ETV Bharat / state

চিন্তাৰ কাৰণ নাই, অক্ষত আছে ইভিএম ! প্ৰশাসনে আশ্বাস দি ক'লে- ষ্ট্ৰংৰূমত পানী সোমোৱা নাই

মহানগৰীৰ ষ্ট্ৰংৰূমত থকা ইভিএমসমূহ সম্পূৰ্ণ সুৰক্ষিত অৱস্থাত থকাটো নিশ্চিত কৰিছে কামৰূপ(মহানগৰ) জিলাৰ নিৰ্বাচনী বিষয়াই ৷

Guwahati artificial flood
ইভিএমৰ লগতে গুৱাহাটীৰ কৃত্ৰিম বানৰ ফাইল ফটো (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 20, 2026 at 5:26 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান পৰিস্থিতিৰ কথা সৰ্বজনবিদিত ৷ দেওবাৰে নিশা হঠাতে অহা এজাক মুষলধাৰ বৰষুণে বুৰাই পেলাই মহানগৰী গুৱাহাটীৰ বুকু ৷ যাৰ বাবে স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈ পৰে ৷

এই কৃত্ৰিম বান পৰিস্থিতিক কেন্দ্ৰ কৰি কেইবাটাও প্ৰশ্ন উত্থাপিত হৈছে ৷ সচৰাচৰ উত্থাপন হৈ অহা প্ৰশ্নবোৰৰ উপৰিও ইভিএমসমূহ সুৰক্ষিত নে অসুৰক্ষিত তাক লৈ প্ৰশ্ন উত্থাপন হৈছে ৷

এই সন্দৰ্ভত কোনো কোনো সংবাদ মাধ্যমে বাতৰিও সম্প্ৰচাৰ কৰিছিল ৷ যাৰ বাবে ইয়াৰ সুৰক্ষাক লৈ সামাজিক মাধ্যমত উদ্বেগৰ সৃষ্টি হোৱা দেখা গৈছে ৷ অৱশ্যে কামৰূপ(মহানগৰ) জিলাৰ নিৰ্বাচনী বিষয়াসকলে এনে কোনো উদ্বেগৰ কথা নাই বুলি জানিবলৈ দি ইভিএমসমূহ সম্পূৰ্ণ নিৰাপদে আছে বুলি ঘোষণা কৰে ৷

Guwahati artificial flood
জিলা নিৰ্বাচনী বিষয়াই জাৰি কৰা বিবৃতি (ETV Bharat Assam)

মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অৱস্থিত এই ষ্ট্ৰংৰূমত ৫ টাকৈ বিধানসভা সমষ্টি ক্ৰমে - ৩৩ নং দিছপুৰ বিধানসভা সমষ্টি, ৩৪ নং ডিমৰীয়া(সংৰক্ষিত), ৩৫ নং নিউ গুৱাহাটী, ৩৬ নং মধ্য গুৱাহাটী আৰু ৩৭ নং জালুকবাৰী বিধানসভা সমষ্টিৰ ইভিএম আৰু ভিভিপিএট মেচিনসমূহ ৰখা হৈছে ৷ কৃত্ৰিম বানৰ পিছতো সম্পূৰ্ণ অক্ষত অৱস্থাত আছে প্ৰতিটো ইভিএম আৰু ভিভিপিএট মেচিন ৷

ধাৰাসাৰ বৰষুণৰ ফলত ট্ৰেড চেণ্টাৰৰ চৌহদৰ কিছু কিছু অংশত পানী জমা হৈছিল যদিও বিষয়াসকলে মূল ভৱনটোত পানী সোমোৱা নাই বুলি জানিবলৈ দিয়ে ৷ এই পৰিস্থিতি সন্দৰ্ভত কামৰূপ(মহানগৰ)ৰ জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে এনেদৰে কয়, ‘‘চৌহদটোত জমা হোৱা পানী এতিয়া কমি গৈছে ৷ বাকী থকা পানীখিনি বাহিৰ কৰিবলৈ চৌহদটোত পাম্পিং সঁজুলিৰ ব্যৱস্থা কৰা হৈছে ৷’’

উল্লেখ্য যে, জিলাখনৰ নিৰ্বাচনী কাৰ্যালয়ে সোমবাৰে প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিয়ে যে এইক্ষেত্ৰত ২৪ ঘণ্টাই নিৰাপত্তাৰ ব্যৱস্থা আৰু সকলো নিৰ্ধাৰিত প্ৰট’কল কঠোৰভাৱে পালন কৰা হৈছে । নিৰ্বাচনী বিষয়াই কয়, ‘‘প্ৰতিটো ইভিএম, ভিভিপিএট মেচিনৰ লগতে নিৰ্বাচন সম্পৰ্কীয় সকলো নথি-পত্ৰৰ নিৰাপত্তা, সুৰক্ষা আৰু অক্ষতভাৱে সেইবোৰ জমা ৰখাটোৰ নিশ্চিতকৰণৰ বাবে আমি সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ ।’’

লগতে পঢ়ক: ভয়ংকৰ জলাশয়ত পৰিণত সমগ্ৰ গুৱাহাটী : নলাত পৰি প্ৰাণ গ'ল মহিলাৰ, স্কুল-কলেজ সকলো বন্ধ