মৰিগাঁও মহাবিদ্যালয়ত ব্যতিক্ৰমী পদক্ষেপ; নৱাগতক কলম-মৰমেৰে আদৰণি জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰীৰ
ৰেগিংমুক্ত মহাবিদ্যালয় চৌহদ । মৰিগাঁও মহাবিদ্যালয়ত কলম আৰু মৰমেৰে নৱাগতক আদৰণি ।

Published : May 11, 2026 at 7:50 PM IST
মৰিগাঁও: ৰাজ্যৰ শিক্ষা খণ্ডত নৱাগতক আদৰণিৰ নামত ঠায়ে ঠায়ে ৰেগিঙৰ দৰে অশুভ পৰম্পৰাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে মৰিগাঁও মহাবিদ্যালয়ত দেখা গ’ল এক ব্যতিক্ৰমী তথা আদৰ্শনীয় দৃশ্য । উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নৱাগত ছাত্ৰ-ছাত্ৰীসকলক ভয়-ভীতিৰ সলনি মৰম আৰু আন্তৰিকতাৰে আদৰণি জনাই এক নতুন মাত্ৰা প্ৰদান কৰে মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ (আছু গোট) সদস্যসকলে ।
এক ব্যতিক্ৰমী আদৰণি
সাধাৰণতে মহাবিদ্যালয়ৰ প্ৰথম দিনটোত নৱাগত ছাত্ৰ-ছাত্ৰীসকল একপ্ৰকাৰৰ মানসিক শংকাৰ মাজত থাকে । কিন্তু মৰিগাঁও মহাবিদ্যালয়ত সোমবাৰে ইয়াৰ ওলোটা ছবিহে প্ৰতিফলিত হ’ল । মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ মুখতে জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰীসকলে নৱাগতসকলক শিক্ষাৰ প্ৰতীক হিচাপে একোটাকৈ কলম প্ৰতিগৰাকী শিক্ষাৰ্থীক উপহাৰ দিয়ে । লগতে প্ৰতিগৰাকী শিক্ষাৰ্থীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি একোখনকৈ আদৰণি পত্ৰ প্ৰদান কৰা হয় ।
ৰেগিং প্ৰথাক মুকলি প্ৰত্যাহ্বান জনোৱাই হৈছে এই কাৰ্যসূচীৰ মূল উদ্দেশ্য । শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা ৰেগিং প্ৰথাক সম্পূৰ্ণৰূপে নিৰ্মূল কৰা বাবে এই কাৰ্যসূচী ।

ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়ে যে ৰেগিং কোনো পৰম্পৰা হ’ব নোৱাৰে । বৰঞ্চ জ্যেষ্ঠ আৰু কনিষ্ঠৰ মাজত ভাতৃত্ববোধ আৰু একতাৰ জৰিয়তেহে এক সুস্থ শৈক্ষিক পৰিৱেশ গঢ়ি তোলা সম্ভৱ । কলম দি আদৰণি জনোৱাৰ এই কাৰ্যই ছাত্ৰ-ছাত্ৰীৰ মাজত এক ইতিবাচক মানসিকতাৰ সৃষ্টি কৰিছে ।
তেওঁলোকে কয়, "আমি বিচাৰোঁ নতুনকৈ অহা ভাই-ভনীসকলে যাতে মহাবিদ্যালয়খনক নিজৰ ঘৰৰ দৰে অনুভৱ কৰিব পাৰে । ৰেগিঙৰ সলনি কলম আৰু মৰমেৰে তেওঁলোকৰ শৈক্ষিক যাত্ৰাৰ আৰম্ভণি কৰাটোৱেই আমাৰ লক্ষ্য ।"
মৰিগাঁও মহাবিদ্যালয়ৰ এই পদক্ষেপে এতিয়া সচেতন মহলৰ পৰা ব্যাপক প্ৰশংসা বুটলিছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত যিসময়ত ৰেগিঙৰ নামত নৱাগতক নিৰ্যাতন চলোৱাৰ বাতৰি প্ৰকাশ পায়, তেনে সময়ত মৰিগাঁৱৰ এই 'কলম সংস্কৃতি'য়ে এক বলিষ্ঠ বাৰ্তা প্ৰেৰণ কৰিছে ।

সচেতন নাগৰিকৰ মতে, ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠানেই এনেধৰণৰ গঠনমূলক কাৰ্যসূচী অনুসৰণ কৰা উচিত, যাতে নৱপ্ৰজন্মই এক মুক্ত আৰু সুস্থ পৰিৱেশত শিক্ষা গ্ৰহণ কৰিব পাৰে । মৰিগাঁও মহাবিদ্যালয়ৰ এই প্ৰচেষ্টাই প্ৰমাণ কৰিলে যে মৰম আৰু সদিচ্ছাৰে যিকোনো কু-প্ৰথাক সমাজৰ পৰা আঁতৰাই পঠিয়াব পাৰি ।

