ETV Bharat / state

সৰ্বানন্দ সোণোৱাল নে হিমন্ত বিশ্ব শৰ্মা ? কোনজন‌ মুখ্যমন্ত্ৰীৰ দিনত কাম কৰি ভাল পালে মন্ত্ৰী যোগেন মহনে

কিয় ৰাইজে অন্য় বিকল্প নিবিচাৰে ? তৃতীয়বাৰলৈ নিৰ্বাচিত হ'লে মাহমৰা সমষ্টিৰ কাৰণে যোগেন মহনে কি কি কৰিব ? মন্ত্ৰী যোগেন মহনৰ সৈতে এক বিশেষ সাক্ষাৎকাৰ...

Exclusive interview with  Assam Minister Jogen Mohan
কোনজন‌ মুখ্যমন্ত্ৰীৰ দিনত কাম কৰি ভালপালে মন্ত্ৰী যোগেন মহনে ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 23, 2026 at 11:48 AM IST

5 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : সমাগত ’২৬ৰ বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত এতিয়া ৰাজনৈতিক দলসমূহে তৎপৰতা আৰম্ভ কৰিছে । শাসক বিৰোধী সকলো ৰাজনৈতিক দলে নিজৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ দিনে নিশাই ভোটাৰ ৰাইজৰ কাষ চপা দেখিবলৈ পোৱা গৈছে । সেই একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে ঐতিহাসিক চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিত ।‌

১৭টাকৈ গাঁও পঞ্চায়ত আৰু এটা পৌৰসভা থকা সমষ্টিটোৰ পৰা বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰিছে মন্ত্ৰী যোগেন মহনে । ২০১৬ চনৰ পৰাই ধাৰাবাহিকভাৱে দুবাৰকৈ ভাৰতীয় জনতা পাৰ্টীৰ পৰা জয়লাভ কৰি যোগেন মহনে মন্ত্ৰীৰ দায়িত্ব পালন কৰি আহিছে । ২০১৬ আৰু ২০২১ চনত কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ধাৰাবাহিকভাৱে পৰাজিত কৰি মাহমৰা সমষ্টিৰ বিধায়ক হৈ আছে মন্ত্ৰী মহন ।

মন্ত্ৰী যোগেন মহনৰ সৈতে এক সাক্ষাৎকাৰ... (ETV Bharat Assam)

আহোম জনগোষ্ঠীৰ নেতা হোৱা বাবেই সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনতো মন্ত্ৰীৰ দায়িত্ব লাভ কৰা দৰে‌ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দিনতো বহুকেইটা গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব পালন কৰিবলৈ সুযোগ লাভ কৰিছে ।‌ বিজেপি চৰকাৰৰ দিনত দুটাকৈ কাৰ্যকাল মন্ত্ৰী হৈ থাকি মাহমৰা সমষ্টিক কেনেদৰে উন্নয়নৰ দিশত আগবঢ়াই নিবলৈ সক্ষম হ'ল সেই বিষয়ে তেওঁৰ পৰা আমি জনাৰ চেষ্টা কৰিছিলো । কাৰণ মাহমৰা সমষ্টিত মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ চেক প্ৰদান কৰিবলৈ আহি মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ ঘোষণা কৰি গৈছে পুনৰ মাহমৰা সমষ্টিৰ বিধায়ক হ'ব যোগেন মহন ।

  • বিজেপি চৰকাৰৰ দিনত অসমখন অধিক উন্নয়নৰ দিশত আগবাঢ়ি গৈছে :

মন্ত্ৰীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰত তেওঁ কয়, "সমাগত বিধানসভা নিৰ্বাচনক লৈ ক্ৰমাৎ ব্যস্ততা বৃদ্ধি পাইছে ৷ কাৰণ ফেব্ৰুৱাৰী মাহৰ শেষৰফালে অধিসূচনা জাৰি হোৱাৰ সম্ভাৱনা আছে । সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত অসমখন যথেষ্ট আগবাঢ়িছে । বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিনে-নিশাই যি ধৰণেৰে একাকাৰ কৰি কাম কৰিছে, ইয়াৰ পৰাই অসমখন অধিক উন্নয়নৰ দিশত আগবাঢ়ি গৈছে । ফলত এই বিজেপি চৰকাৰক লৈ ৰাইজ সুখী । সকলো শ্ৰেণীৰ ৰাইজৰ ওচৰত এইখন চৰকাৰ দায়বদ্ধ । কৃষকৰ পৰা ছাত্ৰ-ছাত্ৰীলৈকে সকলোৰে ওচৰত এইখন চৰকাৰ দায়বদ্ধ আছিল ৷"

  • ৰাইজে আৰু বিকল্প বেলেগ নিবিচাৰে :

এতিয়া আমাৰ দলৰ সাংগঠনিক ভেঁটি শক্তিশালী । যিকোনো সময়ত নিৰ্বাচন অনুষ্ঠিত হ'লে জয়লাভ কৰা স্থিতিত আছে ভাৰতীয় জনতা পাৰ্টী এই দাবী কৰে মন্ত্ৰী যোগেন মহনে ।

মন্ত্ৰীগৰাকীয়ে কয়, "চৰাইদেউ জিলাৰ লগতে উজনি অসমৰ ৰাইজ এতিয়া বিজেপি চৰকাৰৰ কামকাজক লৈ সুখী । ৰাইজৰ উৎসাহে আমাক সাহস দিয়ে । স্বাস্থ্য, শিক্ষাৰ ক্ষেত্ৰখনত যথেষ্ট উন্নয়ন হৈছে । বিশেষকৈ চাহ বাগিচা অঞ্চল শৈক্ষিক দিশত আগবাঢ়ি সক্ষম হৈছে । ৰাইজে যেনেদৰে বিচাৰিছিল, তেনেদৰেই এই চৰকাৰৰ দিনত সুবিধা লাভ কৰিছে ৷ গতিকে ৰাইজে আৰু বিকল্প বেলেগ নিবিচাৰে । কংগ্ৰেছ চৰকাৰে ভুৱা প্ৰতিশ্ৰুতি দিছিল । গতিকে এইবাৰো আমাৰ চৰকাৰ গঠন হ'ব ।’’

  • তৃতীয়বাৰলৈ নিৰ্বাচন খেলিবলৈ সাজু :

তৃতীয়বাৰলৈ নিৰ্বাচন খেলিব নে এই প্ৰশ্নত তেওঁ কয়, "দলে টিকট দিলে তৃতীয়বাৰলৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব । সমষ্টিৰ ৰাইজে বিচাৰিছে, কাৰণ যিমান পাৰো ৷ বিগত দিন বিলাকত সমষ্টিৰ ৰাইজক সময় দিবলৈ চেষ্টা কৰিছো । ৰাইজৰ সৰু সৰু সমস্যা থাকে সেইসমূহ সমাধান কৰিব লাগে ।

  • পুনৰ বিধায়ক হ'লে কি কি কৰিব :

তৃতীয়বাৰলৈ মাহমৰা সমষ্টিৰ বিধায়ক হ'লে সমষ্টিৰ বাবে কেনেধৰণৰ কাম কৰা পৰিকল্পনা আছে, সেই সম্পৰ্কে মন্ত্ৰীগৰাকীয়ে কয়, "সমষ্টিটোত বাট-পথৰ কিছু কাম কৰিব লগা আছে । সমষ্টিটোত নিবনুৱা সমস্যা আছে । উচ্চ শিক্ষিতসকলে ইতিমধ্যে বিভিন্ন বিভাগত নিযুক্তি লাভ কৰিছে । বাকী থকা সকলক সংস্থাপনৰ বাবে উৎপাদনমুখী কাম কৰাৰ পৰিকল্পনা আছে । লগতে মাহমৰাখনক গ্ৰীণ মাহমৰা কৰাৰ এটা পৰিকল্পনা আছে ।’’

  • মিছন বসুন্ধৰা আৰম্ভ কৰি সুখী :

পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত বহু গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰীত্ব লাভ কৰি তেওঁ কিমান সফল হ'ল এই সম্পৰ্কে মন্ত্ৰীগৰাকীয়ে কয়, "মন্ত্ৰীত্ব লাভ কৰিলেও সমষ্টিৰ ৰাইজৰ সমস্যাত গুৰুত্ব দিয়াটো মোৰ প্ৰধান কাম আছিল ৷ কাৰণ সমষ্টিৰ ৰাইজে মোক নিৰ্বাচন কৰিছিল । বহুত বিশ্বাস কৰি দুইজন মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীৰ দায়িত্ব দিছিল । ৰাজহ বিভাগত দায়িত্ব পালন কৰিব লগা হৈছিল ।‌ আমি মিছন বসুন্ধৰা আৰম্ভ কৰিছিলো, যাৰ ফলত সকলো শ্ৰেণীৰ লোকে ভূমি পট্টা লাভ কৰিবলৈ সক্ষম হৈছে । এই আচঁনিৰ জৰিয়তে আমাৰ মাটি আমাৰ অধিকাৰ শ্লোগান সফল ৰূপ দিবলৈ সক্ষম হৈছে ।’’

  • কোনজন মুখ্যমন্ত্ৰীৰ সৈতে কাম কৰি সুখী মন্ত্ৰী যোগেন মহন :

পূৰ্বৰ চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেটৰ দায়িত্ব থকা মন্ত্ৰী যোগেন মহন কোনগৰাকী মুখ্যমন্ত্ৰীৰ কাৰ্যকালত কাম কৰি সুখী হ'ল । এই সম্পৰ্কে মন্ত্ৰীগৰাকীয়ে কয়, "এতিয়া চৰকাৰৰ মুখ্যমন্ত্ৰী হৈছে কৰ্মদক্ষ । এওঁ কাম পৰি থাকিলে বেয়া পায় । এনেকুৱা হ'লে আমিও কাম কৰিবলৈ ভালপাওঁ । আগৰ সৰ্বানন্দ সোণোৱালৰ কথা নকলেও হ'ব ৷ তেওঁ এজন ভদ্ৰ মানুহ, মাটিৰ মানুহ । কাম কৰিবলৈ অন্য়ক এৰি দিয়ে । কিন্তু এইজন মুখ্যমন্ত্ৰীয়ে কাম হৈছে নে নাই সম্পূৰ্ণ নজৰ ৰাখে । এলাহ কৰিলে নহ'ব, কাম সময়মতে কৰিব লাগিব । দুইজনেই আমাৰ যোগ্য মুখ্যমন্ত্ৰী ।’’

লগতে পঢ়ক : গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেলক 'উদীয়মান অসমৰ বিশাল প্ৰতীক' আখ্যা মুখ্যমন্ত্ৰীৰ

লগতে পঢ়ক : দৈনিক এক লাখ লোকক স্পৰ্শ কৰাৰ লক্ষ্যৰে বিজেপিয়ে আৰম্ভ কৰিব 'জন আশীর্বাদ যাত্রা'