই বেহা উৎখাত কৰিবলৈ কোনো বিশেষ অভিযান চলাবলৈ নিৰ্দেশ দিবনে ?এয়া লখিমপুৰৰ সচেতন লোকসকলৰ বাবে এতিয়া এক উত্তৰবিহীন প্ৰশ্ন ।

