'গছ নাকাটিব, গছেই প্ৰকৃতিৰ কলিজা' শীৰ্ষক বাৰ্তাৰে মৰিগাঁৱৰ বঘৰাত বন মহোৎসৱৰ কাৰ্যসূচী
বঘৰা ঘূলিগাঁৱত বন মহোৎসৱ-২০২৬ উপলক্ষে প্ৰকৃতি সংৰক্ষণৰ ব্যতিক্ৰমী পদক্ষেপ ।

Published : June 30, 2026 at 5:59 PM IST
মৰিগাঁও: মৰিগাঁও জিলাৰ বঘৰা ঘূলিগাঁও মধ্য ইংৰাজী বিদ্যালয়ত মঙলবাৰে অনুষ্ঠিত হয় বন মহোৎসৱ-২০২৬ৰ শুভ উদ্বোধনী অনুষ্ঠান । ১ জুলাইৰ পৰা ৭ জুলাইলৈ পালন কৰিবলগীয়া এই কাৰ্যসূচী ৰহা কৃষি আৰু কৃষি উদ্যোগ বিকাশ সমিতি, ৰ’দালি দৰ্শন, পৰিৱেশ সুৰক্ষা মঞ্চ আৰু জীৱন জেউতি কৃষক সংঘৰ সহযোগত আয়োজন কৰা হয় ।
প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ লক্ষ্যৰে গলচেপা পাহাৰত প্ৰকৃতিপ্ৰেমীসকলে হাতে হাতে কোৰ-চিপৰাং লৈ আম, কঁঠালকে ধৰি বিভিন্ন ফলমূলৰ গুটি ৰোপণ কৰে । বান্দৰ আৰু চৰাই-চিৰিকতিৰ খাদ্যৰ উৎস সৃষ্টি কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা এই পদক্ষেপত বহু লোকে অংশগ্ৰহণ কৰে ।
অনুষ্ঠানত বন্যপ্ৰাণীক সুৰক্ষা, গছ-গছনি সংৰক্ষণ আৰু পৰিৱেশ ৰক্ষাৰ বাবে ৰাইজক সজাগ কৰা হয় । “বন্যপ্ৰাণীক আমনি নকৰিব, পক্ষী বধ নকৰিব, গছ নাকাটিব, গছেই প্ৰকৃতিৰ কলিজা” শীৰ্ষক বাৰ্তাৰে জনসাধাৰণক এই আহ্বান জনোৱা হয় ।
বৃহত্তৰ পাহাৰ অঞ্চলত হাজাৰোধিক আম, কঁঠাল আৰু অন্যান্য ফলমূলৰ গুটি ৰোপণৰ লক্ষ্য লোৱা হৈছে । অনুষ্ঠানত প্ৰকৃতিপ্ৰেমীক সম্বৰ্ধনা জনোৱাৰ লগতে সদ্যউত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক গামোচা আৰু গছপুলি প্ৰদান কৰি উৎসাহিত কৰা হয় ।

অনুষ্ঠানত উপস্থিত থাকে চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰেখামণি বুঢ়াগোঁহাই, কপাহেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আবুল আছাম আল আমান, কৃষি আৰু কৃষি উদ্যোগ বিকাশ সমিতিৰ সভাপতি গোবিন্দ বৰা, লক্ষেশ্বৰ ডেকা, তুলসী ডেকা, দেৱেন দাস, দিবেন্দ্ৰ নাথ, খৰ্গেশ্বৰ দেউৰী, বসন্ত ডেকাকে ধৰি বহু বিশিষ্ট ব্যক্তি ।

এই সন্দৰ্ভত চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰেখামণি বুঢ়াগোঁহায়ে কয়, "অনুষ্ঠানটো মূলতঃ ১ তাৰিখৰ পৰা ৭ তাৰিখলৈ বন মহোৎসৱৰ লগত সংগতি ৰাখি আৰম্ভ হৈছে । ইয়াত এটা ব্যতিক্ৰমী অনুষ্ঠান হৈছে যে বন মহোৎসৱ বুলি ক'লে মানুহে ভাবে যে গছপুলি ৰোপণৰ এটা মহোৎসৱ । কিন্তু ইয়াত আমি দেখা পাইছোঁ যে আচলতে গছপুলি ৰোপণ নহয়, গুটি সিঁচি গছ লগোৱাৰ এটা ব্যৱস্থা কৰা হৈছে ।"
প্ৰকৃতি, বন্যপ্ৰাণী আৰু মানুহৰ মাজত সুন্দৰ সমন্বয় গঢ়ি তোলাৰ এই প্ৰচেষ্টাই অঞ্চলবাসীৰ মাজত আশাৰ সৃষ্টি কৰিছে ।

