ETV Bharat / state

ৰাইজৰ ধনেৰে বিশ্বজিৎ দৈমাৰীয়ে ৫ বছৰত ৩৬ বাৰ বিদেশ ভ্ৰমণ কৰিছিল: এপিডব্লিউ

শান্তি জল চতিয়াই বিধানসভা পবিত্ৰ কৰিবলৈ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসলৈ অনুৰোধ এপিডব্লিউৰ ৷

Assam Public Works
বিশ্বজিৎ দৈমাৰীয়ে ৫ বছৰত ৩৬ বাৰ বিদেশ ভ্ৰমণ কৰিছিল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 31, 2026 at 4:55 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: অসম বিধানসভাত হোৱা নিযুক্তি, লেপটপ চুৰি, এচি চুৰিৰ কেলেংকাৰীক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ মাজতে অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ সন্দৰ্ভত বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে আছাম পাব্লিক ৱৰ্কছৰ নেতাই ৷ দেওবাৰে আছাম পাব্লিক ৱৰ্কছ চমুকৈ এপিডব্লিউৰ সভাপতি আভিজিৎ শৰ্মা আৰু সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰে সংবাদমেল সম্বোধন কৰি দুৰ্নীতিত জৰিত ব্যক্তিক গ্ৰেপ্তাৰৰ লগতে সঠিক তদন্তৰ বাবে বৰ্তমানৰ বিধানসভাৰ অধ্যক্ষলৈ কাতৰ অনুৰোধ জনায় ।

বিশ্বজিৎ দৈমাৰীয়ে ৫ বছৰত ৩৬ বাৰ বিদেশ ভ্ৰমণ প্ৰসংগত এপিডব্লিউৰ দুই নেতাই কয়, "ৰাইজৰ টকাৰে বিশ্বজিৎ দৈমাৰীয়ে ৫ বছৰত ৩৬ বাৰ বিদেশ ভ্ৰমণ কৰিছিল । ভেনিটি বাহন ক্ৰয় কৰিছিল ৷ গণতন্ত্ৰৰ মন্দিৰ অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ এই বিয়াগোম দুৰ্নীতি সংঘটিত কৰিছিল ।"

বিশ্বজিৎ দৈমাৰীয়ে ৫ বছৰত ৩৬ বাৰ বিদেশ ভ্ৰমণ কৰিছিল (ETV Bharat Assam)

বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ দিনত অবাধ হাৰত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি আছাম পাব্লিক ৱৰ্কছৰ দুই নেতাই কয়, "অএছডি সৌমেন বৰুৱা, অন্তিমা দেওৰা চেৰাউগী আৰু প্ৰাক্তন সচিব দুলাল পেগুৰ নেতৃত্বত লুণ্ঠন চলাইছিল । তেওঁলোকৰ সহযোগী আছিল বিশ্বজিৎ দৈমাৰীৰ ঘণিষ্ঠ মাধৱ ডেকা, যুটীয়া সচিব দীৰ্ঘা বৰুৱা ।"

এপিডব্লিউয়ে প্ৰকাশ কৰা তথ্যসমূহ নৱনিৰ্বাচিত অধ্যক্ষ ৰণজিত কুমাৰ দাসক তদন্ত কৰাৰ দাবী জনোৱাৰ লগতে তেওঁলোকে লগতে কয়, "অসম বিধানসভাক মাছৰ বজাৰত পৰিণত কৰিলে সৌমেন বৰুৱা এণ্ড কোম্পানীয়ে । এচকৰ্ট যোগান ধৰা এজন ব্যক্তি বিধানসভাৰ অধ্যক্ষৰ বিশেষ কৰ্তব্যৰত বিষয়া কৰিছিল বিশ্বজিৎ দৈমাৰীয়ে । সেনাবাহিনীৰ পৰা বিধানসভাই লাভ কৰা ভেনিটি ভেম বৰ্তমান জংঘলৰ মাজত পৰি আছে ।"

তেওঁলোকে লগতে কয়, "নতুন ভৱনৰ বিভিন্ন সামগ্ৰী যোগানৰ নামত কোটি কোটি টকা লুণ্ঠন হৈছিল । বিধানসভাত নিযুক্তিৰ নামতো সংঘটিত হৈছিল বৃহৎ অনিয়ম । বিধানসভা সচিবালয়ত প্ৰায় ১২৫ জন লোকক বিভিন্ন পদত নিযুক্তি দিয়া হৈছিল । ইয়াৰে ২৮ জন পোনপটীয়াকৈ দুলাল পেগুৱে নিযুক্তি দিছিল । সেয়ে ৰণজিত দাসে তদন্ত আৰম্ভ কৰক, আমি তথ্য যোগান ধৰিম ৷ গণতন্ত্ৰৰ মন্দিৰত চুৱা লগিছে, যজ্ঞ পাতি বা ভাল পুৰোহিত মাতি শান্তি জল চতিয়াই বিধানসভা পবিত্ৰ কৰিব ৷"

লগতে পঢ়ক:ধপাঁতমুক্ত অঞ্চল ঘোষণা কৰা নামত চাইনবৰ্ড আৰিয়ে দায়িত্ব সামৰিছে কোনে ?